বোকাখাতৰ ডিফলু চাহ বাগিচাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। সামান্য শীতল পানীয় চুৰিৰ অভিযোগতে চাৰি কনমানিৰ ওপৰত বৰ্বৰ ,অমানুষিক অত্যাচাৰ চলালে একাংশ মানৱৰূপী দানৱে।
জানিব পৰা মতে, শুকুৰবাৰে ডিফলু চাহ বাগিচাৰ কলঘৰ সমীপৰ পাপু ঠাকুৰ নামৰ লোকজনৰ দোকানৰ পৰা কেইটামান “লিছি”ৰ বটল চুৰি কৰাৰ সাধাৰণ অপৰাধতে জঘন্য অপৰাধীৰ দৰে চাৰি শিশুক ৰাজহুৱা স্থানত আঠু কঢ়াই বৰ্বৰভাৱে প্ৰহাৰ কৰি তালিবানী শাস্তি বিহিলে একাংশই। কেৱল ইমানেই নহয় বৰ্বৰতাৰ সীমা চেৰাই চাৰি কণমাণিৰ মূৰৰ চুলি ক্ষুৰাই আসুৰিক তৃপ্তি লভিলে দোকানখনৰ স্বত্বাধিকাৰ পাপু ঠাকুৰৰ লগতে একাংশ পাষণ্ডই।
প্ৰায় চাৰি ঘন্টাৰো অধিক সময় একাংশ দানৱৰ বৰ্বৰ অত্যাচাৰৰ সন্মুখীন হ’ব লগা হ’ল মাত্ৰ ৭/৮ বছৰীয়া চাৰিটা অবোধ শিশু।
অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চাৰি শিশুক উদ্ধাৰ কৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰে। ইতিমধ্যে মুল অভিযুক্ত পাপু ঠাকুৰক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে এই সমগ্ৰ ঘটনা কেশৱ কুৰ্মী নামৰ এগৰাকী গাঁওৰক্ষী বাহিনীৰ কৰ্মীৰ সন্মুখতে সংঘটিত হ’ল যদিও ব্যক্তি গৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰিতে নিৰ্বোধ শিশুকেইটিক অত্যাচাৰৰ বাবে উচটনি দিয়াৰহে অভিযোগ উত্থাপন কৰিছে ডিফলু চাহ বাগিচাৰ আটছাৰ প্ৰাথমিক গোটে।
আনহাতে সমগ্ৰ ঘটনাৰ তাৎক্ষণিক তদন্ত কৰি নিৰ্বোধ শিশু কেইটিক অমানুষিক অত্যাচাৰ চলোৱা দোকানি পাপু ঠাকুৰৰ লগতে গাঁওৰক্ষী কেশৱ কুৰ্মীকো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই বোকাখাতৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছে ডিফলু পথাৰ আটছাৰ কৰ্মকৰ্তাসকলে।
সামান্য দোষৰ অভিযোগতে চাৰি অবোধ শিশুৰ ওপৰত অত্যাচাৰ চলোৱা পাষাণ মানুহৰ এই অমানৱীয় কাণ্ডক লৈ স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল।