প্ৰিয়ংকা চোপ্ৰাই প্ৰকাশ কৰিলে নিজৰ জীৱনৰ এক গোপন কাহিনী। তেওঁ কয় যে তেওঁ মাত্ৰ ১৬ বছৰ বয়সতে যেতিয়া আমেৰিকাৰ পৰা ঘৰলৈ উভতি আহিছিল, তেতিয়া তেওঁৰ পিতৃ অশোক চোপ্ৰাই তেওঁলোকৰ ঘৰৰ খিৰিকীত গ্ৰীল লগাইছিল।
এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে এবাৰ তেওঁলোকৰ ঘৰৰ বেলকনিত উঠি এজন ল’ৰা পৰিছিল। তেতিয়াৰ পৰাই তেওঁৰ পিতৃ আতংকিত হৈ পৰে। এই ঘটনাৰ পিছত দেউতাকে তেওঁক ঢিলা কাপোৰ পিন্ধিবলৈ কয়। ভাৰতীয় পোছাক পিন্ধিবলৈ কয়।
অভিনেত্ৰীগৰাকীয়ে কয় যে তেতিয়া তেওঁৰ হাতত কোনো ঢিলা কাপোৰ নাছিল। বাধ্য হৈ জিন্সৰ সৈতে দেউতাকৰ টি-চাৰ্ট পিন্ধিবলৈ লয়। অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে আগতে সকলোৱে তেওঁৰ পোছাকৰ বিষয়ে কথা পাতিছিল।
হাৱাৰ্ড ষ্টাৰ্ম শ্ব’ত অভিনেত্ৰীগৰাকীয়ে কয়, ‘’মোৰ দেউতাই যেতিয়া মোৰ বয়স মাত্ৰ ১২ বছৰ আছিল তেতিয়াই মোক বিদেশত পঢ়িবলৈ পঠিয়াইছিল। মই তাত গৈয়েই চুটি সাজ-পোছাক পিন্ধি চুলি কাটিবলৈ গৈছিলো। তাৰ পিছত ১৬ বছৰ বয়সত আমেৰিকান হৰম’ন, খাদ্যাভ্যাস আদি লৈ ঘৰলৈ উভতি আহোঁতে মই এগৰাকী ভৰুণ যুৱতী হৈছিলোঁ, ভবাতকৈ বহুত ডাঙৰ হৈছিলোঁ।”
তেওঁ কয়,”দেশৰ আমাৰ সৰু চহৰখনলৈ উভতি আহোঁতে কেইবাজনো ল’ৰাই ৰাস্তাত ওলালেই মোৰ পিছে পিছে মোক অনুসৰণ কৰিছিল। এজনেতো নিশা একেবাৰে বেলকনিত উঠি পৰি গৈছিল। দেউতাই ইমান ভয় খাইছিল যে বাধ্য হৈ খিৰিকীবোৰত গ্ৰীল লগাইছিল। তেওঁ মোক কৈছিল জিন্স নহয়, ভাৰতীয় কাপোৰ চুৰিদাৰ পিন্ধা। মই য’তেই নাযাওঁ, মোৰ লগত ড্ৰাইভাৰ এজন লগত গৈছিল। তাৰপিছতে মই মোৰ কেৰিয়াৰত প্ৰৱেশ কৰিলোঁ। দেউতাৰ বাবে মোৰ বৰ বেয়া লাগে।’’
প্ৰিয়ংকাই লগতে কয়, ‘’তেতিয়া মই ইয়াৰ গুৰুত্ব বুজি পোৱা নাছিলো। মই নিজকে অজেয় বুলি ভাবিছিলো। এতিয়া মই যেতিয়া ভাবো, এইটো ভাবি অবাক হৈ যাওঁ যে মই সেয়া কি কৰিছিলোঁ! আগতে মই ভাবিছিলোঁ যে মই যি বিচাৰো তাকেই কৰিব পাৰিম। কিন্তু সেইদিনা ৰাতি ঘৰৰ বাহিৰৰ বেলকনিত এজনক দেখি চিঞৰি চিঞৰি দেউতাৰ ওচৰলৈ দৌৰি আহিছিলোঁ। দেউতা অহাত লোকজন পলাই গ’ল যদিও দেউতাই ক’লে যে মই কঠোৰ নিয়ম মানি চলিব লাগিব। জীৱনৰ সেই দুবছৰত মই বৰ অহংকাৰী হৈ পৰিছিলোঁ।’’
প্ৰিয়ংকাহঁত দুই ভাই-ভনী। ভায়েকৰ নাম সিদ্ধাৰ্থ চোপ্ৰা। ২০১৩ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীৰ পিতৃৰ মৃত্যু হয়। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিক জ’নাছৰ সৈতে বিবাহিত আৰু তেওঁ আৰু তেওঁলোকৰ সন্তানৰ সৈতে আমেৰিকাত থাকে।