ছাত্ৰ সংগঠন ডি ৱাই এফ আই আৰু এছ এফ আইৰ কামৰূপ মহানগৰ জিলাৰ উদ্যোগত কালি ১৪ জুন তাৰিখে বিশ্ব ৰক্তদাতা দিৱস আৰু বিপ্লৱী চে গুৱেভাৰাৰ জন্ম দিৱস উদযাপন কৰা হয়। এছ এফ আইৰ কামৰূপ (ম) জিলা সভাপতি আৰু ডি ৱাই এফ আইৰ জিলা সভাপতি লিন্টন শইকীয়াৰ সঞ্চালনাত কালিৰ এই অনুষ্ঠান পৰিচালিত হয়।
শ্বহীদ ধধৰণী ৰিজ্জাল ৰক্তাদাতা সংস্থান আৰু ইয়াৰ উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে ডি ৱাই এফ আইৰ যুটীয়া সম্পাদক নিৰংকুশ নাথে। অনুষ্ঠানটিত ৰক্তদান সম্পৰ্কে সজাগতা মূলক বক্তব্য ৰাখে ডাঃ ৰূপম চৌধুৰীয়ে।
বিষয়বস্তুৰ ওপৰত চমু বক্তব্য ৰাখে ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে। ছাত্ৰ-ছাত্ৰীৰ প্ৰেৰণা অনুষ্ঠান সম্পৰ্কত ব্যাখ্যা আগবঢ়ায় এছ এফ আইৰ কামৰূপ (ম) জিলাৰ সম্পাদিকা অনুজা ডেকাই।
ইফালে বিশ্ব বৰেণ্য বিপ্লৱী চে’ গুৱেভাৰাৰ জীৱন তথা এছ এফ আইৰ আদৰ্শ সম্পৰ্কে আলোকপাত কৰে এছ এফ আই অসম ৰাজ্যিক কমিটীৰ যুটীয়া সম্পাদক হিমাংশু বৰাই।
অনুষ্ঠানটিত “ধৰণী ৰিজ্জাল ৰক্তদাতা সংস্থান”- ৰ ল’গ’ উন্মোচন কৰে ডাঃ ৰূপম চৌধুৰী, এছ এফ আই আৰু ডি ৱাই এফ আইৰ নেতৃত্বই। অনুষ্ঠানটিৰ শেষত মহানগৰৰ সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।





