• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

স্থগিতাদেশ নহ’ল: গুজৰাট উচ্চ ন্যায়ালয়ত নাকচ ৰাহুল গান্ধীৰ আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2023 12:30 pm
Rahul Gandhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাহাল থাকিল চুৰাট আদালতৰ ৰায়। নিৰ্দোষ সাব্যস্ত নহ’ল ৰাহুল গান্ধী। আজি গুজৰাট উচ্চ ন্যায়ালয়ত নাকচ হ’ল ৰাহুল গান্ধীৰ আবেদন। উচ্চ ন্যায়ালয়ত বিমুখ হোৱাৰ পিছত এতিয়া কংগ্ৰেছ নেতাগৰাকীৰ সমুখত কেৱল উচ্চতম ন্যায়ালয়।

চাৰি বছৰ পুৰণি ‘মোদী উপাধি’ কেন্দ্ৰিক গোচৰত চলিত বৰ্ষৰ মাৰ্চ মাহত চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দিয়া ৰায়দানত স্থগিতাদেশ বিচাৰি কংগ্ৰেছ নেতাগৰাকী গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও আদালতে আজি গান্ধীৰ আবেদন নাকচ কৰে।

Apply Now

গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচ্ছকৰ বিচাৰপীঠে আজি গান্ধীৰ আবেদন সন্দৰ্ভত ৰায়দান কৰি কয় যে ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰু প্ৰায় আঠটা অপৰাধমূলক মানহানিৰ অভিযোগ বিচাৰাধীন হৈ আছে। আদালতে লগতে গান্ধীৰ স্থগিতাদেশ আবেদনৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰে।

উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি কৰা চুৰাট আদালতৰ ৰায়ক ন্যায্য, সঠিক আৰু আইনী আখ্যা দিয়ে। বিচাৰপীঠে কয়, “বৰ্তমানৰ গোচৰৰ পিছতো তেওঁৰ বিৰুদ্ধে আৰু কিছুমান গোচৰ ৰুজু হৈ আছে। তেনে এটা গোচৰ দাখিল কৰিছে সাৱৰকাৰৰ নাতিয়ে।”

অৱশ্যে, ইতিপূৰ্বে আদালতে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি স্থগিত ৰখাৰ বাবে ৰাহুল গান্ধী এতিয়া কাৰাৰুদ্ধ নহয়। কিন্তু, চুৰাট আদালতৰ ৰায়ৰ পিছতে তেওঁৰ সাংসদ পদ খাৰিজ হোৱাৰ বাবে ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ আগন্তুক অধিৱেশনত গান্ধীয়ে ভাগ ল’ব নোৱাৰিব।

আজি উচ্চ ন্যায়ালয়ে গান্ধীৰ আবেদন নাকচ কৰাৰ বাবে এতিয়া তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগিব। যদি উচ্চতম ন্যায়ালয়েও তেওঁৰ অনুৰোধ নাকচ কৰে, তেতিয়া অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

এনে পৰিস্থিতিত স্বাভাৱিকতেই আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ বাবে এয়া এক মোক্ষম আঘাত হিচাপে বিবেচিত হ’ব।

উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এক সভাত নিজ বক্তব্যত ৰাহুল গান্ধীয়ে ‘সকলো চোৰৰ উপাধি মোদী কিয় হয়’ বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে বিজেপিৰ বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে দাখিল কৰিছিল এজাহাৰ।

পূৰ্ণেশ মোদীৰ এই এজাহাৰৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত এই গোচৰৰ ৰায়দান কৰি চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আৰু তেওঁক দুবছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰে।

অৱশ্যে আদালতে কংগ্ৰেছ নেতাগৰাকীক জামিন মঞ্জুৰ কৰি ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখে আৰু এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ অনুমতি দিয়ে। পিছত চুৰাট আদালতৰ এই ৰায়ক গুজৰাট উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল কংগ্ৰেছ নেতাগৰাকীয়ে।

২০১৯ চনৰে এক মন্তব্যৰ বাবে চুৰাট আদালতৰ দ্বাৰা দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আগন্তুক দুটা বছৰৰ ঠিকনা আজি নিৰ্ণয় কৰিব গুজৰাট উচ্চ ন্যায়ালয়ে। চূড়ান্ত শুনানিৰ প্ৰায় দুইমাহৰ পিছত আজি এই গোচৰৰ ৰায়দানৰ বাবে সাজু হৈছে গুজৰাট উচ্চ ন্যায়ালয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd