• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এক কিলোগ্ৰাম ভাঙৰ বাবে ছিংগাপুৰত মৃত্যুদণ্ডৰ সন্মুখীন ভাৰতীয় মূলৰ টাংগাৰাজু চুপ্পাইয়া; বুধবাৰে হ’ব কাৰ্যকৰী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2023 7:43 pm
টাংগাৰাজু চুপ্পাইয়া। ফটো: সংগ্ৰহীত।

টাংগাৰাজু চুপ্পাইয়া। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ছিংগাপুৰৰ মৃত্যুদণ্ডপ্ৰাপ্ত এজন ভাৰতীয় মূলৰ লোকৰ পৰিয়ালে কৰ্তৃপক্ষৰ পৰা ক্ষমা বিচাৰি ৰায়টোৰ পুনৰ বিচাৰৰ আহ্বান জনায়। বুধবাৰে তেওঁৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ কথা।

২০১৮ চনত ড্ৰাগছ সৰবৰাহৰ ষড়যন্ত্ৰৰ অপৰাধত ৪৬ বছৰীয়া টাংগাৰাজু চুপ্পাইয়াক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল আৰু বুধবাৰে হ’বলগীয়া শাস্তি  আদালতে বাহাল ৰাখিছে।

টাংগাৰাজুৰ ভগ্নী লীলাৱতী চুপ্পাইয়াই সংবাদমেলত তামিল ভাষাত সাংবাদিকৰ আগত কয়, “আমি নাভাবো যে মোৰ ভাইটিৰ ন্যায়সংগত বিচাৰ হৈছে… মই নিশ্চিত যে ৰাষ্ট্ৰপতিয়ে আমাৰ সকলো আবেদন পঢ়ি চাব।”

লগতে পঢ়ক: আকৌ ট্ৰাম্প বনাম বাইডেন! ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আনুষ্ঠানিক ঘোষণা বাইডেনৰ

কান্দোনত ভাঙি পৰি তেওঁ কয়, “যৌৱন কালৰ পৰাই তেওঁ সকলোৰে প্ৰতি দয়ালু আৰু সকলোৰে প্ৰিয়, আৰু কেতিয়াও কোনো বেয়া কাম কৰা নাই… তেওঁ পৰিয়ালটোক সহায় কৰিবলৈ সকলো ত্যাগ কৰিছে।‘’

২০১৭ চনত টাংগাৰাজুক ১,০১৭.৯ গ্ৰাম ভাঙৰ “সৰবৰাহৰ ষড়যন্ত্ৰত লিপ্ত হ’বলৈ উচটনি দিয়াৰ” গোচৰত দোষী সাব্যস্ত কৰা হৈছিল, যিটো দেশখনৰ কঠোৰ ড্ৰাগছ আইন অনুসৰি মৃত্যুদণ্ডৰ নূন্যতম শাস্তিৰ পৰিমাণৰ দুগুণ।

অধিকাৰ কৰ্মী আৰু পৰিয়ালৰ লোকে কয় যে এই গোচৰত বহু সুৰুঙা আছিল আৰু টাংগাৰাজুৱে কেতিয়াও ড্ৰাগছ ব্যৱহাৰ কৰা নাছিল। তেওঁলোকে লগতে দাবী কৰে যে আৰক্ষীয়ে তেওঁক আইনী পৰামৰ্শ অবিহনে জেৰা কৰিছিল, আৰু তেওঁৰ প্ৰথম আৰক্ষীৰ বক্তব্য ৰেকৰ্ডিঙৰ সময়ত তেওঁৰ তামিল দোভাষীক নাকচ কৰা হৈছিল।

লগতে পঢ়ক: আই পি এলত দুৰ্দান্ত প্ৰদৰ্শন! ১৫ মাহৰ পিছত ৰাষ্ট্ৰীয় দললৈ প্ৰত্যাৱৰ্তন অজিংকা ৰাহানেৰ; আৰু কোন সোমাল দলত?

টাংগাৰাজুৰ ২৬ বছৰীয়া ভতিজী সুভাষিনী ইলাংগোৱে তেওঁৰ খুড়াক সাহসী আৰু বুধবাৰৰ বাবে তেওঁ “প্ৰস্তুত” যদিও তেওঁৰ মৃত্যু অন্যায় হ’ব বুলি কয়। “কিন্তু তেওঁৰ বিশ্বাস আছে যে ঈশ্বৰে তেওঁক সহায় কৰিব।”

সংবাদমেলত পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে আবেদনখনত স্বাক্ষৰ কৰে আৰু কৰ্মীসকলে আৱেদনসমূহ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে।

টাংগাৰাজু  চুপ্পাইয়াৰ পক্ষত অধিকাৰ কৰ্মীসকলে মাত মাতিছে। চুবুৰীয়া দেশ থাইলেণ্ডকে ধৰি বিশ্বৰ বহু ঠাইত ভাঙক অপৰাধমুক্ত কৰা হৈছে আৰু অধিকাৰ সংগঠনসমূহে ছিংগাপুৰৰ ওপৰত মৃত্যুদণ্ড বিলুপ্ত কৰাৰ বাবে হেঁচা বৃদ্ধি কৰিছে।

লগতে পঢ়ক: মোডীৰ সৈতেও আছিল ফটো; ছিডনীত ৫ গৰাকী মহিলাৰ ধৰ্ষণত দোষী সাব্যস্ত প্ৰাক্তন বিজেপি নেতা

এছিয়াৰ বিত্তীয় কেন্দ্ৰ দেশখনত বিশ্বৰ কিছুমান কঠোৰ নিচাযুক্ত দ্ৰব্য বিৰোধী আইন আছে আৰু কোৱা হৈছে যে মৃত্যুদণ্ড সৰবৰাহৰ বিৰুদ্ধে এক ফলপ্ৰসূ প্ৰতিৰোধক হৈ আছে।

ইপিনে, ছিংগাপুৰৰ চেন্ট্ৰেল নাৰ্কটিকছ ব্যুৰোৱে কয় যে টাংগাৰাজুৱে “গোটেই প্ৰক্ৰিয়াটোত আইনী পৰামৰ্শৰ সুবিধা লাভ কৰিছিল” আৰু ন্যায়াধীশে তেওঁৰ স্বীকাৰোক্তিক “ধূৰ্ততাপূৰ্ণ” বুলি বিবেচনা কৰিছিল, আৰু কোনো বক্তব্যৰ বাবে তেওঁ দোভাষীৰ বাবে কোনো অনুৰোধ কৰা নাছিল।

দুবছৰতকৈ অধিক সময়ৰ ব্যৱধানৰ পিছত ২০২২ চনৰ মাৰ্চ মাহত ছিংগাপুৰত ফাঁচীৰ ব্যৱস্থা পুনৰ আৰম্ভ হয়। যোৱা বছৰ এঘাৰজন লোকক মৃত্যুদণ্ড দিয়া হৈছিল। এই সকলোবোৰ ড্ৰাগছৰ অপৰাধৰ বাবে আছিল।

লগতে পঢ়ক: অত্যন্ত ‘;চিৰিয়াছ’ বিষয়; মল্লযুঁজাৰুসকলৰ FIR ল’বলৈ দিল্লী আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ফাঁচী দিয়াসকলৰ ভিতৰত নাগেথ্ৰন কে. ধৰ্মলিংগম নামৰ ব্যক্তিগৰাকীও আছিল যাৰ ফাঁচীৰ ফলত ৰাষ্ট্ৰসংঘ আৰু ব্ৰিটিছ ধনকুবেৰ ৰিচাৰ্ড ব্ৰেনছনকে ধৰি বিশ্বজুৰি ক্ষোভৰ সৃষ্টি হৈছিল। কিয়নো তেওঁক মানসিকভাৱে অক্ষম বুলি গণ্য কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

September 19, 2025 5:55 pm
NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

September 19, 2025 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

September 19, 2025 5:55 pm
NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd