• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ আন এগৰাকী অসম সন্তান উজ্জল ভূঞাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2023 7:26 am
487
VIEWS
Share on FacebookShare on Twitter

এগৰাকী অসম সন্তান উজ্জ্বল ভূঞাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছে। বৰ্তমান তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বুধবাৰে উচ্চ ন্যায়ালয়ৰ দুগৰাকী মুখ্য ন্যায়াধীশ ন্যায়াধীশ উজ্জল ভূঞা আৰু ন্যায়াধীশ এছ ভি ভাট্টীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি দিয়াৰ পৰামৰ্শ আগবঢ়ায়। উচ্চতম ন্যায়ালয়ৰ চাৰিজনীয়া কলেজিয়ামে ন্যায়াধীশ ৰূপে দুয়োগৰাকীৰ নাম প্ৰস্তাৱ কৰে।

বৰ্তমান ন্যায়াধীশ ভূঞাই তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে ন্যায়াধীশ ভাট্টি কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ন্যায়াধীশ ভূঞাৰ অভিভাৱক উচ্চ ন্যায়ালয় হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। ২০১১ চনৰ ১৭ অক্টোবৰত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ অভিভাৱক উচ্চ ন্যায়ালয়খনৰ এগৰাকী জ্যেষ্ঠ ন্যায়াধীশ আছিল আৰু ২০২২ চনৰ ২৮ জুনৰ পৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

কলেজিয়ামৰ প্ৰস্তাৱত উজ্জল ভূঞা সম্পৰ্কত কোৱা হৈছে, “ন্যায়াধীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আৰু তেলেংগানা ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দীৰ্ঘদিনীয়া কাৰ্যকালত ন্যায়াধীশ ভূঞাই আইনৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অভিজ্ঞতা আহৰণ কৰিছে। তেওঁ কৰ আইনত বিশেষজ্ঞতা তথা জ্ঞানৰ দখল আহৰণ কৰিছে। তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও কাম কৰি আহিছে আৰু কৰ  সংক্ৰান্তকে ধৰি বহুতো গোচৰৰ সৈতে মোকাবিলা কৰিছে।তেওঁৰ ৰায়দানসমূহে আইন আৰু ন্যায়ৰ সৈতে জড়িত বিস্তৃত বিষয়সমূহ সামৰি লৈছে। ন্যায়াধীশ উজ্জ্বল ভূঞা এগৰাকী সততা আৰু দক্ষতাৰ বাবে সুনাম থকা ন্যায়াধীশ।’’

ভূঞাই ১৯৬৪ চনৰ ২ আগষ্টত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। গুৱাহাটীৰ ডন বস্কো হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি গুৱাহাটীৰ কটন কলেজ, গুৱাহাটীৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

উল্লেখ্য যে বৰ্তমান উচ্চতম ন্যায়ালয়ত অনুমোদিত ৩৪জন ন্যায়াধীশৰ বিপৰীতে ৩১ জন ন্যায়াধীশে কাৰ্যনিৰ্বাহ কৰি আছে।

অহা ৭ জুলাই শুকুৰবাৰে ন্যায়াধীশ কৃষ্ণ মুৰাৰীয়ে অৱসৰ গ্ৰহণ কৰিব আৰু মুঠ খালী পদ ৪টালৈ বৃদ্ধি পাব।

Recent News

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd