• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

উপেক্ষিত ছৰফৰাজ, ক্ষুব্ধ গাভাস্কাৰ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2023 9:54 pm
Gavaskar on Sarfaraz
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে শুকুৰবাৰে ভাৰতীয় দল ঘোষণা কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই- এ। এই ভ্ৰমণত কেৰিবিয়ান বাহিনীৰ বিপক্ষে দুখন টেষ্টৰ লগতে সীমিত অভাৰৰ শৃংখলাত অৱতীৰ্ণ হ’ব ভ্ৰমণকাৰী ভাৰত।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই টেষ্ট শৃংখলাৰ বাবে দল ঘোষণা কৰি ক্ৰিকেট অনুৰাগীৰ পৰা আৰম্ভ কৰি বিশেষজ্ঞ তথা প্ৰাক্তন ক্ৰিকেটাৰৰ ৰোষত পৰিছে বিচিচিআই। এগৰাকী যুৱ ক্ৰিকেটাৰক কেন্দ্ৰ কৰি আগন্তুক এই শৃংখলাটোৰ পূৰ্বে সম্প্ৰতি সৃষ্টি হৈছে বিতৰ্কৰ।

Apply Now

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিয়ে কেৰিবিয়ান শৃংখলাৰ বাবে জিৰণি দিছে টেষ্ট বিশেষজ্ঞ চেতেশ্বৰ পূজাৰাক। সকলোৱে আশা কৰিছিল, পূজাৰাৰ স্থানত এইবাৰ দলত স্থান লাভ কৰিব নৱোদিত তাৰকা ছৰফৰাজ খানে।

কিন্তু ছৰফৰাজ সন্দৰ্ভত পুনৰ কঠোৰ হৈ পৰিল নিৰ্বাচক সমিতি। ৰাষ্ট্ৰীয় দলত পুনৰ এবাৰ উপেক্ষিত হ’ল ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই অহা ছৰফৰাজ। ইয়াৰ পিছতে বিচিচিআই তথা নিৰ্বাচকৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰে কিংবদন্তি সুনীল গাভাস্কাৰে।

বিচিচিআই তথা নিৰ্বাচক সমিতিক তীব্ৰ আক্ৰমণ কৰি গাভাস্কাৰে উপেক্ষিত ছৰফৰাজক আনকি ৰঞ্জীসহ ঘৰুৱা ক্ৰিকেটত খেলা বন্ধ কৰিবলৈও পৰামৰ্শ দিয়ে। এক সাক্ষাৎকাৰত গাভাস্কাৰে ছৰফৰাজক উপেক্ষা কৰাত আশ্চৰ্য প্ৰকাশ কৰি ভাৰতীয় জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাৰ অৰ্থে ছাৰফৰাজে আৰু কি কৰিব লাগিব বুলি প্ৰশ্ন তোলে।

গাভাস্কাৰে কয় যে যোৱা তিনিটা ঘৰুৱা ক্ৰিকেট ছিজনতে ছৰফৰাজ খানে গড়ে ১০০ ৰানকৈ সংগ্ৰহ কৰি আহিছে। এনে ধাৰাবাহিকতাৰ পিছতো তেওঁ দলত নিৰ্বাচিত হ’বলৈ কি কৰিব লাগিব বুলি আশ্চৰ্য প্ৰকাশ কৰে গাভাস্কাৰে।

“ছৰফৰাজ হয়তো মূল একাদশত নাথাকিবও পাৰে, কিন্তু আপোনালোকে তেওঁক দলত বাছি লওক।”– বিচিচিআইক সমালোচনা কৰি গাভাস্কাৰে কয়। তেওঁ লগতে কয়, “তেওঁক কওক যে তেওঁৰ প্ৰদৰ্শনক স্বীকৃতি দিয়া হৈছে।” অন্যথা বিচিচিআই- এ ছৰফৰাজক ৰঞ্জি ট্ৰফী খেলা বন্ধ কৰিবলৈ কৈ দিব লাগি বুলি ক্ষোভ প্ৰকাশ কৰে গাভাস্কাৰে।

গাভাস্কাৰৰ মতে, যদিহে এনে প্ৰদৰ্শনৰ পিছতো ছৰফৰাজে দলত স্থান লাভ নকৰে বিচিচিআই- এ তেওঁক ৰঞ্জী খেলা বন্ধ কৰি দি ৰঞ্জীৰ কোনো কাম নাই বুলি জনাই দিব লাগে আৰু কেৱল আই পি এল খেলি ৰেড বল ক্ৰিকেট অৰ্থাৎ টেষ্ট ফৰ্মেটৰ বাবে নিজকে উপযুক্ত বিবেচনা কৰাৰ পৰামৰ্শ দিব লাগে।

উল্লেখ্য যে, ২০২২-২৩ ছিজনৰ ৰঞ্জি ট্ৰফীত ছৰফৰাজে চমকপ্ৰদ বেটিঙেৰে তিনিটা শতকসহ গড়ে ৯২.৬৬ৰে ছখন খেলত ৫৫৬ ৰান সংগ্ৰহ কৰিছে। তদুপৰি ২০২১-২২ বৰ্ষৰ ৰঞ্জি ট্ৰফী ছিজনতো গড়ে ১২২.৭৫ ৰান কৰি ৯৮২ ৰান সংগ্ৰহ কৰিছিল যুৱ তাৰকাগৰাকীয়ে।

প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত ছৰফৰাজে ১৩ টা শতকসহ ৩৭ খন মেচত গড়ে ৭৯.৬৫ৰে ৩৫০৫ ৰান সংগ্ৰহ কৰিছে। ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেট ইতিহাসত ছৰফৰাজৰ এই অভিলেখ অতুলনীয়। এনে ধাৰাবাহিকতাৰ পিছতো যুৱ খেলুৱৈগৰাকীক ৰাষ্ট্ৰীয় দলত বাৰে বাৰে উপেক্ষা কৰাত স্বাভাৱিকতেই ৰোষৰ বলি হৈছে বিচিচিআই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd