মৰিগাঁও জিলাৰ বৰামাৰী অঞ্চলত সোমবাৰে এগৰাকী মহিলাই এজন পুৰুষৰ ব্যক্তিগত অংগ ছিঙি পেলায়।
মহিলাগৰাকীয়ে ধৰ্ষণ কৰাৰ অভিযোগত আত্মৰক্ষাৰ বাবেই এনে কৰা বুলি দাবী কৰে।
ধৰ্ষণ কৰিব খোজা ব্যক্তিগৰাকীৰ নাম ওচমান আলী।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি সেই অঞ্চলটোত দীৰ্ঘ সময় ধৰি বেজ-বেজালিৰে ৰাইজৰ চিকিৎসা কৰি আহিছিল ওচমানে।
সূত্ৰ অনুসৰি, মহিলাগৰাকীয়েও কিছুদিন ধৰি ওচমানৰ ওচৰত চিকিৎসা কৰি আছিল। সেই সূত্ৰেই ওচমানৰ ঘৰলৈ চিকিৎসা কৰাবলৈ গৈছিল মহিলাগৰাকী।
লগতে পঢ়কঃ লক্ষ্মী লাভ ! ৰাজস্থানৰ মাটিৰ তলত ওলোৱা সম্পদে ধনী কৰিব ভাৰতক
সেই সুযোগতে দৰ্জা বন্ধ কৰি অসৎ কাম কৰিব খুজিছিল ওচমানে। চেগ চাই মহিলাগৰাকীয়ে আত্মৰক্ষাৰ বাবে ছিঙি পেলালে ওচমানৰ যৌনাংগ।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মৰিগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে যে ধৃত ওচমানক চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লগতে মহিলাগৰাকীৰো চিকিৎসা পৰীক্ষা কৰা হৈছে।
লগতে পঢ়কঃ জোকৰ মুখত চূণ! প্ৰধান মন্ত্ৰীক উদ্দেশ্যি কি লিখিলে প্ৰাক্তন আই পি এছ বিষয়াই?