• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যকৃত সংৰোপন বা লিভাৰ ট্ৰাঞ্চপ্লান্ট

ডাঃ মানৱেন্দ্ৰ নায়ক by ডাঃ মানৱেন্দ্ৰ নায়ক
May 31, 2023 6:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যকৃত বা লিভাৰ মানৱদেহৰ দ্বিতীয় বৃহৎ অংগ। ছালৰ পিছতেই ডাঙৰ অংগ হৈছে লিভাৰ। এই যকৃত বা লিভাৰ মানৱদেহৰ এটি জটিল অংগ,যাৰ বিভিন্নধৰণৰ কাৰ্যক্ষমতা বা কাৰ্যকৰীতা আছে। অন্যান্য কাৰ্যৰ লগতেই,লিভাৰে দেহৰ বিপাক প্ৰক্ৰিয়া(মেটাব’লিজিম)চলাই নিয়াত সহায় কৰে,পৰিপাক বা হজমৰ প্ৰক্ৰিয়াৰ বাবে পাচক ৰস উৎপাদন কৰা,ৰোগ প্ৰতিৰোধ ক্ষমতা,ভিটামিন জমা ৰখা বা সংৰক্ষণ কৰা,দেহৰ বজ্য পদাৰ্থ নিস্কাষণ কৰা বা ব্যৱস্থাটোক পৰিস্কাৰ কৰি ৰখা আদি কাৰ্যৰো ঘটক। লিভাৰ বা যকৃতৰ এটা খুব ভাল কথা হৈছে যে-ই খুব সহজেই নিজৰ নতুন কোষ গঠন কৰিব পাৰে। পিছে যদিহে দীৰ্ঘকালৰ বাবে এজন ব্যক্তিৰ কিছু বিশেষ ৰোগ(যকৃত সম্পৰ্কীয়) হয়,আৰু অত্যধিক মাত্ৰাত সুৰাপান কৰে-তেন্তে সেই ৰোগীজনৰ লিভাৰ বা যকৃতে নিজৰ কাৰ্যক্ষমতা বা নতুন কোষ গঠন কৰাৰ ক্ষমতা কমি আহে। আৰু কেতিয়াবা কেতিয়াবা কিছু ৰোগীৰ ক্ষেত্ৰত এনে অৱস্থা পাইগৈ যে-সেই ব্যক্তিজনৰ লিভাৰটোৱে ইয়াৰ কাৰ্যক্ষমতা সম্পূৰ্ণৰূপে হেৰুৱাই পেলাই। তেনে অৱস্থাতেই হাতত লব পৰা এক চিকিৎসা ব্যৱস্থা হৈছে-লিভাৰ ট্ৰাঞ্চপ্লেন্ট বা লিভাৰ সংৰোপন। অৰ্থাৎ,অস্ত্ৰোপচাৰ আৰু দীঘলীয়া চিকিৎসাৰ মাজেৰে ব্যক্তিজনৰ দেহত নতুন লিভাৰৰ সংৰোপন বা সহজ ভাষাত ক’বলৈ গ’লে-লিভাৰ লগোৱা হয়,যিদৰে বৃক্ক বা কিডনী লগোৱা হয়। আজিৰ এই লিখাত এই লিভাৰ বা যকৃতৰ সংৰোপনৰ বিষয়েই কিছু কথা জনাবলৈ ওলাইছো।

