শুনিবলৈ তেনেই এক অবিশ্বাস্য ঘটনা। কিন্তু বাস্তৱত সেয়াই ঘটিছে। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ জনসভাৰ মঞ্চলৈ এজন ব্যক্তিয়ে নিজৰ এবছৰীয়া শিশু পুত্ৰক দলিয়াই দিলে! স্বাভাৱিকতে এনে ঘটনাক লৈ মুহূৰ্ততে চাঞ্চল্যৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী শিৱৰাজো স্তম্ভিত হৈ পৰিল।
পিছত আৰক্ষীয়ে শিশুটিক তুলি লৈ মাকক আনি ঘূৰাই দিলে। মুখ্যমন্ত্ৰী চৌহানে জানিব বিচাৰিলে দম্পতীহালে এনেকুৱা কাম কিয় কৰিলে। তাৰ পিছত আচল কাৰণটো পোহৰলৈ আহে। এই ঘটনা সংঘটিত হৈছে বিজেপি শাসিত ৰাজ্যখনৰ সাগৰত।
লগতে পঢ়ক: উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
ঘটনা অনুসৰি, এখন ৰাজহুৱা সভাত ভাষণ দি আছিল ৰাজ্যখনৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে৷ সেই সময়ত এজন ব্যক্তিয়ে হঠাতে দৰ্শকৰ মাজৰ পৰা নিজৰ কেঁচুৱা পুত্ৰক মঞ্চৰ ফালে দলিয়াই দিলে। শিশুটি ঠিক মঞ্চত নপৰিলে যদিও মঞ্চৰ পৰা ১ ফুট দূৰত পৰি যায়। লগে লগে তাত উপস্থিত আৰক্ষী জোৱান সকলে শিশুটিক উঠাই লৈ যায়। এই ঘটনাত শিৱৰাজ স্তম্ভিত হৈ পৰে। ইয়াৰ পিছতে আৰক্ষীয়ে শিশুটিক মাতৃক নি ঘূৰাই দিয়ে।
কিন্তু পিতৃয়ে কেঁচুৱাটোক এনেকৈ কিয় কোলাৰ পৰা দলিয়াই দিলে? এই সন্দৰ্ভত মুকেশ নামৰ ব্যক্তিজনে কয় যে তেওঁৰ পুত্ৰৰ হৃৎপিণ্ডত এটা ফুটা আছে। সেই অস্ত্ৰোপচাৰৰ বাবে ৩.৫ লাখ টকাৰ প্ৰয়োজন। যিটো তেওঁৰ বাবে দিয়া সম্ভৱ নহয়। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰিছিল। কিন্তু আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে তেওঁক শিৱৰাজৰ কাষ চাপিবলৈ নিদিলে।
লগতে পঢ়ক: বিবাহিত জীৱনত ইজনে সিজনক সন্তুষ্ট আৰু সুখী কৰাৰ উপায় কি? চাওক চাণক্য নীতি
মুকেশে মুখ্যমন্ত্ৰীৰ কাষ চাপি পুত্ৰৰ জীৱনৰ বাবে ভিক্ষা খুজিবলৈ সুযোগ সৃষ্টি কৰিবলৈকে এই পৰিকল্পনা কৰিছিল। জনা যায় যে শিৱৰাজে তেওঁক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। এতিয়া মুকেশ আৰু তেওঁৰ পত্নীয়ে পুত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে নতুন পৰিকল্পনা কৰিছে আৰু তেওঁৰ সুস্থ হোৱাৰ আশা কৰিছে।