• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত হিমন্ত বিশ্ব শৰ্মাৰ মতে চলে আম আদমী পাৰ্টি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2023 10:33 am
1.1k
VIEWS
Share on FacebookShare on Twitter

‘তিনি গগৈ’ ৰাজনীতিৰ বিতৰ্ক চলি থকাৰ মাজতে আম আদমী পাৰ্টিৰ নেতা কমল কুমাৰ মেধিয়ে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীনজ্যোতি গগৈৰ ৰাজনীতিক সমালোচনা কৰিবলৈ গৈ আহোম জাতিৰ গগৈ উপাধি সম্পৰ্কে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ অভিযোগত মঙলবাৰে নিশা আম আদমী পাৰ্টি, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এক বিবৃত্তিযোগে কমল কুমাৰ মেধিক তাৎক্ষণিকভাবে আম আদমী পাৰ্টিৰ পৰা নিলম্বন কৰাৰ কথা ঘোষণা কৰে। 

এই ঘোষণাৰ পিছতেই সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত তীব্ৰ আলোড়নৰ সৃষ্টি হয়। নিশা বিবৃত্তিটো প্ৰকাশ পোৱাৰ ক্ষন্তেক পিছতেই আম আদমীৰ প্ৰতি বিস্ফোৰণক অভিযোগ উত্থাপন কৰে নিলম্বিত নেতা কমল কুমাৰ মেধিয়ে।

এটা ফেছবুক পোষ্টৰ জৰিয়তে এই নিলম্বন সন্দৰ্ভত আম আদমী পাৰ্টিক কটাক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কমল কুমাৰ মেধিয়ে। 

উক্ত পোষ্টটো তেওঁ লিখে – “ধন্যবাদ আম আদমি পাৰ্টী, অসম ৷

গগৈ মানে অসমীয়া জাতি বুলি বুজিলে যেতিয়া কেৱল গগৈক লৈ পাৰ্টীটো আগবঢ়াওক !

অসমৰ বাকী জাতি-জনগোষ্ঠীয়ে আপোনালোকক আদৰিবলৈ ৰৈ আছে ৷ চৰকাৰ হ’বই খাটাং !

ভবেন চৌধুৰী ডাঙৰীয়া, মোক কোনো ধৰনৰ শ্ব’কজো নিদিলে দেখোন ৷ এবাৰো মোৰ লগত কথাও নাপাতিলে ৷ কোনো অনুশাসন কমিটিও নবহিলে ৷ আনকি নিলম্বনৰ জাননীখনো মোলৈ নপঠিয়ালে ৷ মই বেলেগৰ ফেচবুক ৱালতহে পালোঁ ৷’’

কেৱল এয়াই নহয়, উক্ত পোষ্টটোৰ শেষৰ ফালে তেওঁ উল্লেখ কৰে যে তেখেতক ‘সৰ্বশক্তিমান জনাৰ নিৰ্দেশ’ত হে আম আদমী পাৰ্টীৰ পৰা নিলম্বন কৰা হৈছে। তেওঁ লিখিছে – “এয়া অসমৰ সৰ্বশক্তিমান জনাৰ নিৰ্দেশতে যে হৈছে সেয়া মইতো ভালদৰে বুজি পাওঁ ৷ পাৰ্টীটো চিধাচিধি মাৰ্ছ কৰি নিদিয়ে কিয়? ভাল পাৰ্টী চলাইছে আপুনি ৷ ”

ইয়াৰ পিছতেই এতিয়া সামাজিক মাধ্যমত বহুতেই প্ৰশ্ন কৰিছে, কমল কুমাৰ মেধিয়ে কোৱা ‘সৰ্বশক্তিমান জন’ কোন? সৰ্বশক্তিমান বুলি কাৰ ফালে আঙুলি টোৱালে কমল কুমাৰ মেধিয়ে? স্বাভাৱিকতেই এতিয়া সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে কমল কুমাৰ মেধিয়ে এই আঙুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালেই টোৱাইছে। 

সঁচাকৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে চলে নেকি আম আদমী পাৰ্টি অসম? বহুতেই কোৱাৰ দৰে বিজেপিৰ বি টীম নেকি আপ? বিৰোধী ঐক্যৰে মিত্ৰতা নকৰাৰ আঁৰতো আছে নেকি বিজেপিক জয়ী কৰোৱাৰ উদ্দেশ্য? এতিয়া সচেতন ৰাইজৰ মনত উদয় হৈছে এই সমূহ প্ৰশ্নৰ।

লগতে পঢ়কঃ দুমাহৰ মূৰত খোল খাব পঢ়াশালিৰ দুৱাৰ , ঘোষণা মণিপুৰৰ মুখমন্ত্ৰী বীৰেন সিঙৰ

লগতে পঢ়কঃ SCERT কেলেংকাৰি : ছয় অভিযুক্তৰ জামিন আবেদন অস্বীকাৰ কৰিলে আদালতে

লগতে পঢ়কঃ মহাৰাষ্ট্ৰত আকৌ ৰাজনৈতিক নাটক

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd