মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জনকৈ ছাত্ৰ ।
নিহত ছাত্ৰকেইজনক ডিব্ৰুগড়ৰ ইমন বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মঙলদৈৰ কৌশিক বৰুৱা, গুৱাহাটীৰ নিয়ৰ ডেকা, মাজুলীৰ ৰাজ কিৰণ ভূঞা, নগাঁৱৰ উপাংশু শৰ্মা আৰু গুৱাহাটীৰ অৰিন্দম ভোৱাল বুলি চিনাক্ত কৰা হৈছে।
নিহত এই যুৱককেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ আৰু ৭নং হোষ্টেলৰ আৱাসী বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় মৃণ্ময় বৰা, অৰ্ণৱ চক্ৰৱৰ্তী আৰু অৰ্পণ ভূঞা নামৰ আন তিনিজন ছাত্ৰ। আনহাতে, বলেৰ’ পিক আপ ভানখনৰ মোজাম্মিল হক, ইউছুফ আলী আৰু ৰাজীৱ আলী নামৰ তিনিজন লোকো গুৰুতৰভাৱে আহত হয়।
মাজনিশা জালুকবাৰীৰ আৰক্ষী উপ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী মহিন্দ্ৰা স্কৰপিঅ’ই ব্ৰইলাৰ কঢ়িওৱা বলেৰ’ পিক আপ ভানত প্ৰচণ্ড খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো ঘটে।
ঘটনা অনুসৰি, সাতমাইলৰ দিশৰ পৰা তীব্ৰ বেগে আহি থকা AS-01-FK-9605 নম্বৰৰ স্কৰপিঅ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইডাৰত খুন্দা মাৰি বিপৰীত লেনত থকা AS-01-GC-8829 বলেৰ পিক আপ বাহনখনত প্ৰচণ্ড গতিৰে খুন্দা মাৰে।
আৰক্ষীয়ে নিশাই ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত নিহত আৰু আহতসকলক উদ্ধাৰ কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰে। আহত তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।