• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2026 4:28 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত চলি থকা ছাত্ৰ সংসদ নিৰ্বাচনৰ বতাহে ৰাজনৈতিক মহল গৰম কৰি তুলিছে। উত্তৰৰ পৰা দক্ষিণে দেশৰ অগ্ৰণী শিক্ষানুষ্ঠানসমূহ দখল কৰিবলৈ বাওঁপন্থী ছাত্ৰ সংগঠন, কংগ্ৰেছৰ ছাত্ৰ শাখা এনএছইউআই আৰু বিজেপি সমর্থিত এবিভিপিৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলিছে। ৰাষ্ট্ৰীয় স্তৰৰ এই নিৰ্বাচনত দিল্লী বিশ্ববিদ্যালয়ৰ দৰে ঠাইত গেৰুৱা শিবিৰে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’লেও, দক্ষিণৰ কেম্পাছসমূহত ডাঙৰ বিজয় সাব্যস্ত কৰিছে এছএফআইয়ে।

 

Apply Now

হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সফলতাৰ পাছতে এইবাৰ পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদ নিৰ্বাচনতো একক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছে এছএফআইয়ে। খবৰ অনুসৰি, এইবাৰৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰি বাওঁ ছাত্ৰ সংগঠনটোৱে চমক সৃষ্টি কৰিছে। পণ্ডিচেৰী বিশ্ববিদ্যালয়ত এছএফআইৰ প্ৰাৰ্থীসকলে অকলশৰেই ৭০ খন আসন লাভ কৰে। আনহাতে, তেওঁলোকৰ মূল প্ৰতিদ্বন্দ্বী আৰএছএছ সমর্থিত এবিভিপি মাত্ৰ ২০ খন আসনতে সীমাবদ্ধ থাকে। বাকী আসনসমূহ অন্যান্য প্ৰাৰ্থীৰ দখললৈ যায়।

 

কিছুদিন পূৰ্বে হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদ নিৰ্বাচনতো ডাঙৰ বিজয় লাভ কৰিছিল বাওঁপন্থীয়ে। সদ্য সমাপ্ত নিৰ্বাচনত এছএফআই, আইছা আদি বিভিন্ন বাওঁ আৰু সমমনোভাৱাপন্ন সংগঠনৰ যুটীয়া মিত্ৰজোটৰ প্ৰাৰ্থী দিলশাদা ৰাইহানে সভাপতি পদত বিজয়ী হয়। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী এবিভিপি সমর্থিত মিত্ৰজোটৰ প্ৰাৰ্থী নৰেশ পদিচেট্টীক পৰাস্ত কৰে। কেৱল সেয়ে নহয়, কেৰালাৰ মহাবিদ্যালয়সমূহত বাওঁ যুৱশক্তিৰ ভেটি যে এতিয়াও কিমান গভীৰ, তাৰ প্ৰমাণ পোৱা গৈছে শেহতীয়া পৰিসংখ্যাত। কেৰালাত শেহতীয়াকৈ সম্পন্ন হোৱা ছাত্ৰ নিৰ্বাচনত ৰাজ্যখনৰ ৬৫০খন মহাবিদ্যালয়ৰ ভিতৰত প্ৰায় ৬০৯ খন মহাবিদ্যালয়তে জয়ী হৈছে এছএফআই। তৰুণ প্ৰজন্মৰ মনত বাওঁ প্ৰভাৱ যে অলপো হ্ৰাস পোৱা নাই, এই জয়ে তাকে স্পষ্ট কৰি তুলিছে।

 

দক্ষিণত বাওঁপন্থীয়ে একেৰাহে জয়ৰ ধাৰা অব্যাহত ৰখাৰ বিপৰীতে, ইয়াৰ বিপৰীত ছবিখনহে দেখা গৈছে দেশৰ ৰাজধানী দিল্লীত। দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংসদ নিৰ্বাচনৰ চাৰিটা প্ৰধান পদৰ তিনিটাতে ডাঙৰ বিজয় সাব্যস্ত কৰিছে এবিভিপিয়ে। সভাপতি, সম্পাদক আৰু যুটীয়া সম্পাদক পদত জয়ী হৈছে গেৰুৱা শিবিৰ। আনহাতে, কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআই এই নিৰ্বাচনত শোচনীয়ভাৱে ব্যৰ্থ হয় আৰু কোনো কেন্দ্ৰীয় পদতেই খাতা খুলিব নোৱাৰিলে। অৱশ্যে সহ-সভাপতি পদত জয় লাভ কৰে কংগ্ৰেছৰ টিকট নাপাই বিদ্ৰোহী ৰূপত ওলাই অহা নিৰ্দলীয় প্ৰাৰ্থী দীপাংশু শৌখিনে। বিশেষজ্ঞসকলৰ মতে, প্ৰাৰ্থী নিৰ্বাচনত দলৰ আভ্যন্তৰীণ অসন্তুষ্টি আৰু বাওঁ তথা কংগ্ৰেছৰ পৃথকভাৱে যুঁজ দিয়াৰ কৌশলেই এই পৰাজয়ৰ অন্যতম মূল কাৰণ।

 

এই সমগ্ৰ প্ৰসংগত এছএফআইৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক সৃজন ভট্টাচাৰ্যই কয় যে দেশৰ তৰুণ প্ৰজন্মই বৰ্তমান আৰএছএছ আৰু বিজেপীৰ বিকল্প বিচাৰি ফুৰিছে আৰু য’ত আদৰ্শগত বিকল্প লৈ বাওঁপন্থীসকল উপস্থিত থাকে, তাত ছাত্ৰ-ছাত্ৰীসকলে বাওঁপন্থীসকলকেই প্ৰথম পছন্দ হিচাপে বাচি লয়। তেওঁ লগতে কয় যে কেৱল দক্ষিণ ভাৰততেই নহয়, ৰাজস্থান, উত্তৰাখণ্ড আৰু অসমৰো একাংশ মহাবিদ্যালয়ত শেহতীয়াকৈ বাওঁ সংগঠনে জয়লাভ কৰিছে, যিবোৰ ৰাজ্য বিজেপি শাসিত। তেওঁৰ মতে, দেশজুৰি এছএফআইৰ এই বিজয়সমূহে প্ৰমাণ কৰে যে সাধাৰণ ছাত্ৰ সমাজৰ মাজত বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে এক প্ৰতিষ্ঠান বিৰোধী হাওৱা বঢ়িছে আৰু বিকল্প হিচাপে বাওঁপন্থীসকলক ছাত্ৰ-ছাত্ৰীয়ে আঁকোৱালি লৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd