বোকাখাটৰ ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হৈ প্ৰতিশোধৰ ৰাজনীতি কৰি প্ৰতিবাদকাৰীৰ ওপৰত গোচৰ ৰুজু কৰা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু শীঘ্ৰে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰিছে।
বোকাখাট সমষ্টিৰ দুসুঁতিমুখ পঞ্চায়তৰ অন্তৰ্গত দুসুঁতিমুখ-দেবীথান সংযোগী পথৰ আধাৰশিলা ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীতে কৃষিমন্ত্ৰী অতুল বৰাই স্থাপন কৰিছিল। কিন্তু দীৰ্ঘদিনে সেই পথ নিৰ্মান নকৰি যোৱা ৭ জুন তাৰিখে সেই পথটোৰ কাষৰে আন এটা নতুন পথৰ আধাৰশিলা স্থাপন কৰিবলৈ যায় কৃষি মন্ত্ৰী অতুল বৰা। গুৰুত্বপূৰ্ণ পথটো দীৰ্ঘদিনে নিৰ্মান নকৰাৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাই স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়।
ইয়াতে ক্ষুব্ধ হৈ পৰে কৃষিমন্ত্ৰী আৰু তেওঁ ঘনিষ্ঠসকল। সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি তেনে এগৰাকী ঘনিষ্ঠ বুলি পৰিচিত সূচেন মৰাণ নামৰ ব্যক্তিজনে প্ৰতিবাদীকাৰীক ভয়-ভাবুকি দিয়া আৰম্ভ কৰিছে। অকল ইমানেই নহয় প্ৰতিশোধপৰায়ণ মন্ত্ৰীগৰাকীৰ নিৰ্দেশত ৮ জন ব্যক্তিৰ বিৰুদ্ধে গড়কাপ্তানি বিভাগৰ হতুৱাই গোচৰ দিয়াইছে বুলি খবৰ প্ৰকাশ হৈছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)য়ে মন্ত্ৰী অতুল বৰা আৰু তেওঁৰ দলী সতীৰ্থই কৰা এই ভয়-ভাবুকিৰ ৰাজনীতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী কৰিছে।
এটা ন্যায্য দাবীক লৈ প্ৰতিবাদ কৰাৰ বাবে গোৰ ৰুজু কৰা আৰু হত্যাৰ ভাবুকি দিয়াটো স্বৈৰাচাৰী শাসন আৰু প্ৰতিশোধৰ ৰাজনীতিৰে অংশ। গণতান্ত্ৰিক দেশ এখনত প্ৰতিবাদ কৰাটো সাংবিধানিক অধিকাৰ।
প্ৰতিবাদকাৰীৰ ওপৰত গোচৰ ৰুজু কৰাই নহয়, সমান্তৰালভাৱে দলীয় কৰ্মীৰ হতুৱাই ফোন যোগে ভয়-ভাবুকি দিয়াও আৰম্ভ কৰে। এনে কথপোকথন সংবাদ মাধ্যমত বহুল প্ৰচাৰ হৈছে। স্বাভাৱিকতে প্ৰশ্ন হৈছে গণতান্ত্ৰিক দেশ এখনত এনে শাসক গোষ্ঠীয়ে ভয়-ভাবুকিৰ ৰাজনীতি আৰম্ভ কৰিছে নেকি ?
আচৰিত কথাটো হৈছে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজূ কৰা আৰক্ষীয়ে প্ৰতিবাদকাৰীক হত্যাৰ ভাবুকি দিয়া ব্যক্তিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া গৰিহণাযোগ্য আৰু নিন্দনীয়। ডি ৱাই এফ আইয়ে দাবী কৰিছে প্ৰতিবাদকাৰী ৰাইজৰ ওপৰত ৰুজু কৰা গোচৰ শীঘ্ৰে প্ৰত্যাহাৰ কৰক। স্বৈৰাচাৰী শাসন বন্ধ কৰক।