• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ স্বচ্ছ প্ৰশাসনৰ নমুনা! বিজ্ঞাপন অবিহনে বিধানসভা সচিবালয়ত ১৯জনক নিযুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2023 10:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ আৰু নিকা প্ৰশাসনৰ স্বৰূপ উদঙাই শুকুৰবাৰে বিধানসভাৰ সচিবালয়ে ১৯ গৰাকী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নামত স্থায়ী নিযুক্তি দিয়াৰ তথ্য পোহৰলৈ আহিছে। ইয়াকে লৈ বিধানসভা সচিবালয়ৰ ভিতৰচ’ৰাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰি অনুসৰি, যি সময়ত ৰাজ্য চৰকাৰে তৃতীয়, চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্রত ৰাজ্যিক নিযুক্তি আয়োগৰ জৰিয়তে ৰাজ্যিক ভিত্তিত লিখিত আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি স্বচ্ছ আৰু নিকা নিযুক্তি দিয়াৰ দাবী কৰিছে, সেই সময়ত অসম বিধানসভাই কোনোধৰণৰ বিজ্ঞাপন অবিহনেই প্রাৰ্থী বাছনিৰ নামত নিজৰ মাজতে মৌখিক সাক্ষাৎকাৰৰ ভেঁকোভাওনা পাতি দহগৰাকী নিম্ন বৰ্গৰ সহায়ক, একোগৰাকীকৈ টাইপিষ্ট, কেয়াৰ টেকাৰ, কাউণ্টাৰ এছিছটেণ্ট আৰু ছগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসহ ১৯ গৰাকী প্ৰাৰ্থীক স্থায়ী নিযুক্তি দিয়ে।

লগতে পঢ়ক: চাৰি দশকৰ পিছত ৰহস্যৰ সমাধান; ৪০ বছৰ পূৰ্বৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ সন্দেহজনক অপৰাধী!

Apply Now

বাতৰি অনুসৰি, ৰাজ্যৰ উপযুক্ত নিবনুৱা যুৱক-যুবতীয়ে অংশ ল’ব পৰাকৈ মুকলি সাক্ষাৎকাৰৰ ব্যৱস্থা নকৰি বিশ্বজিৎ দৈমাৰী বিধানসভাৰ অধ্যক্ষৰ পদত বহাৰ পিচত নিজৰ খেয়ালখুচি মতে অস্থায়ী ফিক্সড পে’ বা দৈনিক হাজিৰা ভিত্তিত সংগোপনে নিযুক্তি পোৱা ১০৯ গৰাকীৰো অধিক অস্থায়ী কৰ্মচাৰীৰ মাজৰ পৰা এইসকলক স্থায়ী নিযুক্তি দিয়া হৈছে।

জানিব পৰা মতে, যোৱা ৪ আৰু ৫ জুনত মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰা দেখুৱাই তেওঁলোকক বাছনি কৰা হয়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কোনোধৰণৰ মুকলি বিজ্ঞাপন দিয়া হোৱা নাই। তদুপৰি, বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ দিনত অস্থায়ীভাৱে নিয়োজিত প্রাথীসকলকো মৌখিক সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত কৰা হৈছে।

লগতে পঢ়ক: ঔৰংজেবৰ প্ৰশংসা কৰি ভিডিঅ’ পোষ্ট; মহাৰাষ্ট্ৰৰ ১৪ বছৰীয়া কিশোৰৰ বিৰুদ্ধে দাখিল এফ আই আৰ

অভিযোগ উঠিছে যে বিধানসভাৰ নিৰ্দিষ্ট দুজনমান বিষয়াৰ লগতে অধ্যক্ষৰ পছন্দৰ প্রাৰ্থীসকলেই স্থায়ী নিযুক্তিৰ বাছনিত উঠিছে। আনহাতে, পূৰ্বৰ অধ্যক্ষগৰাকীৰ আমোলত অস্থায়ীভাৱে নিয়োজিত বিধানসভাৰ সচিবালয়ত কৰ্মৰত একাংশ প্রাৰ্থীক এনেদৰে বঞ্চিত কৰাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বাতৰি মতে, শুকুৰবাৰে স্থায়ীভাৱে নিযুক্তি পোৱাকেইজনকে ধৰি যোৱা দুবছৰৰ ভিতৰত অস্থায়ীভাৱে নিয়োজিত আটাইবোৰ কৰ্মচাৰীৰে চাকৰি নিয়ীয়াকৰণৰ বাবে বিধানসভাৰ সচিবালয়ত তৎপৰতা চলিছে। ইয়াৰ বিপৰীতে বয়সৰ দোহাই দি পূৰ্বৰ পৰা কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলৰ প্রতি বিধানসভা কৰ্তৃপক্ষই চৰম বৈষম্যমুলক নীতি গ্ৰহণ কৰাত তেওঁলোকে চাকৰি হেৰুওৱাৰো আশংকাত ভুগিছে।

লগতে পঢ়ক: স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে এই সকল মহিলাই; কৈছে চাণক্য নীতিয়ে

ৰাজ্য চৰকাৰৰ এনে দুৰ্নীতিমূলক নিযুক্তিৰ প্ৰসংগই চৰকাৰখনৰ আন আন নিযুক্তিসমূহৰ ক্ষেত্ৰতো যে স্বচ্ছতাৰ বিষয়ত প্ৰশ্নৰ অৱতাৰণা কৰিব তাত সন্দেহ নাই।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd