১৮ শতিকাৰ মহীশূৰৰ শাসক টিপু চুলতানৰ তৰোৱালখন লণ্ডনৰ বনহামছ নিলাম হাউছত ১কোটি ৪০ লাখ পাউণ্ডত (১৪৩কোটি টকা) বিক্ৰী হৈছে।টিপু চুলতানৰ বিখ্যাত তৰোৱালখন মঙলবাৰে নিলাম হয়। আশা কৰাতকৈ সাতগুণ বেছি দামত বিক্ৰী হয় তৰোৱালখন।
বনহামছ কৰ্তৃপক্ষই এক বিবৃতিত কয় যে তেওঁলোকৰ নিলাম হাউছত বিক্ৰী হোৱা যিকোনো ভাৰতীয় আৰু ইছলামিক ঐতিহ্য সামগ্ৰীৰ এই মূল্য এতিয়ালৈকে সৰ্বাধিক।
লগতে পঢ়ক: বন্দুক নিষিদ্ধ জাপানত আততায়ীৰ গুলীচালনা আৰু ছুৰীকাঘাতৰ ঘটনাত তিনিজন লোক নিহত
বনহামছৰ ইছলামিক এণ্ড ইণ্ডিয়ান গ্ৰুপৰ মুৰব্বী নিমা সাগৰচিয়ে কয় যে, “তৰোৱালখনৰ এক অবিস্মৰণীয় ইতিহাস আছে। তদুপৰি, ইয়াৰ উৎসও আশ্চৰ্যজনক আৰু ই অতুলনীয় কাৰুকাৰ্যখচিত।’
১৭৮২ চনৰ পৰা ১৭৯৯ চনলৈকে ভাৰতীয় উপমহাদেশৰ দক্ষিণ মহীশূৰ ৰাজ্যৰ শাসক আছিল টিপু চুলতান। ৰাজ্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁ ইমানেই শক্তি প্ৰদৰ্শন কৰিছিল যে তেওঁ ‘মহীশূৰৰ বাঘ’ উপাধি লাভ কৰিছিল।
১৭৯৯ চনৰ ৪ মে’ত ব্ৰিটিছ বাহিনীয়ে মহীশূৰৰ ৰাজধানী শ্ৰীৰংগপট্টনম আক্ৰমণ কৰি টিপু চুলতানক হত্যা কৰে। টিপু চুলতানক হত্যা কৰাৰ পিছত তেওঁৰ ৰাজপ্ৰসাদ ব্ৰিটিছ সেনাই লুটপাত কৰে।
লগতে পঢ়ক: আপত্তিজনক প্রস্তাৱ শুনিয়েই ছবি এৰি থৈ আহিছিল প্ৰিয়ংকাই; কি চাব খুজিছিল পৰিচালকে?
সেইসময়ত ৰাজপ্ৰসাদৰ চোতালত উদ্ধাৰ হৈছিল তৰোৱালখন। ব্ৰিটিছ মেজৰ জেনেৰেল ডেভিদ বেয়াৰ্ডক তেওঁৰ বীৰত্বৰ স্মৃতি স্বৰূপে এই তৰোৱালখন প্ৰদান কৰা হৈছিল।