কিছুদিন আগেয়ে এজন চিকিৎসকে সংঘটিত কৰিছিল এক অমানৱীয় কাণ্ড। নিজৰ পোহনীয়া কুকুৰকেইটা ঘৰত ভিতৰত অনাদৃত কৰি ঘৰৰ তলা বন্ধ কৰি ছমাহৰ বাবে ফুৰিবলৈ গুচি গৈছিল চিকিৎসকগৰাকী।
ইয়াৰ পিছতেই আকৌ পোহৰলৈ আহিছে ধনীলোকৰ অৱহেলাৰ বাবে এটা পোহনীয়া কুকুৰৰ মৃত্যু হোৱাৰ ঘটনা।
হাৰিয়ানাৰ এজন ব্যক্তিয়ে এখন গাড়ীৰ ভিতৰত নিজৰ পোহনীয়া কুকুৰটো বন্ধ কৰি তাজমহল চাবলৈ গৈছিল। যাৰ ফলত ঘন্টা পিছত ঘন্টা জুৰি গাড়ীৰ ভিতৰত আৱদ্ধ হৈ আছিল পোহনীয়া পশুটি।
অহস্য গৰম আৰু বন্ধ খিৰিকীৰ বাবে কুকুৰটোৱে উশাহ ল’ব নোৱাৰা দৃশ্য প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। অৱশেষত গৰাকী আহি নোপোৱাত গাড়ীৰ ভিতৰতে নিশ্চল হৈ পৰি আছিল কুকুৰটো। সেই দৃশ্য ভিডিঅ’ কৰি সামাজিক মাধ্যমত এৰি দিছিল প্ৰত্যক্ষদৰ্শী সকলে।
সামাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে কুকুৰটোৰ গৰাকীৰ বিৰুদ্ধে পশু নিষ্ঠুৰতাৰ অভিযোগত এফআইআৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।
এনেদৰেই দুখজনকভাবে গৰাকীৰ অসাৱনতাৰ বাবে গাড়ীৰ ভিতৰতে শ্বাসৰুদ্ধ হৈ কুকুৰটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
আনহাতে পোহনীয়া কুকুৰটোৰ শিকলি হেণ্ডব্ৰেকত আবদ্ধ হৈ পৰাৰ ফলত ডিঙিৰ ফান্দটো টান হৈ মৃত্যুমুখত পৰিছে বুলিও আন এক সূত্ৰই প্ৰকাশ কৰিছে।
মৃত্যুৰ কাৰণ বিচাৰি উলিয়াবলৈ আৰু এই সন্দৰ্ভত তদন্ত আগবঢ়াই নিবলৈ কুকুৰটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়কঃ এয়াই নেকি বিজেপিৰ সভ্যতা সংস্কৃতি! দলিত শ্ৰমিকৰ মুখত প্ৰস্ৰাৱ কৰি আসুৰিক আনন্দ বিজেপি নেতাৰ
লগতে পঢ়কঃ অসমত হিমন্ত বিশ্ব শৰ্মাৰ মতে চলে আম আদমী পাৰ্টি!
লগতে পঢ়কঃ ৰাৱণৰ মৃত্যুৰ পিছত কাৰ লগত বিয়া হ’ল পত্নী মন্দোদৰী ?