আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে দেশৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত গোপন নথি-পত্ৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে তেওঁ ইয়াত হাৰ মানিবলৈ ইচ্ছুক নহয়। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি এইবাৰ ট্ৰাম্পে দেশৰ ন্যায়িক ব্যৱস্থাকে দুৰ্নীতিগ্ৰস্ত বুলি আক্ৰমণ কৰে।
আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি জো বাইডেনকো আক্ৰমণৰ লক্ষ্য কৰি ল’বলৈ পাহৰ আ নাই ট্ৰাম্পে। তেওঁ বাইডেন প্ৰশাসনে তেওঁক হাৰাশাস্তি কৰিবলৈ ন্যায়পালিকাক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।
শনিবাৰে জৰ্জিয়া আৰু নৰ্থ কেৰ’লিনাত ৰিপাব্লিকান দলৰ ৰাজহুৱা সভাত ট্ৰাম্পে ভাষণ দিয়ে। সমাৱেশৰ পৰাই তেওঁ ন্যায়পালিকা আৰু বাইডেন প্ৰশাসনক তীব্ৰ সমালোচনা কৰি কয়, ‘’মোৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন হৈছে। দেশৰ ন্যায়পালিকাক মোৰ বিৰুদ্ধে যিদৰে আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে সেয়া দেশৰ ইতিহাসত ক্ষমতাৰ অপব্যৱহাৰৰ চূড়ান্ত উদাহৰণ।‘’
লগতে পঢ়ক: পশুৰো মানুহৰ দৰে আৱেগ-অনুভুতি আছে, মাত্ৰ দাবীৰ কথা ক’ব নোৱাৰে: বম্বে উচ্চ ন্যায়ালয়
ট্ৰাম্পে সমৰ্থকসকলক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাই কয়, ‘’আপোনালোকে মনত ৰাখিব লাগিব যে আপোনালোকে কিছুমান উন্মাদ মানুহৰ সৈতে যুঁজ দিছে।‘’
তথ্য চুৰিৰ গোচৰত তেওঁৰ বিৰুদ্ধে কিয় অভিযোগ উত্থাপন হৈছে তাৰ কাৰণো ট্ৰাম্পে ব্যাখ্যা কৰে। তেওঁৰ মতে, ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে। লগতে ট্ৰাম্পে দাবী কৰিছে যে তেওঁৰ জনপ্ৰিয়তাই বাইডেনক অতিক্ৰম কৰিছে।
দেশৰ গোপন তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁ ৰিপাব্লিকান দলৰ সতীৰ্থসকলৰো সমৰ্থন লাভ কৰিছে। ট্ৰাম্পৰ সৈতে তিক্ত সম্পৰ্ক থকা ৰিপাব্লিকান নেতা তথা হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ কেভিন মেককাৰ্থীয়েও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কাষত থিয় দিছে।
লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ স্বচ্ছ প্ৰশাসনৰ নমুনা! বিজ্ঞাপন অবিহনে বিধানসভা সচিবালয়ত ১৯জনক নিযুক্তি
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত ৩৭টা অভিযোগৰ ভিতৰত ৩১টা অভিযোগতে কোৱা হৈছে যে তেওঁ “ইচ্ছাকৃতভাৱে গুৰুত্বপূৰ্ণ আৰু গোপনীয় নথি-পত্ৰ লগত ৰাখিছিল।”
ট্ৰাম্পৰ বিৰুদ্ধে দেশৰ গোপন তথ্য চুৰিৰ অভিযোগ অনা আইনজীৱী গৰাকীয়ে এই প্ৰ সংগত কয়, ‘’ দেশৰ গোপন তথ্য সঠিকভাৱে সংৰক্ষণ কৰি ৰখাৰ বাবে আইন আছে। আশাকৰোঁ সেইবোৰ কাৰ্যকৰী কৰা হ’ব।” একে সময়তে তেওঁ ট্ৰাম্পৰ বিচাৰ প্ৰক্ৰিয়া শীঘ্ৰে সমাপ্ত হ’ব বুলি আশা কৰিছে।
ট্ৰাম্পৰ সহায়ক ৱাল্ট নাউটাকো এই গোচৰত জড়িত কৰা হৈছে। অভিযোগ অনুসৰি, তেওঁ ট্ৰাম্পক তেওঁৰ ফ্ল’ৰিডাৰ ঘৰৰ কমেও ৬টা ঠাইত এই সকলোবোৰ গোপন নথি লুকুৱাই ৰখাত সহায় কৰিছিল। সেই সকলোবোৰ নথি-পত্ৰ শৌচাগাৰতো লুকুৱাই ৰখা হৈছে।
লগতে পঢ়ক: চাৰি দশকৰ পিছত ৰহস্যৰ সমাধান; ৪০ বছৰ পূৰ্বৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ সন্দেহজনক অপৰাধী!
ড’নাল্ড ট্ৰাম্পে মাজে সময়ে নিজৰ ঘৰতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। তালৈ আলহী-অতিথিসকলো আহিছিল। সেই ক্ষেত্ৰত জো বাইডেন প্ৰশাসনে দেশৰ গোপন তথ্য ফাদিল হোৱাৰ আশংকা কৰিছে। এই গোচৰৰ শুনানিৰ বাবে অহা মঙলবাৰে মিয়ামীৰ আদালতত হাজিৰ হ’ব পাৰে ট্ৰাম্প। দোষী সাব্যস্ত হ’লে তেওঁ সৰ্বোচ্চ ২০ বছৰৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে।