• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্ধকাৰত মুখ্যমন্ত্ৰী! মন্ত্ৰীক বৰ্খাস্ত ৰাজ্যপালৰ; ‘অভূতপূৰ্ব’ পদক্ষেপকলৈ তোলপাৰ তামিলনাডু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2023 8:00 am
ভি চেন্থিল বালাজী।

ভি চেন্থিল বালাজী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে মুখ্যমন্ত্ৰীৰ লগত পৰামৰ্শ নকৰাকৈয়ে বৰ্খাস্ত কৰে কাৰাগাৰত থকা মন্ত্ৰীক। ষ্টেলিন চৰকাৰৰ মন্ত্ৰী ভি চেন্থিল বালাজী নিযুক্তিৰ দুৰ্নীতি আৰু আৰ্থিক অপব্যৱহাৰৰ অভিযোগত কাৰাগাৰত আছে। বৃহস্পতিবাৰে ৰাজ্যপালগৰাকীয়ে চেন্থিলৰ মন্ত্ৰী পদ খাৰিজ কৰে। এইটো তামিল ৰাজনীতিত ‘অভূতপূৰ্ব’ ঘটনা বুলি গণ্য কৰা হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰিয়েই এই দক্ষিণৰ ৰাজ্যখনৰ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মাজৰ সংঘাত চৰম সীমাত উপনীত হ’ল। সূত্ৰ অনুসৰি ষ্টেলিন চৰকাৰে ৰাজ্যপালৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যাব পাৰে।

নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি আৰু আৰ্থিক অপব্যৱহাৰৰ অভিযোগত প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে (ইডি) মন্ত্ৰী চেন্থিলৰ ঘৰত অভিযান চলায়। প্ৰায় ১৮ ঘণ্টাৰ জেৰাৰ অন্তত ১৪ জুনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। বুকুৰ বিষৰ বাবে সেন্থিলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তেওঁৰ ক’ৰ’নাৰী এঞ্জিওগ্ৰাম কৰি তৎক্ষণাত বাইপাছ অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে।

Apply Now

যোৱা বুধবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল চেন্থিলক। আদালতে তেওঁক ১২ জুলাইলৈকে কাৰাগাৰত ৰখাৰ নিৰ্দেশ দিয়ে। বৃহস্পতিবাৰে তামিলনাডু ৰাজভৱনৰ এক বিবৃতিত কোৱা হৈছে যে, ‘’বালাজী আৰ্থিক আত্মসাতকে ধৰি কেইবাটাও গুৰুতৰ দুৰ্নীতিৰ গোচৰত বিচাৰাধীন হৈ আছে। এজন মন্ত্ৰীয়ে নিজৰ পদৰ অপব্যৱহাৰ কৰি তদন্তত প্ৰভাৱ পেলাইছে। আইন আৰু ন্যায়ত বাধা দিছে। এনে পৰিস্থিতিত ৰাজ্যপালে লগে লগে তেওঁক কেবিনেটৰ পৰা অপসাৰণ কৰে।”

সাধাৰণতে এজন মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ পৰা অপসাৰণ কৰিব পাৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্তত ছীল-মোহৰ মাৰে ৰাজ্যপালগৰাকীয়ে। কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ দলৰ মন্ত্ৰীজনক ‘একপক্ষীয়ভাৱে’ অপসাৰণ কৰাত ক্ষোভ প্ৰকাশ কৰিছে ডি এম কে চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে, “মন্ত্ৰীক অপসাৰণ কৰাৰ কোনো অধিকাৰ ৰাজ্যপালৰ নাই। আমি আইনী পথত যাম।”

ইপিনে, ৰাজ্যপালৰ সৈতে ষ্টেলিন চৰকাৰৰ সংঘাত অৱশ্যে নতুন কথা নহয়। ৰাজ্যপালৰ ‘অসাংবিধানিক’ আচৰণক লৈ যোৱা বছৰ ডি এম কেই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আবেদন দিছিল।

অৱশ্যে মুখ্যমন্ত্ৰী ষ্টেলিনে চেন্থিলক গ্ৰেপ্তাৰ কৰাৰ পিছতো কেবিনেট পদৰ পৰা অপসাৰণ কৰা নাছিল। তেওঁ চেন্থিলক দপ্তৰহীন মন্ত্ৰী হিচাপে ৰাখি থৈছিল। বৃহস্পতিবাৰে ৰাজ্যপালগৰাকীয়ে চেন্থিলৰ কেবিনেট পদ কাঢ়ি লয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd