যোৱা চাৰিদিন ধৰি হোৱা প্ৰবল বৰষুণে লখিমপুৰ জিলাৰ বান পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে।
প্ৰশাসনৰ তথ্য অনুসৰি চাৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত ২২খন গাঁৱৰ ২৩৫১৬ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে নৱবৈচা ৰাজহ চক্ৰৰ ১১ খন গাঁও। এই ১১ খন গাঁৱৰ ২২, ৪৬৬ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে।
ইয়াৰ ভিতৰত আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা গাঁও কেইখন হৈছে ভৰলুৱা, ১ নং কলহজোৱা, ২ নং কলাখোৱা, হৰিপুৰ, ফুকন দ’লনি, শলমৰীয়া, কোঁৱৰগাঁও, বালিটিকা, দীঘপুখুৰী, বিষ্ণুপুৰ, দৰঙীয়া, বৰশলা, বালিজান, চমুৱা আৰু পুটুকাই।
উল্লেখ্য যে শলমৰীয়া গাঁৱত শিঙৰা নদীৰ মথাউৰি ভাঙি যোৱাৰ ফলত নদীখনৰ গতিপথ সলনি হৈ নতুন দিশলৈ বৈ গৈছে। যাৰ ফলত সেই অঞ্চলসমূহতো প্ৰচণ্ড বানপানীৰ সৃষ্টি হয়।
জানিব পৰা মতে, জিলা জলসম্পদ বিভাগে নদীৰ পাৰত বাঁহৰ খুঁটা স্থাপন আৰু নলা কাটি নদীখনৰ গতিপথক মূল প্ৰবাহ পথলৈ ঘূৰাই আনিবলৈ অৰ্হনিশে কাম কৰি আহিছে।
ইফালে গেৰুকামুখস্থিত ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগমৰ (NHPC) নামনি সোৱণশিৰি জল বৈদ্যুৎ প্ৰকল্প কেন্দ্ৰৰ নিম্ন অঞ্চলত বসবাস কৰা লোকসকলে নদীখনৰ পানীৰ স্তৰ বিপদসীমাৰেখাৰ ওপৰলৈ উঠি অহাত আতংকিত হৈ পৰিছে।
উল্লেখ্য যে চাৰিদিন পূৰ্বে নেৰানেপেৰা বৰষুণ আৰু বাঢ়ি অহা পানীয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ সুৰক্ষা দেৱাল খহাই পেলাইছে। ফলত গেৰুকামুখৰ শক্তি কেন্দ্ৰৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে যথেষ্ট পৰিমাণৰ ভূমিস্খলনৰ সৃষ্টি হৈছে।
একে সময়তে লখিমপুৰত নেপকোৱে ৰঙানদীৰ পানী এৰি দিয়াৰ ফলত উত্তৰ অসমৰ ভালেমান অঞ্চলত বানপানীৰ সৃষ্টি হৈছে। ফলত লখিমপুৰত ৰঙানদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাই নদীখনৰ দুয়োকাষৰ মথাউৰিৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।