• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অমিত শ্বাহৰ আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 29, 2023 12:20 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী তথা বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দেশৰ মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল৷ সেই পৰিপ্ৰেক্ষিততে অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক, বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী ভিনেশ ফ’গাটে যন্তৰ মন্তৰত ধৰ্ণাত বহি ব্রিজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

অৱশেষত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অমিত শ্বাহৰ আৰক্ষীয়ে ব্রিজ ভূষণৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে৷ কিন্তু ইয়াৰ মাজতে বজৰং পুনিয়াই দিল্লী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

মল্লযুঁজাৰুগৰাকীয়ে অভিযোগ কৰে যে দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ ধৰ্ণাস্থলীৰ বিদ্যুৎ যোগান কৰ্তন কৰে। কেৱল এয়াই নহয়, ধৰ্ণাস্থলীলৈ পানী আৰু আহাৰ লৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এই প্ৰতিবাদস্থলীৰ চাৰিওফালে বেৰিকেড লগাইছে।

লগতে পঢ়ক: টকাৰ বাহাদুৰী! ৩ লাখ টকীয়া কাপত চাহ খায় নীতা আম্বানীয়ে! কিয় এই কাপটোৰ ইমান দাম?

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰঙে কয়, ‘পুলিচে কৈছে, প্ৰতিবাদ কৰিব বিচাৰিলে ৰাজপথত শোৱা। আজি তেওঁলোকৰ ওপৰত কেনেধৰণৰ হেঁচা আহিছে? আগতে এনেকুৱা কোনো সমস্যা নাছিল, উচ্চতম ন্যায়ালয়ৰ হেঁচাতে এনেকুৱা হৈছে।’

ইপিনে, বজৰঙে তেওঁলোকৰ বাবে খাদ্য-পানী আনি থকাসকলক আৰক্ষীয়ে মাৰপিট কৰি খেদি দিয়াৰো অভিযোগো উত্থাপন কৰে। আৰক্ষীৰ এই আচৰণ দেখি বজৰং স্তম্ভিত হৈ পৰে। অৱশ্যে বজৰং পুনিয়াই কয় যে আৰক্ষী প্ৰশাসনে যিমানেই অত্যাচাৰ নকৰক কিয় ন্যায় নোপোৱালৈকে আমি আন্দোলন অব্যাহত ৰাখিম।

আনহাতে, অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিকৰ স্বামী তথা মল্লযুঁজাৰুগৰাকীয়ে কয়, ‘অৱশেষত এফ আই আৰ পঞ্জীয়ন হোৱাটো ভাল কথা। কিন্তু এফ আই আৰৰ পৰা আমি কি পাম? এফ আই আৰ-য়ে আমাক ন্যায় দিব? দিল্লী আৰক্ষীয়ে প্ৰথম দিনাই এফআইআৰ দাখিল কৰিব লাগিছিল। আমাৰ কাগজে-কলমে যুদ্ধ আৰম্ভ হৈছে মাত্ৰ। আমাৰ আইনী দল আৰু প্ৰশিক্ষকসকলে কি কয় চাওঁ। আমাৰ দাবী হৈছে মল্লযুঁজক ৰাজনীতিৰ পৰা পৃথক কৰি আমাৰ মহিলা মল্লযুঁজাৰুসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা।’

লগতে পঢ়ক: মনত ৰাখিব! চতুৰ মানুহ তেৱেঁই যিয়ে এই তিনিটা কথা গোপনে ৰাখিব পাৰে

ইপিনে, দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে মল্লযুঁজাৰুৰ সৈতে দিল্লী আৰক্ষীৰ আচৰণ সন্দৰ্ভত টুইট কৰে। তেওঁ টুইট কৰি কয়, ‘৬ দিন ধৰি এফআইআৰ দাখিল কৰা হোৱা নাছিল। এতিয়া বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। প্ৰতিবাদকাৰীক খাদ্য আৰু পানীৰ পৰা বঞ্চিত কৰা হৈছে। হয়তো অতি অত্যাচাৰী শাসকেও নিজৰ বিৰোধীৰ লগত এনে নকৰিলেহেঁতেন। কিন্তু এইটোৱেই আমাৰ গণতন্ত্ৰ, আৰু এইসকল আমাৰ অলিম্পিক চেম্পিয়ন।’

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd