• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দা লিটিল মাৰমেইড – এখন চিনেমাৰ কথাৰে

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
June 21, 2023 12:19 am
317
VIEWS
Share on FacebookShare on Twitter

মাৰমেইড অৰ্থাৎ জলপৰী বা মৎসকন্যা। এণ্ডাৰচনৰ সাধু পঢ়াসকল এই কাহিনীৰ বিষয়ে অৱগত। এই কল্পকাহিনীৰ আলমত ১৯৮৯চনত ডিজনীয়ে একে নামেৰেই এই ছবিখন নিৰ্মাণ কৰিছিলে। যেতিয়াৰ পৰা এই ছবিখন নিৰ্মাণৰ কথা চলিছিলে,তেতিয়াৰে পৰাই ছবিখনক লৈ যথেষ্ট জল্পনা-কল্পনাও চলিছিলে। গত ৮মে’ তাৰিখে মুক্তিপ্ৰাপ্ত এই ছবিখন বৰ্তমানেও চিত্ৰগৃহত চলি আছে। পৰিচালনা ৰব মাৰ্ছেলৰ আৰু চিত্ৰনাট্য-ডেভিড মেগীৰ। এই ছবিৰ নিৰ্মাণৰ প্ৰকাৰক- “লাইভ এক্সন এডাপচন”- বুলি কোৱা হয়।

চিনেমাৰ আৰম্ভণি ঘটে জোৱাৰ-ভাটাৰ নীলাভ ৰঙৰ মাজত। দৃষ্টিনন্দন সাগৰ আৰু সাগৰতলীৰ ৰাজ্য এটলান্টিকাৰ আটাইতকৈ সৰু ৰাজকুমাৰী এৰিয়েল আন ৰাজকুমাৰীকেইজনীৰ দৰে নহয়। এৰিয়েল আনুসান্ধিৎসু,উৎসুক আৰু নিত্যনতুনতাৰ প্ৰতি আগ্ৰহী। সাগৰতলীৰ বাদেও বাহ্যিক পৃথিৱীখন চাবৰ অপাৰ আগ্ৰহ। এইখিনিতে দা লিটিল মাৰমেইডক ২০২১বৰ্ষৰ ডিজনীৰেই এনিমেটেড ছবি-“লুকা”ৰ লগত এক সংযোগ দেখিবলৈ পোৱা যায়। মাথোঁ দা লিটিল মাৰমেইডতকৈ লুকা এখন ছবিৰূপে বহুগুণে উন্নত আছিল। আৰু এইখিনিৰে পৰাই ছবিখনৰো উত্থানৰ এক বিৰাট সুযোগ আছিলে। আৰম্ভণিৰে পৰাই সাংগিতীক কল্পকাহিনীৰ ছবি যিহেতু গীতৰ প্ৰয়োগ আছে। ডিঅ’ন বীবেৰ আলোকশিল্পৰ কাম চকুত লগা সমগ্ৰ চিনেমাখনতেই। পিছে ডিজনীৰ এই মহা-আয়োজনৰ ছবিখনত অতিকৈ মন্থৰ গতিৰ বাবে অতি আমনিদায়ক এখন ছবি হৈ ৰ’ল। আৰু চিত্ৰনাট্যত থকা খুঁ‌টৰ বাবে কোনো সময়তেই কোনোধৰণৰেই আৱেগ-বিষাদ,আনন্দ,প্ৰেম,যন্ত্ৰণা,কূটিলতা,জটিলতা তথা হাস্যৰস একোৰেই লগতেই সংযুক্ত হোৱাৰ থলেই নাছিল। ৰাজকুমাৰ-ৰাজকুমাৰীৰ প্ৰেম,প্ৰেমত বাধা,বাধা নেওচি মিলন-আদিবোৰৰ কল্পকাহিনীৰ কথন হয়তোবা কিবাকৈ শিশুৰ বাবে মনোৰঞ্জক হ’ব পাৰে,কিন্তু প্ৰাপ্তবয়স্কসকলৰ বাবে এই ছবিখনৰ দুঘন্টাৰ দৈৰ্ঘ্য পাৰ কৰা কঠিন। এক কথাত ডিজনীৰ এই বৃহৎ আয়োজন এক ব্যৰ্থ প্ৰয়াসৰ বাদে আন একো নহয়। 

ৱেইট স্মিথৰ সম্পাদনাৰ দিশ ভাল। এলেন মেনকেনৰ আৱহ- সংগীতৰ লগতেই সংগীত পৰিচালনাৰ সামগ্ৰিক দিশটিও ভাল লগা এক অংশ ছবিখনৰ। হাল্লে বেইলীয়ে মূখ্য চৰিত্ৰত অৰ্থাৎ মাৰমেইড এৰিয়েলৰ চৰিত্ৰত অভিনয় কৰিছে।

-ৰিমলী বৰকটকী।

মেইল- [email protected]

Recent News

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd