আবকাৰী নীতিৰ কেলেংকাৰীৰ গোচৰত চাৰিমাহতকৈ অধিক সময় কাৰাৰুদ্ধ হৈ থকা আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই আজি উচ্চতম ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছে।
দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হোৱাৰ পিছত এই আদেশক প্ৰত্যাহ্বান জনাই আজি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে চিছ’দিয়া। লক্ষণীয়ভাৱে ধাৰাবাহিক জেৰাৰ অন্তত ২৬ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- এ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল।
উক্ত দিন ধৰি জিম্মাত আছে আপ নেতাগৰাকী। কেলেংকাৰীৰ এই গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে ৩০ মে’ত চিছ’দিয়াৰ জামিন নাকচ কৰিছিল।
আনহাতে আবকাৰী নীতিৰ ধন সৰবৰাহৰ অভিযোগত আন এটা তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকাৰ সময়তে গ্ৰেপ্তাৰ কৰে। এই গোচৰতো বিগত ৩ জুলাইত উচ্চ ন্যায়ালয়ে চিছ’দিয়াৰ জামিন নাকচ কৰে।
অভিযুক্ত চিছ’দিয়াৰ ৰাজনৈতিক স্থিতিৰ বাবে তেওঁ সাক্ষীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি উচ্চ ন্যায়ালয়ে চিছ’ডিয়া জামিনৰ অধিকাৰী নহয় বুলি আদেশত উল্লেখ কৰিছিল।





