• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীৰ ৯ বছৰত কংগ্ৰেছৰ ৯টা প্ৰশ্ন: ৩০ মে’ত ‘মাফী দিৱস’ ঘোষণাৰ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2023 8:35 pm
Modi Maafi Diwas
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩০ মে’ত ৯ বছৰ কাৰ্যভাৰ সম্পূৰ্ণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ এই ৯ বছৰীয়া এই বৰ্ষপূৰ্তিৰ পূৰ্বে আজি শাসকীয় বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত ৯টা প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে। বৰ্ষপূৰ্তিৰ এই দিনটোত অৰ্থাৎ ৩০ মে’ত মাফী দিৱস পালন কৰিবলৈ মোদীক পৰামৰ্শ দিছে কংগ্ৰেছে।

দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই প্ৰশ্নসমূহ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীক এই প্ৰশ্নসমূহৰ ওপৰত নিজৰ মৌনতা ভংগ কৰিবলৈ আহ্বান জনায়।

Apply Now

কংগ্ৰেছে মূলত: মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, কৃষকৰ আয় আদি বিষয়ৰ ওপৰত ভিত্তি কৰি এই ৯টা প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছে লগতে আজিৰ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ কাৰ্যকালত হোৱা প্ৰতাৰণাৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায়।

প্ৰধানমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰি জয়ৰাম ৰমেশে কয়, “ভাৰতত মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা কিয় আকাশলংঘী হৈছে? ধনীসকল কিয় অধিক ধনী আৰু দুখীয়া অধিক দুখীয়া হৈছে? অৰ্থনৈতিক বৈষম্য বৃদ্ধি পোৱাৰ পাছতো কিয় ৰাজহুৱা সম্পত্তি প্ৰধানমন্ত্ৰী মোদীৰ বন্ধুসকলক বিক্ৰী কৰা হৈছে?”

তেওঁ লগতে তিনিখন কৃষি আইন বাতিলৰ সময়ত কৃষকৰ সৈতে কৰা চুক্তিসমূহক কিয় সন্মান কৰা হোৱা নাই আৰু নূন্যতম সমৰ্থন মূল্য কিয় আইনগতভাৱে নিশ্চিত কৰা হোৱা নাই, সেই সম্পৰ্কেও প্ৰশ্ন তোলে। প্ৰতিশ্ৰুতি মতেই যোৱা ৯ বছৰত কৃষকৰ আয় কিয় দুগুণ নহ’ল বুলিও প্ৰশ্ন কৰে ৰমেশে।

চৰকাৰক দুৰ্নীতি আৰু স্বজনপ্ৰীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰমেশে প্ৰধানমন্ত্ৰীয়ে নিজৰ বন্ধু আদানীৰ লাভৰ বাবে এল আই চি আৰু ষ্টেট বেংকত মানুহৰ কষ্টোপাৰ্জিত সঞ্চয়ক কিয় বিপদত পেলাইছে বুলি প্ৰশ্ন তোলাৰ লগতে এনেধৰণৰ কথাত কিয় মৌন হৈ আছে বুলি প্ৰশ্ন কৰে।

চীন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় সন্দৰ্ভত কংগ্ৰেছে কয়, “২০২০ চনত আপুনি চীনক ক্লীন চিট দিয়াৰ পিছতো তেওঁলোকে ভাৰতৰ ভূখণ্ড দখল কৰিয়েই আছে কিয়?” চীনৰ সৈতে ১৮খন বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো চীনে কিয় আগ্ৰাসী কৌশল অব্যাহত ৰাখিছে বুলিও মোদীক জবাবদিহি কৰে কংগ্ৰেছে।

ইফালে নিৰ্বাচনী লাভৰ বাবে বিজেপিয়ে ইচ্ছাকৃতভাৱে ঘৃণাৰ ৰাজনীতি কৰে বুলি অভিযোগ তুলিছে কংগ্ৰেছে। লগতে বিজেপিয়ে সমাজত ভয়ৰ পৰিৱেশ গঢ়ি তোলা বুলিও কংগ্ৰেছে অভিযোগ উত্থাপন কৰে।\

 

The BJP has now been in power for nine years. The authoritarian regime has completely failed on every front.

The Prime Minister must respond to these nine questions before the BJP begins to celebrate.#9saal9sawal #NaakamiKe9Saal pic.twitter.com/vVQKoonnvB

— Congress (@INCIndia) May 26, 2023

মহিলা, দলিত, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি আৰু সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদী মৌন কিয় বুলি প্ৰশ্ন কৰি ৰমেশে জাতি জন-গণনাৰ দাবীক মোদীয়ে কিয় আওকাণ কৰিছে বুলিও জবাবদিহি কৰে।

ইফালে বিগত ৯ বছৰত দেশৰ সাংবিধানিক মূল্যবোধ আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ দুৰ্বল কৰাৰ অভিযোগেৰে ৰমেশে বিৰোধী দল আৰু নেতাৰ বিৰুদ্ধে প্ৰতিশোধৰ ৰাজনীতি কিয় চলাইছে বুলি প্ৰশ্ন কৰে মোদীক। সমান্তৰালভাৱে কল্যাণকামী আঁচনিৰ ক্ষেত্ৰতো বিজেপিৰ নীতিৰ ওপৰত প্ৰশ্ন তোলে কংগ্ৰেছে।

আনহাতে ক’ভিদত ৪০ লাখৰো অধিক লোকৰ মৰ্মান্তিক মৃত্যু হোৱাৰ পিছতো মোদী চৰকাৰে মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ কৰে কংগ্ৰেছে। লগতে ক’ভিদৰ সময়ত চৰকাৰৰ ভুল ব্যৱস্থাপনা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে বিৰোধী দলটোৱে।

সংবাদমেলত জয়ৰাম ৰমেশে লগতে কয় যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত আৰু যাত্ৰাৰ পিছতো ৰাহুল গান্ধীয়ে এই ৯টা প্ৰশ্ন অবিৰতভাৱে উত্থাপন কৰিছে যদিও আজিলৈকে কোনো উত্তৰ পোৱা নাই। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰাৰ সময় আহি পৰিছে বুলি লগতে মন্তব্য কৰে জেষ্ঠ্য কংগ্ৰেছ নেতাগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd