মুম্বাইৰ মেৰিন ড্ৰাইভত প্লাকাৰ্ড হাতত লৈ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰচাৰ চলাই থকা অৱস্থাত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক নেতা অভিজিৎ দীপকেক থানালৈ লৈ যায় মুম্বাই আৰক্ষীয়ে। শুক্ৰবাৰে গান্ধী জয়ন্তীৰ দিনটোত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত এক আন্দোলনৰ কথা দলটোৱে পূৰ্বেই ঘোষণা কৰিছিল। তাৰ ঠিক আগদিনা অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হয়।
প্ৰতিবাদৰ প্ৰচাৰ চলাই থকাৰ সময়তে আৰক্ষীৰ এখন গাড়ী আহি অভিজিৎক থানালৈ যাবলৈ অনুৰোধ কৰে। সেই সময়ত এগৰাকী মহিলা আৰক্ষীয়ে তেওঁক বৰ মৰমেৰে কয় যে থানালৈ ব’লক, তাত চাহ খাই আহিব। কিন্তু থানাত পোৱাৰ পিছত তেওঁক চাহো দিয়া নহ’ল বুলি অভিজিতে অভিযোগ কৰিছে। প্ৰতিবাদী কাৰ্যসূচীৰ ঠিক আগমুহূৰ্তত তেওঁৰ বহুমূলীয়া সময় নষ্ট কৰাৰ উদ্দেশ্যেহে আৰক্ষীয়ে তেওঁক থানাত বহুৱাই ৰাখিছিল বুলি তেওঁ দাবী কৰে।
ইফালে, আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত জনাইছে যে কোনো ধৰণৰ গ্ৰেপ্তাৰ বা আটক কৰা হোৱা নাছিল, কেৱল কিছু বিশেষ প্ৰয়োজনীয় কথা পতাৰ বাবেহে তেওঁক থানালৈ মাতি অনা হৈছিল। প্ৰায় এঘণ্টা থানাত ৰখাৰ পিছত তেওঁক সসন্মানে এৰি দিয়া হয়। এই ঘটনাৰ আঁৰত আৰক্ষীৰ অন্য কোনো উদ্দেশ্য আছিল বুলি ককৰোচ দলৰ নেতাসকলে সন্দেহ প্ৰকাশ কৰিছে।





