বহু অভিনেতা-অভিনেত্ৰী পৰ্দাত অন্তৰংগ দৃশ্যত অভিনয় কৰি একেবাৰেই অস্বস্তি অনুভৱ কৰে। কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই তেওঁলোকে কেতিয়াও কাকো চুম্বন কৰা বা কোনো অন্তৰংগ দৃশ্যত অভিনয় নকৰাৰ পন্থা গ্ৰহণ কৰি চলে। ইয়াৰে এজন হৈছে ছলমান খান। এই তালিকাৰ আন এগৰাকী উল্লেখযোগ্য চেলিব্ৰিটি হৈছে তামান্না ভাটিয়া।
তামান্নাই আৰম্ভণিৰে পৰাই স্পষ্ট কৰি দিছিল যে তেওঁ কেতিয়াও চিত্ৰনাট্যৰ দাবী অনুসৰি চুম্বনৰ দৃশ্য বা অন্তৰংগ দৃশ্যত অভিনয় নকৰে। কেৰিয়াৰৰ ১৮ বছৰ এই প্ৰতিজ্ঞা ধৰি ৰখাত তেওঁৰ কোনো সমস্যা হোৱা নাছিল। প্ৰতিজ্ঞা অনুসৰি সকলো ঠিকেই চলি আছিল। কিন্তু হঠাৎ ছন্দপতন ঘটিল।
এতিয়া তামান্না ভাটিয়াই নিজৰ প্ৰতিজ্ঞা ভংগ কৰিলে। ছ’চিয়েল মিডিয়াত নিশাৰ ভিতৰতে ভাইৰেল হৈ পৰিল এই সাহসী ক্লিপিং। OTT ত মুক্তি পাবলৈ ওলাইছে লাষ্ট ষ্টৰিছ টু। তাত তামান্নাই এদল তাৰকাৰ সৈতে অভিনয় কৰিছে। অৱশ্যে এই ছবিখনত অন্তৰংগ দৃশ্যত দেখা গৈছে তেওঁক। বিপৰীতে অভিনেতা বিজয় বৰ্মা।
এইখনেই প্ৰথম ছবি, য’ত অনুৰাগীয়ে তামান্নাক এনেদৰে দেখিছে। কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই এই বিষয়ত স্পষ্ট উত্তৰ দি আহিছিল তামান্নাই। বলীউডৰ পৰা দক্ষিণৰ ছবিলৈকে তামান্নাৰ নীতি এতিয়ালৈকে অক্ষুন্ন হৈ আছিল। কিন্তু তমন্নাই এই প্ৰতিজ্ঞা ভংগ কৰিলে।
এই প্ৰসংগত অভিনেতা বিজয়া বৰ্মাই এক সাক্ষাৎকাৰত কয়, ‘তামান্না আৰু মই চিত্ৰনাট্য শুনিবলৈ সুজয় ঘোষৰ অফিচলৈ গৈছিলো। তাতেই তামান্নাই মোৰ পৰা শুনিছিল যে মইও মোৰ কেৰিয়াৰত কেতিয়াও এনেকুৱা দৃশ্যত অভিনয় কৰা নাই। তামান্নাই সন্মতি দি মাত দিয়ে যে তেওঁৱো এতিয়ালৈকে কৰা নাই। কিছু থমকি ৰোৱাৰ পিছত তামান্নাই কয় যে আপুনিয়ে প্ৰথম যাৰ লগত মই এনেকুৱা এটা দৃশ্যত অভিনয় কৰিবলৈ ওলাইছো। মই সেই কথা শুনি ধন্যবাদ বুলি কলো।
বিজয় বৰ্মাৰ সৈতে তামান্নাৰ দৃশ্যটো এতিয়া চচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই ছবি ধুমুহাৰ দৰে ভাইৰেল হৈ পৰিছে।