   লিভাৰ ট্ৰাঞ্চপ্লান্ট বা যকৃতৰ সংৰোপন,যকৃত দীৰ্ঘকালীন তথা পুনৰাবৃত্তি ঘটি থকা ৰোগগ্ৰস্ত অৱস্থাৰ একেবাৰেই অন্তিম পৰ্যায়। অৰ্থাৎ,যেতিয়া লিভাৰটোৱে একেবাৰেই নিজৰ কাম-কাজ চলাই নিব নোৱাৰাকৈ বিকল অৱস্থা এটা পাই,তেতিয়া ই ব্যক্তিজনৰ বাবে প্ৰাণঘাতী হৈ পৰে। গতিকে এনে অৱস্থাত একমাত্ৰ উপায় থাকে- অস্ত্ৰোপচাৰৰ জড়িয়য়ে কাৰৰ্যক্ষমতা হেৰুৱাই পেলোৱা লিভাৰটোৰ লগতে,কোনোবা যকৃত বা অংগদাতাৰ যকৃতৰ প্ৰতিষ্ঠা বা সংৰোপন কৰা। অথবা,বহুক্ষেত্ৰত আন কোনো ব্যক্তিৰ এটি সুস্থ লিভাৰৰ এক সৰু অংশ সেই খালী স্থানত সংৰোপন কৰা। লিভাৰ ট্ৰাঞ্চপ্লান্টৰ দুই প্ৰকাৰৰ দাতা থাকে। প্ৰথমবিধ যিয়ে নিজৰ অংগ মৰণোত্তৰভাৱে দান কৰে আৰু দ্বিতীয় যি জীৱিত ব্যক্তিয়ে নিজৰ দেহৰ পৰা সুস্থ লিভাৰৰ সৰু অংশ এটা কাটি দান কৰিবলৈ সন্মতি প্ৰদান কৰে। আৰু এই সকলোবোৰ ভাৰতীয় সংবিধান ব্যৱস্থাৰ ১৯৯৪ চনৰ দেহৰ অংগ আৰু কোষ দান আইনৰ আওতাত পৰে। লিভাৰ ট্ৰাঞ্চপ্লান্ট বা লিভাৰ সংৰোপন প্ৰধানতঃ তেতিয়া কৰা হয়,যেতিয়া লিভাৰ কেঞ্চাৰ অথবা লিভাৰ বিকল হয় আৰু,আন কোনো চিকিৎসাই কাম নিদিয়া হয়। এজন ব্যক্তিৰ লিভাৰ বা যকৃত হঠাতেও বিকল হ’ব পাৰে,অথবা পূৰ্বে উল্লিখিত ধৰণে দীঘলীয়া সময়ৰ ৰোগগ্ৰস্ততাৰ ফলতো হ’ব পাৰে। দুয়োক্ষেত্ৰতে লিভাৰ সংৰোপন উপযোগী। এই অস্ত্ৰোপচাৰত যদিহে আন এজন জীৱিত ব্যক্তিৰ লিভাৰৰ এটি সৰু অংশ ৰোগীৰ দেহত সংৰোপিত কৰা হয়,বা এটি লিভাৰ সম্পূৰ্ণৰূপে সংৰোপন কৰা হয়,তেতিয়াও লিভাৰ বা যকৃতে নিজৰ পূৰ্বে উল্লিখিত কাৰ্যক্ষমতা অনুসৰি প্ৰসাৰিত আৰু ন-ৰূপেৰে ক্ৰমশঃ এক নতুন আৰু কাৰ্যক্ষম লিভাৰৰ ৰূপ লয়। যাৰফলত প্ৰায় মৃত্যুমুখী ৰোগীজনে পুনৰজীৱন লাভ কৰাৰ দৰে হয়।

Apply Now

  এতিয়া আহিছো কি কি শাৰিৰীক অৱস্থাৰ বাবে এজন ব্যক্তিৰ লিভাৰে নিজৰ কাৰ্যক্ষমতা হেৰুৱাই পেলাই,সেই দিশলৈ। সাধাৰণতে এজন ব্যক্তিৰ লিভাৰৰ ক্ৰ’নিক বা দীৰ্ঘদিনীয়া ৰোগগ্ৰস্ত অৱস্থাৰ ফলতেই লিভাৰৰ সংৰোপন কৰিবলগীয়া হয় যদিও কেতিয়াবা তাৎক্ষণিকভাৱে হোৱা কিছু ৰোগ বা দূৰ্ঘটনাৰ বাবেও লিভাৰ সংৰোপন কৰিবলগীয়া হয়। এনে কেইবিধমান দীৰ্ঘকালীন ৰোগৰ বিষয়ে তলত উল্লেখ কৰিছো-

১) হেপাটাইটিছ বি আৰু চি,

২) অত্যধিক সুৰাপানৰ ফলত সৃষ্ট এলক’হলিক লিভাৰ ডিজিজ,যিয়ে লিভাৰৰ কাৰ্যক্ষমতা ক্ৰমশঃ নোহোৱা কৰি পেলাই,

৩) সুৰাপান নকৰাকৈয়ো সৃষ্ট ফেটী লিভাৰৰ ৰোগ(নন-এলক’হলিক ফেটী লিভাৰ ডিজিজ),য’ত লিভাৰত উচ্চমাত্ৰাত মেদ জমা হৈ হৈ লিভাৰে ইয়াৰ কৰ্মক্ষমতা হেৰুৱাই পেলাই।

৪) লিভাৰৰ পৰা পিত্তথলী আৰু পেনক্ৰিয়াছ বা অগ্নাশয় সংলগ্ন পাচক নলীকা(বাইল ডাক্ট)ত হোৱা জটিলতা,

৫) লগতে দীৰ্ঘকালৰ বাবে ভুগি থকা মধুমেহ বা ডায়েবেটিছ ৰোগৰ ফলতো লিভাৰ ক্ষতিগ্ৰস্ত হয় আৰু,

৬) ফুলমিনেন্ট হেপাটিক ফেইলিঅ’ৰতো লিভাৰ ফেইলিঅ’ৰ হয়। 

   উপৰোক্ত আটাইবোৰ কাৰণৰ বাবে লিভাৰৰ ৰোগগ্ৰস্ত অৱস্থাই লিভাৰৰ চিৰ’চিছ বা লিভাৰত স্থায়ীভাৱে লগা ঘাঁ‌ৰ সৃষ্টি হয়,যিয়েই লিভাৰৰ কৰ্মক্ষমতা প্ৰায় সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাই। এনে অৱস্থাতেই লিভাৰৰ সংৰোপন বা লিভাৰ ট্ৰাঞ্চপ্লান্ট জৰুৰী হৈ পৰে। সাধাৰণতে,লিভাৰৰ যিকোনো ৰোগাৱস্থাৰেই কোনো বিশেষ লক্ষণে মানৱদেহত সহজে দেখা নিদিয়ে। গতিকেই,মূলতঃ এজন ব্যক্তি নিজেই নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা জৰুৰী আৰু সমান্তৰালকৈ লিভাৰৰ যতন লোৱাও জৰুৰী। লিভাৰৰ যতন বুলি ক’লে-খাদ্যাভাষত সুষম হোৱা জৰুৰী,পৰিমিত আৰু স্বাস্থ্যসন্মত খাদ্য খোৱা জৰুৰী,সুৰাপান যিমান পাৰি বৰ্জন কৰি চলা ভাল,অতিৰিক্ত তেল বা চৰ্বীযুক্ত খাদ্য যিমান পাৰি পৰিহাৰ কৰি চলা উচিত। ফল-মূল,শাক-পাচলিকে আদি কৰি,আঁ‌হযুক্ত(ফাইবাৰ)খাদ্য গ্ৰহণ কৰা ইত্যাদি। তদুপৰি,এটি সুস্থ লিভাৰৰ বাবে এক নিয়ন্ত্ৰিত ওজন বজাই ৰখা অতিকেই জৰুৰী,যাতে লিভাৰত প্ৰয়োজনাধিক মেদ জমা হোৱাৰ অৱস্থা আহি নপৰে। এনেধৰণৰ কিছুখিনি সাৱধানতা নিজেই গ্ৰহণ কৰাৰ লগতেই,সময়ে-সময়ে চিকিৎসকৰ দিহা-পৰামৰ্শ লৈ থকাও খুবেই জৰুৰী,যাতে লিভাৰ ট্ৰাঞ্চপ্লান্টৰ দৰে এক জটিল অৱস্থা আহি নপৰে। 

ডাঃ মানৱেন্দ্ৰ নায়ক
এফ আই চি পি,এফ চি চি পি(আমেৰিকা),এফ আৰ চি পি(গ্লাছগো),এফ এ চি পি(আমেৰিকা)ডাউন-টাউন হস্পিটেল।

ডাঃ মানৱেন্দ্ৰ নায়ক

ডাঃ মানৱেন্দ্ৰ নায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd