ক্ৰমশ: হিংসা-হত্যাৰে জৰ্জৰিত হৈ পৰিছে মণিপুৰ। হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অশান্ত হৈ পৰা মণিপুৰত আজি পুনৰ সংঘটিত হয় এক ভয়াৱহ আক্ৰমণ। সেনাৰ সূত্ৰ অনুসৰি, সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত এগৰাকী মহিলাকে ধৰি তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী আহত হয়।
কাংপকপি আৰু ইম্ফল পশ্চিম জিলাৰ সীমাত অৱস্থিত খোকেন নামৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা। সেনাই সদৰী কৰা অনুসৰি আক্ৰমণকাৰী দলটোৱে সেনাৰ ছদ্মবেশত সামৰিক বাহিনীয়ে ব্যৱহাৰ কৰা বাহনৰ সৈতে মিল থকা বাহন ব্যৱহাৰ কৰি এই আক্ৰমণ চলায়।
সেনাৰ বেশত অহা এই দলটোৱে আজি পুৱাই খোকেন গাঁৱলৈ গৈ অটোমেটিক ৰাইফলেৰে গাঁওবাসীৰ ওপৰত গুলীচালনা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। খিলঞ্জীয়া জনজাতীয় নেতা মঞ্চই এই ঘটনাক গৰিহণা দি অপৰাধীৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
মঞ্চই এক বিবৃতিত কয় যে এই কাণ্ডই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহ্বান জনোৱা শান্তি প্ৰক্ৰিয়াও উলংঘা কৰিছে। বিদ্ৰোহীৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি কৰ্তৃপক্ষক আহ্বান জনাইছো বুলি বিবৃতিটোত লগতে উল্লেখ কৰে মঞ্চই।
এই হিংসাত্মক ঘটনাৰ পিছতে ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত দল মোতায়েন কৰা হৈছে গাঁওখনত।