অসম চৰকাৰৰ ৫১ হাজাৰ পদত আৰম্ভ হোৱা নিযুক্তি প্ৰক্ৰিয়াত সৃষ্টি হোৱা অ’ভাৰলেপিঙৰ সমস্যা সমাধানৰ নামত মিছা কথাৰ আশ্ৰয় লৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অ’ভাৰলেপিঙৰ ফলত ৫১,৩৯৭ টা খালী পদৰ সলনি মাত্ৰ ২০-২৫ হাজাৰ টা মান পদতহে নিযুক্তি পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। চৰকাৰে ব্যাপক প্ৰচাৰৰ মাজেৰে এক লাখ নিযুক্তিৰ যি শ্লোগান দি আহিছে সেয়া যে ফুটুকাৰ ফেনত পৰিনত হ’ব সেয়া শেহতীয়া ঘটনাই প্ৰমাণিত হ’ব ধৰিছে।
ডি ৱাই এফ আইয়ে পূৰ্বৰে পৰা অ’ভাৰলেপিঙৰ সমস্যা সমাধান কৰি এটাও যাতে পদ খালী হৈ নাথাকে তাৰ বাবে ৱেটিং লিষ্টৰ ব্যৱস্থা কৰাৰ লগত গোটেই পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতাৰ বাবে প্ৰাপ্ত নম্বৰসহ কাট অফ নম্বৰ প্ৰকাশৰ দাবী জনাই আহিছিল। কিন্তু কালি সংবাদ মেল যোগে মুখ্যমন্ত্ৰীয়ে উচ্চবাচ্য কৰি অ’ভাৰলেপিঙৰ সমস্যা অস্বীকাৰ কৰাৰ লগতে ৱেটিং লিষ্টৰ ব্যৱস্থা The Assam Fiscal Responsibility and Budget Mangement Act-2005 (FRBM) আইন অনুসৰি কৰিব পৰা নাযায় বুলি ঘোষণা কৰে।
লগতে পঢ়কঃ অপাৰ ধৈৰ্য শক্তি : এচি ৰুমত পিতৃৰ মৃতদেহ থৈ পৰীক্ষা দিবলৈ গ’ল কন্যা
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যে স্ব-বিৰোধৰ আশ্ৰয় লৈছে আৰু যৱক-যুৱতীসকলক প্ৰতাৰণা কৰা কৰাৰ বাবে আগবাঢ়িছে সেয়া স্পষ্ট। উল্লেখযোগ্য যে অসম চৰকাৰৰ অধীনৰ গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি বিভিন্ন কোৰ্ট, ট্ৰিব্যুনেল আদিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ৱেটিং লিষ্ট প্ৰকাশ কৰিছিল। এনে ক্ষেত্ৰত অসম চৰকাৰে ৱেটিং লিষ্ট প্ৰকাশ কৰিব নোৱাৰাৰ কোনো যুক্তি নাই। কাৰণ এজন প্ৰাৰ্থীয়ে য’ত ৩০/৪০ টাকৈ পদৰ বাবে নিৰ্বাচিত হৈ মাত্ৰ এটা পদ যোগদান কৰি আৰু বাকী পদ বোৰ খালী হৈ পৰি থাকিব। এজন প্ৰাৰ্থীয়ে প্ৰাদেশিকীকৃত হাইস্কুল, চৰকাৰী হাইস্কুল, প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি চাৰিটা পদত নাম আহিছে। এনে বহু প্ৰাৰ্থী আছে যাৰ হাইস্কুলৰ বিজ্ঞান শাখাৰ লগতে হিন্দী শাখাটো নাম আহিছে। হাইস্কুল শিক্ষকৰ বাচনি তালিকাত নাম অহা বহু প্ৰাৰ্থীৰ তৃতীয় বিভাগৰ পদতো নাম আহিছে। এনে প্ৰাৰ্থীৰ বেছি ভাগেই এটা পদ ৰাখি বাকী পদৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিব বিচাৰে। কিন্তু চৰকাৰে জানি-শুনিও তেনে কোনো ব্যৱস্থা কৰা নাই। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ অ’ভাৰলেপিঙৰ কথা ইতিমধ্যে বিস্তৃত প্ৰকাশ পাইছে।
লগতে পঢ়কঃ মণিপুৰৰ হিংসা : প্ৰাক্তন ডিজিপি হৰেকৃষ্ণ ডেকাৰ নেতৃত্বত SIT তদন্ত বিচাৰি ট্ৰাইবেল ফ’ৰাম
আচৰিত কথা হৈছে চৰকাৰে নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া বুলি দাবী কৰাৰ সময়তে নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰ, কাট অফ নম্বৰসহ কোনো নাম-তালিকা প্ৰকাশ নকৰিলে। এইবোৰ কথা এটা কথাই প্ৰমাণ কৰে যে চৰকাৰে এক লাখ বা একৱান্ন হাজাৰৰ নিযুক্তি এক ৰাজনৈতিক প্ৰচাৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে আৰু প্ৰকৃততে নিযুক্তি পোৱা প্ৰকৃত যুৱক-যুৱতীৰ সংখ্যা ২০/২৫ হাজাৰৰ ভিতৰতে সীমিত কৰি ৰাখিব বিচাৰিছে।
নিবনুৱা যুৱক-যুৱতীৰ জীৱনক লৈ এই প্ৰতাৰণাৰ খেল নেখেলিবলৈ ড°হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ ডি ৱাই এফ আইয়ে শকীয়াই দিছে।
ডি ৱাই এফ আইয়ে পূৰ্বতেও যুক্তি দাঙি ধৰি কৈছে যে চৰকাৰৰ আইন “The Assam Direct recruitment for class III and class IV Analogous post Rules, 2022” ৰ ১২ নং অনুচ্ছেদৰ ৩ নং দফাত থকা ব্যৱস্থাৰ ভিত্তিতো ৱেটিং লিষ্টৰ ব্যৱস্থা কৰিব পাৰে। এই আইন অনুসৰি বিজ্ঞাপন দিয়া পদসমূহ পূৰণ নহ’লে পৰৱৰ্তী তালিকাৰ ব্যৱস্থা কৰিব পাৰে। সেয়ে অতি শীঘ্ৰে এক কেবিনেট সিদ্ধান্তৰ জৰিয়তে পৰীক্ষাত অৱতীৰ্ণ হোৱা যুৱক-যুৱতীৰ ফলাফলৰ ভিত্তিত পৰৱৰ্তী তালিকা প্ৰস্তুত কৰা উচিত আৰু খালী ৰৈ যোৱা পদত নিযুক্তি দিয়া উচিত।
লগতে পঢ়কঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান