প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব’ত পুনৰ দেখা গ’ল বৃহৎ নিৰাপত্তাৰ ত্ৰুটী। এইবাৰ ঘটনা কৰ্ণাটকত। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোডীক লক্ষ্য কৰি নিক্ষেপ কৰা হ’ল মোবাইল ফোন। কোনোমতে তেওঁ ৰক্ষা পৰিল। ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰে পৰাই প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।
১০ মে’ত কৰ্ণাটকত বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে দেওবাৰে প্ৰধানমন্ত্ৰী মোডী মহীশূৰত নিৰ্বাচনী প্ৰচাৰত উপস্থিত হয়। তাতে সন্ধিয়া হুড মুক্ত গাড়ী এখনত উঠি ৰোড শ্ব’ত গৈ আছিল। তেওঁৰ সৈতে প্ৰাক্তন মন্ত্ৰী কে এছ ঈশ্বৰপ্পা আৰু বিজেপিৰ কেইবাজনো নেতা উপস্থিত থাকে।
লগতে পঢ়ক: আজি ১ মে : আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস; কিয় পালন কৰা হয় এই দিৱস?
মোদীৰ কনভয় কে আৰ চাৰ্কলৰ ওচৰ পাওঁতে দেখা গ’ল ভিৰৰ মাজৰ পৰা তেওঁলৈ লক্ষ্য কৰি উৰি আহিছে এটা মোবাইল ফোন। অলপৰ বাবে সেইটোৱে তেওঁৰ মুখত নালাগিল। তেওঁৰ কোনো আঘাত পোৱা নাই। বিজেপি শাসিত ৰাজ্যসমূহত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এনে সুৰুঙাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে ফোনটো উদ্ধাৰ কৰিছে। ফোনটো কাৰ, কি উদ্দেশ্যত নিক্ষেপ কৰা হৈছে সেই কথা জানিবলৈ চেষ্টা কৰা হৈছে। সমগ্ৰ ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ইপিনে, কৰ্ণাটকত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ দলৰ অন্তৰ্কন্দলক লক্ষ্য কৰি লয় মোডীয়ে। লগতে ৰাজ্যৰ বেলুৰত অনুষ্ঠিত জনসভাৰ পৰা জনতা দল চেকুলাৰৰ এইচ ডি কুমাৰস্বামীকো আক্ৰমণ কৰে।
লগতে পঢ়ক: আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? কৈ দিছে চাণক্য নীতিয়ে
তেওঁ কয়, কংগ্ৰেছ আৰু জেডিএছৰ কোনো স্থিতিশীলতা নাই। কংগ্ৰেছ য’তেই ক্ষমতাত আছে তাতেই নেতাৰ মাজত অন্তৰ্যুদ্ধ হয়। ৰাজস্থান আৰু ছত্তীশগড়ৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে বিভিন্ন প্ৰতিশ্ৰুতি দিছিল। কিন্তু দলৰ অন্তৰ্কন্দলৰ বাবে সেই প্ৰতিশ্ৰুতিবোৰ মিছা প্ৰতিশ্ৰুতিলৈ পৰিণত হ’ল।