• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2023 7:21 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Chanakya’s seven suggestions to men become sucessful in life বহু সময়ত আমি দিনে নিশাই কষ্ট কৰো কিন্তু আমি বিচৰা সফলতা নাপাওঁ। যাৰ বাবে আমি ভাঙি পৰো, আত্মবিশ্বাস হেৰুৱাওঁ। পণ্ডিত চাণক্যই কয় যে কেৱল হাড়ভঙা পৰিশ্ৰমেই  যথেষ্ট নহয়, কিন্তু জীৱনত সফলতা লাভ কৰিবলৈ হ’লে কিছুমান নীতি গ্ৰহণ কৰাটোও প্ৰয়োজনীয়।

চাণক্যই নিজৰ নীতি শাস্ত্ৰত জীৱনত সফলতা লাভৰ বাবে বিভিন্ন উপায় আগবঢ়াইছে। চাণক্য নীতিত সকলো সমস্যাৰ সমাধান আছে। যদি কোনোবাই নিজৰ কেৰিয়াৰত উচ্চতাৰ শিখৰত উপনীত হ’ব বিচাৰে তেন্তে চাণক্যৰ কিছুমান নীতি মানি চলিব লাগিব। চাণক্যৰ মতে সফলতাৰ নিশ্চিত উপায় কি কি জানি লও আহক।

আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখক

চাণক্যৰ মতে কেৰিয়াৰৰ লক্ষ্যত উপনীত হ’বলৈ কি পৰিকল্পনা কৰিছে সেয়া সদায় গোপনে ৰাখক। সেইবোৰ কাকো নোকোৱাই ভাল। কাৰণ আপোনাৰ পৰিকল্পনাৰ বিষয়ে আনে জানিলে তেওঁলোকে ইয়াক কামত লগাব পাৰে। ফলত আপোনাৰ সফলতাৰ পথত বাধা আহিব। আপোনাৰ পৰিকল্পনা কামত লগাই আন কোনোবাই আপোনাৰ সন্মান আৰু কৃতিত্ব কাঢ়ি নিব পাৰে।

Apply Now

সাহস হেৰুৱাব নালাগে

উত্থান-পতনৰ মাজেৰে জীৱনটো চলি থাকে। বহু সময়ত আৰ্থিক আৰু পাৰিবাৰিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। এই ক্ষেত্ৰত বহুতেই ভাঙি পৰে। ব্যক্তিৰ আত্মবিশ্বাস হেৰাই যায় আৰু ইয়াৰ প্ৰভাৱ কেৰিয়াৰতো পৰে। সাহসেৰে কঠিন সময়ৰ সন্মুখীন হোৱাটোৱেই আটাইতকৈ ডাঙৰ গুণ। গতিকে, এনে সময়ত হাৰ নামানিব, কাৰণ এটা বাট বন্ধ হ’লে আন বহু বাট খোল খাই যায়।

ভুলৰ পৰা শিকক

চাণক্য নীতি অনুসৰি আনৰ ভুলৰ পৰা শিকিব লাগে। সেই ভুলটো পুনৰ নকৰিবলৈ চেষ্টা কৰক। যিসকলে ভুলৰ পৰা শিক্ষা লয়, তেওঁলোকেই  জীৱনত অপৰিসীম সফলতা লাভ কৰে।

কথা-বতৰাত মধুৰতা বজাই ৰাখক

কথা বা বাকভংগী এনেকুৱা এটা বস্তু যিয়ে মানুহক সিংহাসনৰ পৰা নমাই আনিব পাৰে, আৰু মাটিৰ পৰা সিংহাসনলৈও লৈ যাব পাৰে। গতিকে, যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ’ব বিচাৰে তেন্তে সদায় আপোনাৰ কথা বতৰাত এটা মধুৰতা বজাই ৰাখক। সকলোৰে সৈতে ভাল ব্যৱহাৰ কৰক।

চমুপথ অনুসৰণ নকৰিব

জীৱনত সফল হ’বলৈ কেতিয়াও ভুল পথ নল’ব, কাৰণ চমু পথ আৰু অনৈতিক কাৰ্য্যই হয়তো কেই মুহূৰ্তৰ বাবে সুখ দিব পাৰে। কিন্তু প্ৰকৃত ৰূপ উন্মোচিত হ’লে মানুহৰ ভৱিষ্যতো নষ্ট হ’ব পাৰে।

কাম পেলাই নাৰাখিব

কাইলৈৰ বাবে কোনো কাম এৰি নথব, এয়া চাণক্যৰ পৰামৰ্শ। যেতিয়াই আপুনি কোনো কাম কাইলৈ কৰিব বুলি পিছুৱাই ৰাখিলে, তেতিয়াই আপুনি সফলতাৰ পৰা এখোজ দূৰত থাকি যাব। সময়মতে কাম নকৰিলে শেষ মুহূৰ্তত খৰখেদা কৰিব লাগে। ফলত কামত ভুল হৈ থাকিব।

সমস্যাৰ সমাধান বিচাৰি উলিয়াওক

সকলোৰে জীৱনত বিভিন্ন সমস্যা চলি থাকে। জীৱনটো সমস্যাবিহীন নহয়। আকৌ প্ৰতিটো সমস্যাৰ কিবা নহয় কিবা এটা সমাধান থাকে। সেই সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। কোনো সমস্যাৰ পৰা পলাই গ’লে সমস্যাটো বাৰে বাৰে আপোনাৰ সন্মুখত আহি দেখা দিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd