• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইলন মাস্কৰ সৈতে তুলনা এই ২৫ বছৰীয়া যুৱকক! সম্পত্তিৰ পৰিমাণ জানিলে চকু কপালত উঠিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2023 2:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ধনী মানুহ (Billionaire) ৰ বিষয়টো আহিলে আমি সাধাৰণতে ইলন মাস্ক-বিল গেটছ-আম্বানিহঁতৰ দৰে নাম শুনিবলৈ পাওঁ। কিন্তু আজি আমি আপোনালোকৰ আগলৈ আনিছো এজন যুৱকৰ কাহিনী যিয়ে ইতিমধ্যে কোটিপতিৰ তালিকাত নিজৰ অৱস্থান ক্ৰমান্বয়ে স্পষ্ট কৰি তুলিছে।

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল মাত্ৰ ২৫ বছৰ বয়সতে তেওঁ আন বিশ্বৰ ধনাঢ্য ব্যক্তিসকলৰ সৈতে মুঠ সম্পদৰ ক্ষেত্ৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।

এনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব পাৰে যে যুৱকজন কোন? মূলতঃ আমি আপোনালোকক ক’ব খুজিছো স্কেল এআইৰ সহ-প্ৰতিষ্ঠাপক আলেকজেণ্ডাৰ ৱাঙৰ বিষয়ে।

Apply Now
আলেকজেণ্ডাৰ ৱাং: ফটো: সংগ্ৰহীত।

আলেকজেণ্ডাৰ ৱাং এজন ডিজিটেল উদ্যোগী আৰু স্কেল এআইৰ চিইঅ’। ইতিমধ্যে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কেৱল সেয়াই নহয়, বহুতে এই যুৱ এছিয়ান-আমেৰিকান কোটিপতিজনক টেছলাৰ চিইঅ’ ইলন মাস্কৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে ৱাঙে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি বুলিও জনা যায়)ত  গণিত আৰু কম্পিউটাৰ বিজ্ঞানত বি এছ এ ডিগ্ৰীৰ বাবে পঢ়াশুনা  কৰিছিল। প্ৰথম বছৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ সহকৰ্মী লুচি গুওৰ সৈতে স্কেল এআই প্ৰতিষ্ঠা কৰে। মূলতঃ দুয়োজন সহ-প্ৰতিষ্ঠাপকে এসময়ত প্ৰশ্নোত্তৰ ৱেবছাইট Quora ত কাম কৰিছিল।

আলেকজেণ্ডাৰ ৱাং: ফটো: সংগ্ৰহীত।

ইপিনে, তেওঁলোকৰ এই ষ্টাৰ্টআপটো আমেৰিকাৰ ষ্টাৰ্টআপ ইনকিউবেটৰ ৱাই কম্বিনেটৰৰ আৰ্থিক সাহায্যত আৰম্ভ হৈছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ৱাঙৰ এক শক্তিশালী ভেটি আছে। ইফালে ৱাঙৰ পিতৃ-মাতৃ দুয়োজনেই আমেৰিকাৰ বায়ুসেনা আৰু সেনাবাহিনীত পদাৰ্থবিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ৱাঙে নিয়মিতভাৱে স্কুলত গণিত আৰু ক’ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ১৭ বছৰ বয়সত যেতিয়া হাইস্কুলৰ বেছিভাগ ছাত্ৰই কলেজ বা তাৰ পিছৰ পাঠ্যক্ৰমৰ বাবে প্ৰস্তুতি চলাইছিল, তেতিয়া ৱাঙে Quora ৰ ক’ডাৰ হিচাপে কাম কৰিছিল।

আলেকজেণ্ডাৰ ৱাং: ফটো: সংগ্ৰহীত।

মন কৰিবলগীয়া যে ফৰ্বছৰ ২০১৮ চনৰ ৩০ বছৰ অনুৰ্ধৰ কোটিপতিৰ তালিকাত ইতিমধ্যে ৱাঙক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও যোৱা বছৰ ৱাঙৰ ব্যৱসায়টোৱে প্ৰায় ৩৫ কোটি ডলাৰৰ ধন লাভ কৰিছিল। এই আৰ্থিক সহায়ৰ বাবেই স্কেল এআইয়ে ইতিমধ্যে ১০ কোটি ডলাৰৰ ৰাজহ লাভ কৰিছে। লগতে তেওঁলোকৰ ব্যৱসায়িক মূল্য আছিল ৭.৩ বিলিয়ন ডলাৰ।

সেই সময়ত ফৰ্বছে ৱাঙৰ সম্পত্তিৰ পৰিমাণ ১ বিলিয়ন ডলাৰ বুলি অনুমান কৰিছিল। কেৱল সেয়াই নহয়, ফৰ্বছৰ বিশ্বৰ ধনী লোকৰ তালিকা অনুসৰি বৰ্তমান ৱাঙৰ স্থান ২৫৩৪।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd