• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেজৰিৱালৰ হাতত ‘পৰাস্ত’ কেন্দ্ৰ; দিল্লী ‘চলোৱাৰ’ যুঁজত পালে বৃহৎ জয়: ৰায় উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 11, 2023 2:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী প্ৰশাসন চলোৱাক লৈ কেন্দ্ৰ আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ সৈতে হোৱা যুঁজত অৰবিন্দ কেজৰিৱালে বৃহৎ জয় লাভ কৰিলে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বৃহস্পতিবাৰে সৰ্বসন্মতিক্ৰমে কয় যে আইন-শৃংখলা আৰু ভূমিৰ বাহিৰে সকলো বিষয়তে দিল্লী চৰকাৰৰ ক্ষমতা থাকিব।

কোৱা হয় যে এইখন ৰাইজে নিৰ্বাচন কৰা চৰকাৰ। লেফটেনেণ্ট গৱৰ্ণৰে কেৱল ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ক্ষমতাহে প্ৰয়োগ কৰিব পাৰিব। লগতে উচ্চতম ন্যায়ালয়ে কয় যে গণতান্ত্ৰিক গাঁথনিত প্ৰকৃত প্ৰশাসনিক ক্ষমতা অৱশ্যে নিৰ্বাচিত চৰকাৰৰ হাতত থাকিব লাগিব।

লগতে পঢ়ক: পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰিব উদ্ধৱ থাকৰে – উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Apply Now

কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীত কাৰ ক্ষমতা আছে – দিল্লী চৰকাৰ নে কেন্দ্ৰীয় চৰকাৰৰ (লেফটেনেণ্ট গৱৰ্ণৰৰ জৰিয়তে) তাক লৈ দীৰ্ঘদিন ধৰি টনা আজোৰা চলি আহিছে। বৃহস্পতিবাৰে এই গোচৰৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক কেজৰিৱালৰ আম আদমী পাৰ্টিৰ বাবে এক বৃহৎ ‘বিজয়’ হিচাপে দেখা গৈছে। কাৰণ কেজৰীক আইন-শৃংখলা আৰু ভূমিৰ বাহিৰে সকলো প্ৰশাসনিক বিষয়ৰ ওপৰত ক্ষমতা দিয়া হৈছে। অৰ্থাৎ দিল্লী আৰক্ষীৰ ক্ষমতা কেন্দ্ৰৰ হাতত (যেনেকৈ এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত) ৰৈ গৈছে।

এই ক্ষমতা কিয় দিল্লী চৰকাৰক দিয়া হৈছে সেই কথাও উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰিছে। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে দিল্লী যদিও কেন্দ্ৰীয় শাসিত অঞ্চল, ই যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ অংশ। ৰাজ্যৰ প্ৰশাসন যাতে কেন্দ্ৰীয় চৰকাৰৰ হাতত নপৰে সেইটো নিশ্চিত কৰিব লাগিব।’

লগতে পঢ়ক: আদালতত ইমৰাণ খানৰ বিস্ফোৰক অভিযোগ, ‘বিষাক্ত বেজী দি হত্যাৰ চেষ্টা কৰা হৈছে’

এই প্ৰসংগতে মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনক যদি নিজৰ বিষয়াক নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ দিয়া নহয়, তেন্তে জবাবদিহিতাৰ সমগ্ৰ বিষয়টোৱেই অকামিলা হৈ পৰিব। যদিহে বিষয়াসকলে অনুভৱ কৰে যে তেওঁলোকৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই, তেন্তে জবাবদিহিতা দুৰ্বল হৈ পৰিব। ইয়াৰ প্ৰভাৱ পৰিব শাসন ব্যৱস্থাত।

উল্লেখ্য যে দিল্লীত আপ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত ২০১৫ চনৰ মে’ মাহত কেন্দ্ৰই এক অধিসূচনা জাৰি কৰি দ্বিতীয় অনুসূচীৰ ‘এন্ট্ৰি ৪১’ (ৰাজ্যৰ হাতত ক্ষমতা)ৰ অধীনত দিল্লী চৰকাৰৰ বিধিগত ক্ষমতাৰ পৰা ‘ৰাজহুৱা সেৱা’ আঁতৰাই পেলাইছিল। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্যখনে ‘ৰাজহুৱা সেৱা’ৰ সম্পৰ্কত লাভ কৰিবলগীয়া বিধান আৰু প্ৰশাসনিক ক্ষমতা অক্ষুণ্ণ থাকিব।

লগতে পঢ়ক: Karnataka Exit Poll 2023: ৰিপাব্লিক টিভিৰ সমীক্ষাত কৰ্ণাটকত কংগ্ৰেছ পুনৰ ক্ষমতালৈ অহাৰ ইংগিত

উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কয় যে সংবিধানৰ ২৩৯ এ এ অনুচ্ছেদৰ অধীনত বিশেষভাৱে বাদ দিয়া বিষয়সমূহহে কেন্দ্ৰৰ হাতত থাকিব। মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ উপৰিও বিচাৰপীঠত ন্যায়াধীশ এম আৰ শ্বাহ, ন্যায়াধীশ কৃষ্ণ মুৰাৰী, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ পি এছ নৰসিংহও আছিল। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd