• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ন্যায়িক ব্যৱস্থাক আক্ৰমণ তথ্য চুৰিত অভিযুক্ত ট্ৰাম্পৰ; সমৰ্থকক ঐক্যবদ্ধ হোৱাৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2023 12:43 pm
ড'নাল্ড ট্রাম্প। ফাইল ফটো: সংগ্ৰহীত।

ড'নাল্ড ট্রাম্প। ফাইল ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে দেশৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত গোপন নথি-পত্ৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে তেওঁ ইয়াত হাৰ মানিবলৈ ইচ্ছুক নহয়। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি এইবাৰ ট্ৰাম্পে দেশৰ ন্যায়িক ব্যৱস্থাকে দুৰ্নীতিগ্ৰস্ত বুলি আক্ৰমণ কৰে।

আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি জো বাইডেনকো আক্ৰমণৰ লক্ষ্য কৰি ল’বলৈ পাহৰ আ নাই ট্ৰাম্পে। তেওঁ বাইডেন প্ৰশাসনে তেওঁক হাৰাশাস্তি কৰিবলৈ ন্যায়পালিকাক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

শনিবাৰে জৰ্জিয়া আৰু নৰ্থ কেৰ’লিনাত ৰিপাব্লিকান দলৰ ৰাজহুৱা সভাত ট্ৰাম্পে ভাষণ দিয়ে। সমাৱেশৰ পৰাই তেওঁ ন্যায়পালিকা আৰু বাইডেন প্ৰশাসনক তীব্ৰ সমালোচনা কৰি কয়, ‘’মোৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন হৈছে। দেশৰ ন্যায়পালিকাক মোৰ বিৰুদ্ধে যিদৰে আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে সেয়া দেশৰ ইতিহাসত ক্ষমতাৰ অপব্যৱহাৰৰ চূড়ান্ত উদাহৰণ।‘’

Apply Now

লগতে পঢ়ক: পশুৰো মানুহৰ দৰে আৱেগ-অনুভুতি আছে, মাত্ৰ দাবীৰ কথা ক’ব নোৱাৰে: বম্বে উচ্চ ন্যায়ালয়

ট্ৰাম্পে সমৰ্থকসকলক একত্ৰিত হৈ থাকিবলৈ আহ্বান জনাই কয়, ‘’আপোনালোকে মনত ৰাখিব লাগিব যে আপোনালোকে কিছুমান উন্মাদ মানুহৰ সৈতে যুঁজ দিছে।‘’

তথ্য চুৰিৰ গোচৰত তেওঁৰ বিৰুদ্ধে কিয় অভিযোগ উত্থাপন হৈছে তাৰ কাৰণো ট্ৰাম্পে ব্যাখ্যা কৰে। তেওঁৰ মতে, ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে। লগতে ট্ৰাম্পে দাবী কৰিছে যে তেওঁৰ জনপ্ৰিয়তাই বাইডেনক অতিক্ৰম কৰিছে।

দেশৰ গোপন তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁ ৰিপাব্লিকান দলৰ সতীৰ্থসকলৰো সমৰ্থন লাভ কৰিছে। ট্ৰাম্পৰ সৈতে তিক্ত সম্পৰ্ক থকা ৰিপাব্লিকান নেতা তথা হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ কেভিন মেককাৰ্থীয়েও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কাষত থিয় দিছে।

লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ স্বচ্ছ প্ৰশাসনৰ নমুনা! বিজ্ঞাপন অবিহনে বিধানসভা সচিবালয়ত ১৯জনক নিযুক্তি

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত ৩৭টা অভিযোগৰ ভিতৰত ৩১টা অভিযোগতে কোৱা হৈছে যে তেওঁ “ইচ্ছাকৃতভাৱে গুৰুত্বপূৰ্ণ আৰু গোপনীয় নথি-পত্ৰ লগত ৰাখিছিল।”

ট্ৰাম্পৰ বিৰুদ্ধে দেশৰ গোপন তথ্য চুৰিৰ অভিযোগ অনা আইনজীৱী গৰাকীয়ে এই প্ৰ সংগত কয়, ‘’ দেশৰ গোপন তথ্য সঠিকভাৱে সংৰক্ষণ কৰি ৰখাৰ বাবে আইন আছে। আশাকৰোঁ সেইবোৰ কাৰ্যকৰী কৰা হ’ব।” একে সময়তে তেওঁ  ট্ৰাম্পৰ বিচাৰ প্ৰক্ৰিয়া শীঘ্ৰে সমাপ্ত হ’ব বুলি আশা কৰিছে।

ট্ৰাম্পৰ সহায়ক ৱাল্ট নাউটাকো এই গোচৰত জড়িত কৰা হৈছে। অভিযোগ অনুসৰি, তেওঁ ট্ৰাম্পক তেওঁৰ ফ্ল’ৰিডাৰ ঘৰৰ কমেও ৬টা ঠাইত এই সকলোবোৰ গোপন নথি লুকুৱাই ৰখাত সহায় কৰিছিল। সেই সকলোবোৰ নথি-পত্ৰ শৌচাগাৰতো লুকুৱাই ৰখা হৈছে।

লগতে পঢ়ক: চাৰি দশকৰ পিছত ৰহস্যৰ সমাধান; ৪০ বছৰ পূৰ্বৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ সন্দেহজনক অপৰাধী!

ড’নাল্ড ট্ৰাম্পে মাজে সময়ে নিজৰ ঘৰতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। তালৈ আলহী-অতিথিসকলো আহিছিল। সেই ক্ষেত্ৰত জো বাইডেন প্ৰশাসনে দেশৰ গোপন তথ্য ফাদিল হোৱাৰ আশংকা কৰিছে। এই গোচৰৰ শুনানিৰ বাবে অহা মঙলবাৰে মিয়ামীৰ আদালতত হাজিৰ হ’ব পাৰে ট্ৰাম্প। দোষী সাব্যস্ত হ’লে তেওঁ সৰ্বোচ্চ ২০ বছৰৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd