• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তথাকথিত ভদ্ৰলোকৰ কীৰ্তি! ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে ‘তোলনীয়া’ কন্যাক চলাইছিল যৌন নিৰ্যাতন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2023 10:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীস্থিত চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ ‘তোলনীয়া’ কন্যাক চলোৱা হৈছিল যৌন নিৰ্যাতন। ভুক্তভোগী নাবালিকাগৰাকীৰ প্ৰয়োজনীয় চিকিৎসা পৰীক্ষাৰ অন্তত এই কথা নিশ্চিত হৈছে বুলি অসম আৰক্ষীয়ে জনায়।

গুৱাহাটী আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই উল্লেখ কৰে যে অপৰাধৰ ‘চিন্তনীয়’ স্বৰূপটো মনত ৰাখি অসম আৰক্ষীয়ে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰৰ (এছ পি পি) নিযুক্তি বিচাৰিব।

গুৱাহাটী আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে অৱগত কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙে এই গোচৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

Apply Now

লগতে পঢ়ক: SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী; অভিযুক্ত IAS বিষয়া শেৱালী দেৱী শৰ্মাক গ্ৰেপ্তাৰ

চিকিৎসাৰ প্ৰতিবেদনৰ ভিত্তিত চিকিৎসক দম্পতীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

গুৱাহাটী আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই কয়, ‘চিকিৎসা প্ৰতিবেদনত নাবালিকা গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে।

তেওঁ লগতে কয়, ‘চিকিৎসক দম্পতীয়ে পূৰ্বে দাবী কৰিছিল যে তেওঁলোক ভুক্তভোগী ছোৱালী আৰু নাবালক ল’ৰাৰ জৈৱিক পিতৃ-মাতৃ। অৱশ্যে আমাৰ তদন্তত সেই দাবী মিছা আছিল বুলি পোহৰলৈ আহিছে।”

শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুৱাহাটীৰ প্ৰখ্যাত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দেওবাৰে কামৰূপ-মেট্ৰ’ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ডাঃ সংগীতা দত্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক: কেৰালাত পৰ্যটকৰ নাও দুৰ্ঘটনাগ্ৰস্ত হৈ ২২ জনৰ মৃত্যু; দুই লাখ টকাকৈ ক্ষতিপূৰণৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ

উল্লেখ্য যে নাবালিকা ছোৱালীজনীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱা ডাঃ সংগীতা দত্তক মেঘালয়ৰ ৰিভয় জিলাৰ উমছনিঙৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

তদুপৰি, একেটা গোচৰতে ড০ সংগীতা দত্তৰ স্বামী ডাঃ ৱালিউল ইছলাম আৰু তেওঁলোকৰ বনকৰা মহিলা লক্ষ্মী ৰায়কো গ্ৰেপ্তাৰ কৰা হয়।

ইপিনে, অভিযুক্ত ডাঃ সংগীতা দত্তই তেওঁক গ্ৰেপ্তাৰ কৰা এই গোচৰৰ সন্দৰ্ভত কেইবাটাও আচৰিত বিষয় সদৰী কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ জেৰাৰ অন্তত ডাঃ সংগীতা দত্তই সদৰী কৰে যে ভুক্তভোগী নাবালিকা ছোৱালীজনী তেওঁৰ সন্তান নহয়।

ভুক্তভোগী ছোৱালীজনী আৰু তেওঁৰ যমজ ভাতৃক ২০১৯ চনত এগৰাকী মহিলাই গুৱাহাটীত চিকিৎসক দম্পতীৰ হাতত “গতাই দিছিল” বুলি দাবী কৰে।

অসম আৰক্ষীৰ তথ্য অনুসৰি ড০ দত্তই স্বীকাৰ কৰে যে তেওঁ পূৰ্বেও ভুক্তভোগী নাবালিকা ছোৱালীজনীৰ জন্মৰ বাবে আইভিএফ চিকিৎসাৰ ব্যৱহাৰৰ বিষয়ে মিছা কথা কৈছিল।

লগতে পঢ়ক: বিজেপিয়েই জিকিব চৌবিশৰ লোকসভাত : ডিব্ৰুগড়ত অমিত শ্বাহৰ ভৱিষ্যতবাণী

উল্লেখ কৰিব পাৰি যে ড০ সংগীতা দত্তৰ স্বামী ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে পূৰ্বতেও শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল।

২০১৭ চনত তেওঁ শিশু সুৰক্ষা আয়োগৰ সন্মুখত একেধৰণৰ গোচৰত হাজিৰ হৈছিল য’ত আয়োগে তেওঁৰ বিৰুদ্ধে ৰায় দিছিল।

ইয়াৰ উপৰিও পূৰ্বে ডাঃ ৱালিউলৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন পত্নী আৰু তেওঁলোকৰ সন্তানক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰাৰ আন এক অভিযোগ উত্থাপন হৈছিল।

আনহাতে, অসমৰ শিশু অধিকাৰ কৰ্মী মিগেল দাস কুৱেহে কয় যে – “এক পুংখানুপুংখ তদন্ত আৰু শক্তিশালী চাৰ্জ-শ্বীটৰ জৰিয়তেহে কণমানি কন্যা শিশুটিয়ে ন্যায় পোৱাটো নিশ্চিত হ’ব”।

কুৱেহে কয়, “সৰু শিশুটিৰ নিতম্ব পোৰা দাগ, গুপ্তাংগত পোৰা দাগ, গোটেই শৰীৰত ঘাঁ আৰু জ্বলা-পোৰাৰ চিন আছে।‘’

লগতে পঢ়ক: চাণক্য নীতি: এনে বন্ধুৰ পৰা সাৱধান হওক, নহ’লে হ’ব পাৰে ডাঙৰ বিপদ

তেওঁ কয়,“আপুনি কল্পনা কৰিব পাৰেনে যে ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত কেনেকুৱা দানৱ? তেওঁলোক যদি আইনৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় তেন্তে মই সকলো বিশ্বাস হেৰুৱাম।’’

তেওঁ লগতে কয়, “মই আচৰিত হৈ পৰিছো যে তাইৰ শৰীৰ আৰু আত্মাৰ ওপৰত হোৱা এই সকলোবোৰৰ পিছতো কেনেকৈ কণমানিটোৰ মুখত হাঁহি এটা ফুটি উঠিব।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd