• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্লিপ এপনিয়াত আক্ৰান্ত জো বাইডেন; কি এই ৰোগ? জানি লওক লক্ষণসমূহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2023 12:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন টোপনিৰ মাজত দম বন্ধ হৈ পৰা স্লিপ এপনিয়াত আক্ৰান্ত বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে।

স্লিপ এপনিয়া ৰোগ কি?

ই টোপনিৰ লগত জড়িত শ্বাস-প্ৰশ্বাসজনিত বিকাৰ। এই ৰোগত টোপনিৰ সময়ত উশাহ-নিশাহ অনিয়মিত হৈ পৰে। অৰ্থাৎ উশাহ-নিশাহ কেতিয়াবা আৰম্ভ হয়, কেতিয়াবা হঠাতে বন্ধ হৈ যায়। টোপনিৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ স্লিপ এপনিয়া  বিভিন্ন প্ৰকাৰৰ আছে, তাৰ ভিতৰত আটাইতকৈ যিটো বেছি দেখা যায় সেইটো হ’ল অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়া।

এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ডিঙিৰ পেশীবোৰ স্বাভাৱিকতকৈ অধিক শিথিল হৈ পৰে। এই পেশীবোৰে মুখৰ অংশ যেনে শ্বাসনালী, আল জিভা, জিভা আৰু টনচিল ধৰি ৰাখে। ফলত এই পেশীবোৰৰ শিথিলতাৰ বাবে শ্বাস-প্ৰশ্বাসৰ পথ বন্ধ হৈ পৰে আৰু টোপনিৰ সময়ত হঠাতে উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টি হয়।

Apply Now

অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়া ৰোগীৰ টোপনিৰ সময়ত মৃত্যুৰ সম্ভাৱনা সাধাৰণ মানুহৰ তুলনাত প্ৰায় দুগুণ। এই ৰোগৰ ফলত মানুহে টোপনিৰ সময়ত হাৰ্ট এটেকত ভুগিব পাৰে।

বিশেষজ্ঞসকলৰ মতে যদি ১০ ছেকেণ্ডতকৈ অধিক সময়ৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে শৰীৰত থকা অক্সিজেনৰ পৰিমাণ কমি যাব পাৰে। অতিৰিক্ত ওজন, বাৰ্ধক্য, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, শ্বাস-প্ৰশ্বাসজনিত সমস্যাই এই ৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰে।

অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়া যিকোনো ব্যক্তিকে আক্ৰান্ত কৰিব পাৰে, কিন্তু সকলোৰে গুৰুতৰ অৱস্থা নাথাকিবও পাৰে। কোন কোন লক্ষণ দেখা পালেতেন্তে বুজিব যে অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ দৰে সমস্যা আছে?

এই অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়া কি?

ই মূলতঃ  শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ উপিভাগৰ সমস্যা। টোপনিৰ সময়ত ওপৰৰ শ্বাসনলীত বাৰে বাৰে বাধাৰ সৃষ্টি হোৱাটোৱেই হ’ল অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়া। সাধাৰণতে নাক, মুখ আৰু ডিঙিৰ মাজেৰে বতাহ প্ৰাকৃতিকভাৱে প্ৰবাহিত হ’ব লাগে। টোপনিৰ সময়তো ই সক্ৰিয় হোৱাৰ কথা। কিন্তু যেতিয়া ই বাধাগ্ৰস্ত হয় তেতিয়া সমস্যাটোক অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়া বোলা হয়।

কি কি কাৰণত অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়া হয়?

১. ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ব পাৰে চৰ্বি। টনচিল ডাঙৰ হ’লেও এইটো হ’ব পাৰে।

২. উচ্চ ৰক্তচাপ, পলিচিষ্টিক অভাৰীৰ দৰে সমস্যাইও এই অৱষ্ট্ৰাক্টিভ স্লিপ  এপনিয়াৰ সৃষ্টি কৰিব পাৰে।

৩. হাঁপানীকে ধৰি আন হাওঁফাওঁৰ সমস্যাৰ ফলতো ইয়াৰ সৃষ্টি হ’ব পাৰে।

৪. স্নায়ুৰ সমস্যাৰ বাবেও ইয়াৰ সৃষ্টি হ’ব পাৰে। তাত বুকুৰ পেশীৰ ওপৰত মগজুৰ নিয়ন্ত্ৰণ হ্ৰাস কৰে।

৫. হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাতো এইটো দেখা দিয়ে।

৬. গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়া দেখা পোৱা যায়।

৭. ধূমপানৰ অভ্যাস থাকিলেও এনে হ’ব পাৰে।

অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়া সম্ভাৱ্য লক্ষণ

১. নাক বজোৱা ইয়াৰ প্ৰধান লক্ষণ।

২. টোপনিৰ মাজত উশাহ বন্ধ হৈ যোৱা আৰু ডিঙি শুকাই যোৱাৰ দৰে সমস্যাও হ’ব পাৰে।

৩. ৰাতিপুৱা সাৰ পোৱাৰ পিছত বহু লোকে মূৰৰ বিষত ভুগিবলগীয়া হয়। এইটোও অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ লক্ষণ।

৪. ইয়াৰ ফলত ক্লান্তিও হ’ব পাৰে।

৫. অৱষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ ফলত শিশুসকলৰ অৱসাদ বৃদ্ধি কৰিব পাৰে।

৬. এই সমস্যাৰ বাবে বহুতে যৌন সম্পৰ্কৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd