• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোদী মিডিয়াৰ পৰা গোদী চিনেমালৈ, মিছা তথ্যৰে চিনেমা নিৰ্মাণৰ আঁৰৰ ৰাজনীতি

সপোন বৰা by সপোন বৰা
May 13, 2023 5:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোদী মিডিয়াৰ দৰেই ভাৰতত জন্ম হ’ল নেকি গোদী চিনেমাৰ? সামাজিক পৰিকাঠামো প্ৰভাৱিত হ’ব নেকি কেৰালা ষ্ট’ৰিৰ দ্বাৰা!  প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ গেৰুৱা শিবিৰে কৰিছে দ্য কেৰালা ষ্ট’ৰি চিনেমাৰ প্ৰচাৰ! কেৰালা ষ্ট’ৰিৰ পৰিচালকৰ দাবী কিমান সত্য, কিমান শুদ্ধ?

বক্স অফিচত চলচ্চিত্ৰ নিৰ্মাতাই উপাৰ্জন কৰক বা নকৰক, ৰাজনৈতিক ক্ষেত্ৰত কিন্তু ঠিকেই মুনাফা লুটিবলৈ সক্ষম হৈছে এখন বিশেষ চিনেমা। যিখন চিনেমাৰ প্ৰচাৰত নামিছে খোদ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। চিনেমাখনৰ নাম দ্য কেৰালা ষ্টৰি।

সম্প্ৰতি চিনেমাক যেন ব্যৱহাৰ কৰা হৈছে ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবেহে৷ চিনেমাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ ইতিহাসৰ পৃষ্ঠা লুটিয়ালে দেখা যায়৷ জাৰ্মানীত একনায়কত্ববাদী নাজী ক্ৰুৰ গণহত্যাকাৰী এডলফ হিটলাৰৰ জামানাতো চিনেমাক প্ৰপগাণ্ডা বিয়পাবলৈ টুলকিট হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ হিটলাৰে তেওঁৰ আত্মজীৱনীত মেইন কাম্ফত বিগ লাই- অৰ্থাৎ বৃহৎ মিথ্যা প্ৰক্ৰীয়াৰ অৱতাৰণা কৰিছিল৷ হিটলাৰে ডাঙৰ মিছা ক’বলৈ কৈছিল, আৰু হিটলাৰৰ প্ৰপ’গাণ্ডা মন্ত্ৰী যোচেফ গোৱেলছে ক’লে এটা মিছা কথা এশবাৰ ক’লে মানুহে তাক সত্য বুলি ভাবিব৷ তাৰ পাছতেই নাজী জাৰ্মানীত হিটলাৰৰ গোলামত পৰিণত হোৱা সংবাদ মাধ্যম আৰু চিনেমা নিৰ্মাতাই জাৰ্মানীত বাস কৰা ইহুদি সকলক জাৰ্মান জাতীৰ শত্ৰু হিচাপে প্ৰদৰ্শন কৰাত আত্মনিয়োগ কৰিলে৷ Storm Trooper Brand, The Victory of Faith, Refugees, The Red Terror আদি এনে জাৰ্মান প্ৰপ’গাণ্ডা চিনেমাৰ উদাহৰণ৷ ভাৰততো প্ৰপ’গাণ্ডা চিনেমাৰ নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছে৷ সেয়া লাগিলে দ্য কাশ্মীৰ ফাইলছ হওঁক অথবা সদ্য মুক্তিপ্ৰাপ্ত দ্য কেৰালা ষ্ট’ৰি৷

এই অভিযোগ এইকাৰণেই উত্থাপিত হৈছে কিয়নো সমাজৰ এটা  বিশেষ শ্ৰেণীক টাৰ্গেটত লৈ নিৰ্মাতাই ছবিখন কৰিছে বুলি নেটিজেন সকলে প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে৷ কেৱল সাধাৰণ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়েই নহয়, কেৰালা ষ্ট’ৰি নামৰ চিনেমাখনক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও প্ৰকাশ কৰিছে ঋণাত্মক প্ৰতিক্ৰীয়া৷ কৰ্ণাটকৰ নিৰ্বাচনৰ পূৰ্বে মুক্তি লাভ কৰা দ্য কেৰালা ষ্ট’ৰি চিনেমাখনৰ প্ৰসংগ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ পৰা আৰম্ভ কৰি অসম আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ সকলোৰে মুখত স্থান পাইছে, কি কিহৰ ইংগিত বহন কৰিছে? প্ৰথমে জানি লওঁ আহক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়া!

NDTVয়ে ক’লে চিনেমাৰ কাহিনী একেবাৰে Cringe!

Scroll.in-এ ক’লে চিনেমাখন ইছলামোফোবিক!

India Today ৰ মতে পৰিচালনা একেবাৰে বেয়া।

ThePrintৰ মতে এইখন প্ৰপাগেণ্ডা চিনেমা!

সচাই নিৰ্বাচনকেন্দ্ৰীক নেকি দ্য কেৰালা ষ্ট’ৰি? কেৰালা ষ্ট’ৰিৰ জড়িয়তে ভেদিব নেকি কম্যুনিষ্টৰ অভেদ্য দুৰ্গ কেৰালা ৰাজ্য? কেৰালাৰ পৰা বছৰি আন্তঃৰাষ্ট্ৰীয় ইছলামিক উগ্ৰবাদী সংগঠলৈ যায় নেকি হাজাৰ হাজাৰ ভাৰতীয় নাগৰিক? কেৰালা পৰিণত হৈছে নেকি ধৰ্মান্তৰকৰণৰ দ্বাৰা জেহাদী গঢ়াৰ কাৰখানাত৷ কিয়নো দ্য কেৰালা ষ্ট’ৰিয়ে দেখুওৱা কাহিনীৰ উপজীব্য এই সমূহ বিষয়েই৷

“৩২ হাজাৰ ছোৱালী ধৰ্মান্তৰিত হৈ ভাৰতৰ পৰা যায় চিৰিয়া আৰু য়েমেনলৈ!”

“হাজাৰ হাজাৰ ধৰ্মান্তৰিত ছোৱালী মধ্যপ্ৰাচ্যৰ মৰুভূমিত হৈছে দফন!”

এই সংবেদনশীল দাবী কেৰালা ষ্ট’ৰি নিৰ্মাতাৰ, আমাৰ অৱশ্যেই নহয়৷ চিনেমাখনৰ নিৰ্মাতা সুদীপ্ত সেনৰ মতে তেওঁ গৱেষণা কৰিহে চিনেমাখন নিৰ্মাণ কৰিছে৷ পিছে তেওঁৰ গৱেষণা কিমান সঠিক কিমান গ্ৰহণযোগ্য?  কিয়নো চিনেমাখনৰ টিজাৰ মুকলি হোৱাৰ পাছতেই বিতৰ্ক হয়, তাৰ পাছত মহামান্য আদালতত সুদীপ্ত সেনে চিনেমাখনৰ ট্ৰেইলাৰৰ পৰা ৩২ হাজাৰ সংখ্যাটো আতঁৰাই দিয়ে৷ চিনেমাখন যদি সত্য তথ্যৰ আধাৰত নিৰ্মিত হ’ল হেতেন তেতিয়া ট্ৰেইলাৰৰ পৰা ইমান সংবেদনশীল বিষয়টো কাটি দিয়া ন’গল হেতেন৷ চিনেমা নিৰ্মাতাৰ কৰ্মকাণ্ডই চিনেমাখনৰ ওপৰতো সন্দেহৰ আঙুলি টোঁৱাইছে৷

৩২ হাজাৰ মহিলাই আইচিচত যোগদান কৰাৰ যি দাবী নিৰ্মাতাই কৰিছে তাকে তথ্য হিচাপে লৈ অ’প ইণ্ডিয়া, জি নিউজ, ফিল্ম কম্পেইনিয়ন, ষ্টেটছমেন, আউটলুক, টাইমছ অৱ ইণ্ডিয়া আদি সংবাদ প্ৰতিষ্ঠানে বাতৰি পৰিৱেশন কৰিছে৷ যদি নিৰ্মাতাই সত্য কাহিনীৰ আধাৰত চিনেমাখন কৰিছে তেন্তে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে সাংঘাটিক সমস্যাৰ কথা৷ কিন্তু নিৰ্মাতাই ৩২ হাজাৰ ভাৰতীয় মহিলা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈ জেহাদী আইচিচত যোগদান কৰাৰ যি দাবী কৰিছে সেই দাবীক সত্য প্ৰমাণিত কৰিবলৈ পৰ্যাপ্ত তথ্য প্ৰমাণ তেওঁ দিব পৰা নাই৷  তেওঁ ওমন চন্দি নামৰ কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এজনে কেৰালা বিধানসভাত ২০১০ চনত দিয়া এক তথ্যক আধাৰ বুলি আত্মপক্ষ সমৰ্থন কৰিলে৷ মুখ্যমন্ত্ৰী গৰাকীয়য়ে সদনত ২৮০০ৰ পৰা ৩২০০ কেৰালাৰ যুৱতীয়ে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ তথ্য সদনক দিছিল৷ সেই সংখ্যাকে ১০ বছৰৰ হিচাপত পূৰণ কৰি সেনে সংখ্যা উলিয়াই ৩২০০০৷ স্বতন্ত্ৰ ফেক্টচেকাৰ অল্ট নিউজে নিৰ্মাতা সেনক এই সংখ্যাৰ প্ৰমাণিকতাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিয়ে যে টাইমছ অৱ ইণ্ডিয়াত এই সন্দৰ্ভত এটা বাতৰি প্ৰকাশ পাইছিল তাতে তেওঁ এই সন্দৰ্ভত অৱগত হ’ল৷ কিন্তু টাইমছ অৱ ইণ্ডিয়াই তেনে খবৰ প্ৰকাশ কৰাই নাছিল৷ ২০১২ত ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসাৰে ২০১২ চনৰ জুন মাহত কেৰালাৰ মুখ্যমন্ত্ৰী ওমন চান্দিয়ে কেৰালা বিধানসভাত তথ্য দাখিল কৰে যে ২০০৬ চনৰ পৰা সেই সময় পৰ্যন্ত ২৫০০ গৰাকী মহিলাই ধৰ্মান্তৰিত হৈ ইছলাম গ্ৰহণ কৰিলে৷ তেওঁ কেতিয়াও কোৱা নাই যে সেই ২৫০০ মহিলা হিন্দু বুলি, অথবা ইছলাম গ্ৰহণ কৰি ২৫০০ মহিলাই আইচিচত যোগদান কৰিছে বুলি৷ এইয়া নিৰ্মাতাৰ নিজা সংযোগ৷

ইউনাইটেড ষ্টেটছ ডিপাৰ্টমেন্ট অৱ ষ্টেটছ কাণ্ট্ৰী ৰিপৰ্টছ অন টেৰৰিজমৰ ২০২০ চনৰ প্ৰতিবেদন অনুসাৰে ভাৰতৰ পৰা ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড চিৰিয়াত যোগদান কৰা সদস্যৰ সংখ্যা মুঠ ৬৬ গৰাকী৷ দ্য হিন্দুৰ এক ৰিপৰ্ট অনুসাৰে যি প্ৰকাশ পাইছিল ২০২১ চনৰ জুন মাহত, তাত কোৱা হৈছিল ৪ গৰাকী ভাৰতীয় মহিলা আফগানিষ্ঠানৰ এক কাৰাগাৰত বন্দী হৈ ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ অনুমতি বিচাৰিছিল, যি ইতিমধ্যে ভাৰত চৰকাৰে আৱেদন খাৰিজ কৰিছে৷ এই মহিলা কেইগৰাকীয়ে তেওঁলোকৰ পতিৰ সৈতে ইছলামিক ষ্টেটত যোগদান কৰিবলৈ গৈ আফগানিষ্ঠানত কাৰাবন্দী হৈ আছে৷ কিন্তু চিনেমাখনত দেখুওৱা হৈছে ৩২ হাজাৰ ছোৱালীয়ে আইচিচত যোগদান কৰিব গৈ আফগানিস্তান অথবা ইৰাকৰ মৰূভূমিত দফন হৈছে৷

এই চিনেমাখনকে কেবিনেট সতীৰ্থ সহিতে চাবলৈ যাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ পূৰ্বেও দেখা গৈছিল কেবিনেট সহিতে মুখ্যমন্ত্ৰীয়ে চাবলৈ গৈছিল অন্য এখন বিতৰ্কীত চিনেমা দ্য কাশ্মীৰ ফাইলছ৷  পিছে এই চিনেমাখন চাই কেনে পালে সাধাৰণ ৰাইজে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন এটা ব্যক্তিগত চেটেলাইট চেনেলৰ এজন জেষ্ঠ সাংবাদিক পংকজ শৰ্মাই চিনেমাখন চাই ফেচবুকত লিখিলে- “মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মন্ত্ৰীসভাৰ সদস্য,সতীৰ্থসকলৰ  সৈতে KERALA STORY চালে।দুবছৰৰ কার্যকালত কাশ্মীৰ ফাইলছৰ পিছত মই জনাত মুখ্যমন্ত্ৰীয়ে চোৱা এইখন দ্বিতীয়খন চিনেমা।দুবছৰীয়া কাৰ্যকালত মুখ্যমন্ত্ৰী অথবা BJP নেতাসকলে উৎসৱৰ দৰে কৰি  নিৰ্দিষ্ট দুখন চিনেমাহে চাবলৈ  কিয় গল?এইসময়চোৱাত 200 ৰো অধিক হিন্দী আৰু 15 খনৰো অধিক অসমীয়া চিনেমা ৰিলিজ হৈছে।তাৰমাজত এই দুখন হে কিয় ??সাংবাদিক হিচাপে স্বাভাৱিকতেই এই প্ৰশ্ন মনলৈ আহিছে।তাৰবাবেই মুখ্যমন্ত্ৰী ,BJP নেতাসকলে ইমানকৈ ভাল পোৱা চিনেমাত কি আছে জানিবলৈ মন গল।চিনেমাখন চালোঁ,অলপ তথ্য গোটালোঁ আৰু  তাৰপিছত সিদ্ধান্তত উপনীত হলো যে এইখন এখন PURLEY PROPAGANDA MOVIE.এই চিনেমাখনৰ জৰিয়তে ভুল,অসত্য,অৰ্ধ সত্য তথ্যৰে ভাৰতৰ অন্যতম সফল এখন ৰাজ্যক বদনাম কৰিবলৈ চেষ্টা কৰা হৈছে।চিনেমাখনৰ ওপৰত প্ৰথম আপত্তি হৈছে সত্যৰ ভিত্তিত ,গৱেষণা কৰি নিৰ্মাণ কৰা বুলি দাবী কৰা হৈছে,অথচ তথ্যই কয় চিনেমাখনত 10 শতাংশ সত্যও নাই।চিনেমাখনৰ জৰিয়তে এনে ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে যে কেৰেলাত হাজাৰ হাজাৰ হিন্দু যুৱতীক LOVE JIHAD ৰ জৰিয়তে ইছলাম ধৰ্মলৈ অনা হৈছে ,তাৰপিছত ISIS ত ভৰ্তি কৰোৱা হৈছে।অথচ ভাৰত চৰকাৰৰ তথ্যমতেই আমাৰ গোটেই দেশৰ পৰা 200 জনে ,আৰু তাৰ ভিতৰত 60 জনে কেৰেলাৰ পৰা ISIS যোগদানৰ সন্দেহ কৰা হৈছে।চিনেমাত এনেকুৱা দেখুৱাব বিচৰা হৈছে যে কেৰেলা ISIS ৰ ঘাটি।অথচ বিশ্বৰ ভিতৰতে ভাৰতীয় মুছলমানে ISIS ত যোগদানৰ হাৰ আটাইতকৈ কম।এই মুহূৰ্তত এ GOOGLE কৰিলেই মই কোৱা গোটেইকেইটা কথাৰ ওপৰত তথ্য পাই যাব।মই ভাবি আচৰিত হৈছোঁ কেৱল ৰাজনৈতিক স্বাৰ্থতে নিজ দেশৰ এখন ৰাজ্যৰ চিনেমাত দেখুওৱা বদনামক কেনেকৈ উদযাপন কৰা হৈছে ।কিছুদিন আগতে মহাৰাষ্ট্ৰৰ এজন বিধায়কে অসমৰ মানুহে কুকুৰ খায় বুলি কওঁতে আমাৰ গা কেনেকৈ জ্বলি উঠিছিল।এতিয়া ভাবক NORTH EAST FILES নামৰ চিনেমা বনুৱা হৈছে আৰু মণিপুৰৰ ঘটনাৰ আলম লৈ তাত দেখুওৱা  হৈছে যে উত্তৰ পূবত অনবৰতে সংঘৰ্ষ হয়েই থাকে,ইয়াৰ মানুহবোৰ অতিকে উগ্ৰ,জংঘলী,কুকুৰ খায়।আপুনি  সহিব পাৰিবনে সেই NORTH EAST FILES!!ভুল ,মিছা,কাল্পনিক তথ্যৰে চিনেমাৰ আৰ লৈ ভাৰতৰ  অন্যতম সফল ৰাজ্যক বদনাম কৰাটো আচলতে ভাৰত ৰাষ্ট্ৰৰে বদনাম।আমাক KERALA STORY ৰ দৰে মিছা তথ্যৰে বিভাজন অনা চিনেমা নালাগে।আমাক কল্পনাত হলেও সুমধুৰ সম্প্ৰীতি দেখুৱাওৱা বজৰঙগী ভাইজানৰ দৰে ছবি লাগে। KERALA STORY নাচাব,দৰকাৰ হলে বজৰংগি ভাইজান আকৌ এবাৰ চাওক।চৰকাৰে সম্ভৱ হলে অসমতো এনে PROPAGANDA MOVIE নিষিদ্ধ কৰিব লাগে।”

এনেদৰেই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত সম্পূৰ্ণ মন্ত্ৰীসভা উঠি গৈ কেতিয়া অসমীয়া চিনেমা চাব পৰৱৰ্তী পৰ্য্যায়ত সেয়াহে হ’ব লক্ষণীয়।

সপোন বৰা

সপোন বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd