• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অপ্ৰতিৰোধ্য ভাৰত: ক্ৰমাগত দ্বিতীয় জয়েৰে ছাফ চেম্পিয়নশ্বিপৰ ছেমিত প্ৰৱেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2023 12:04 am
India Football team
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাফ চেম্পিয়নশ্বিপৰ খিতাপ অক্ষুণ্ণ ৰখাৰ দৌৰত আৰু এখোজ আগবাঢ়িছে ডিফেণ্ডিং চেম্পিয়ন ভাৰত। ভাৰতীয় দলক সন্মুখৰ পৰা নেতৃত্ব দি বিগত দেওবাৰে ইণ্টাৰকণ্টিনেণ্টেল কাপত শ্ৰেষ্ঠত্ব অৰ্জনত প্ৰধান ভূমিকা লোৱা ভাৰতীয় ফুটবলৰ মহানায়ক ছেত্ৰীৰ নেতৃত্বতে ক্ৰমাগত দ্বিতীয়টো খিতাপ অৰ্জনৰ দিশত অগ্ৰসৰ হৈছে প্ৰবল আত্মবিশ্বাসী ভাৰতীয় দল।

আজি ছাফ চেম্পিয়নশ্বিপৰ নিজৰ দ্বিতীয়খন মেচত নেপালক ২-০ গলত পৰাস্ত কৰি ভাৰত অগ্ৰসৰ হৈছে ছেমিফাইনেললৈ। প্ৰতিযোগিতাৰ প্ৰথম মেচত পাকিস্তানৰ বিপক্ষে দৰ্শনীয় হেট্ৰিকেৰে জয়ৰ নায়ক হৈ পৰা অধিনায়ক সুনীল ছেত্ৰীয়ে আজিৰ জয়তো পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা।

Apply Now

নেপালৰ বিৰুদ্ধে আজিৰ মেচখনত অৱশ্যে প্ৰথমাৰ্ধত ভাৰতীয় দলৰ প্ৰদৰ্শন আছিল পূৰ্বৰ মেচখনৰ তুলনাত কিছু দুৰ্বল। এই দুৰ্বলতাৰ বাবেই প্ৰথমাৰ্ধত নেপালৰ গলবক্সত আঘাত সনাত ব্যৰ্থ হয় ভাৰতীয় দল। অৱশ্যে দ্বিতীয়াৰ্ধত ছন্দোদয় ঘটা ভাৰতীয় দলটোৱে ক্ৰমাগত আক্ৰমণেৰে নেপালৰ ডিফেঞ্চ ব্যতিব্যস্ত কৰি তোলে।

ধাৰাবাহিক আক্ৰমণৰ চোক বৃদ্ধি কৰি খেলৰ ৬১ মিনিটত প্ৰথমটো সফলতা লাভ কৰে ভাৰতে। দলৰ মেৰুদণ্ডস্বৰূপ সুনীল ছেত্ৰীৰ জৰিয়তে আহে এই সফলতা। নাওৰেম মহেশ সিঙে বাওঁফালেৰে ছেত্ৰীলৈ আগুৱাই দিয়া এক নিখুঁত পাছ নেপালৰ নেটলৈ ঠেলি ভাৰতক প্ৰথমটো অগ্ৰগতি দিয়ে ছেত্ৰীয়ে।

ইয়াৰ পাছতে অধিক বৃদ্ধি পায় ভাৰতৰ আক্ৰমণ। বিশেষকৈ নেপালৰ ডিফেঞ্চত একপ্ৰকাৰে ত্ৰাস হৈ পৰে নাওৰেম-ছেত্ৰী যুটী। ৬৯ মিনিটত সাহালে ঠেলি দিয়া বলত ছেত্ৰীয়ে পুনৰ নেপালৰ নেট অভিমুখে শ্বট লয় যদিও নেপালৰ গলৰক্ষকে ছেত্ৰীৰ শ্বট প্ৰতিহত কৰে।

কিন্তু গলৰক্ষকৰ হাতৰ পৰা বল গলপোষ্টত লাগে আৰু ঘূৰি আহি বল পুনৰ পৰে নাওৰেমৰ ভৰিত। সুযোগ সন্ধানী নাওৰেমে এই সহজ সুযোগ গললৈ ৰূপান্তৰিত কৰি ভাৰতৰ জয় নিশ্চিত কৰাৰ লগতে দেশৰ হৈ প্ৰথমটো গল স্ক’ৰ কৰাৰ সাফল্য অৰ্জন কৰে।

উল্লেখ্য যে, আজিৰ এই মেচখনত ভাৰতীয় দলৰ ষ্টেণ্ডত উপস্থিত নাছিল মুখ্য প্ৰশিক্ষক ইগ’ৰ ষ্টিমাক। পূৰ্বৰ মেচখনত ৰেড কাৰ্ডৰ সন্মুখীন হোৱাৰ বাবে আজিৰ মেচখনত নিলম্বিত হ’বলগা হৈছিল প্ৰশিক্ষকগৰাকী। অৱশ্যে ষ্টিমাক অবিহনেই ভাৰতীয় দলে ক্ৰমাগত অষ্টমখন মেচত ক্লিন শ্বীট ৰাখিবলৈ সক্ষম হয়।

ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱা ভাৰতৰ অৱশ্যে সূচী অনুসৰি গ্ৰুপ পৰ্যায়ৰ আৰু এখন মেচ বাকী আছে। অহা ২৭ জুনত কুৱেইটৰ বিপক্ষে গ্ৰুপৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব ডিফেণ্ডিং চেম্পিয়ন দলটো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd