বিহাৰত ভাঙি পৰিছে এখন নৱনিৰ্মিত দলং। দলং খন ভাঙি পৰাৰ বাবে কিষাণগঞ্জ-শিলিগুৰি-আৰাৰিয়া পথৰ যাতায়ত স্তব্ধ হৈ পৰিছে।
দেওবাৰে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰদান কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি, ২৩ জুনত বিয়লি চি এইচৰ আন্তঃগাঁথনি ভাঙি পৰে।
উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহত এই আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছিল। কিন্তু নিৰ্মাণৰ মাত্ৰ কেইদিনমানৰ পিছতেই ভাঙি পৰে নৱ নিৰ্মিত দলংখন। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো নিৰ্মাণ শ্ৰমিকৰ আহত নিহত হোৱা নাই।
এই ঘটনাৰ পিছতেই দলং নিৰ্মাণ কোম্পানী মেছাৰ্ছ জি আৰ ইনফ্ৰা প্ৰজেক্টছ হাইৱে প্ৰাইভেট লিমিটেডৰ প্ৰকল্প পৰিচালকক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে আৰু এখন তদন্ত কমিটি গঠন কৰি এই ঘটনাৰ বিশদ তদন্ত কৰাৰ কথা ঘোষণা কৰিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে।