বিশ্বজুৰি শ্ৰমিকৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে আজি পালন কৰি থকা হৈছে শ্ৰমিক দিৱস। ইয়াৰ মাজতেই আজি তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এটা নুডুল ফেক্টৰীত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা।
নুডল ফেক্টৰীত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত দুগৰাকী মহিলা আৰু এগৰাকী নাবালিকা আহত হৈছে।
তালাপ বালি বাজাৰ অঞ্চলত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ঘটনাৰ পিছতে আহত তিনিওগৰাকীকে চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হৈছে।
সৌভাগ্যক্ৰমে স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে অধিক ক্ষতি হোৱাৰ আগেয়েই জুইকুৰা নুমুৱাবলৈ সক্ষম হয়।
ইয়াৰ পূৰ্বে কালি নিশা হোজাই জিলাৰ সাতটা ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যায়। এই বৃহৎ অগ্নিকাণ্ডত কোটি কোটি টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি অনুমান কৰা হৈছে।
ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে হোজাই, ডবাকা আৰু লংকা অগ্নিনিৰ্বাপক বাহিনীৰ ৫ খন অগ্নিনিৰ্বাপক গাড়ী সেই স্থানত উপস্থিত হয়। আৰক্ষীৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে এই বৃহৎ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই ঘটনাত কোনো লোক হতাহতি হোৱা নাই।