• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰীলংকা আৰু ইণ্ডোনেচীয়াক নেদাৰলেণ্ডে ঘূৰাই দিব ঔপনিৱেশিক কালত লুটি নিয়া প্ৰাচীন ৰত্নভাণ্ডাৰ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2023 3:49 pm
35k
VIEWS
Share on FacebookShare on Twitter

নেদাৰলেণ্ডে নিজৰ ঔপনিৱেশিক কালত ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাৰ পৰা লৈ যোৱা শ শ বহুমূলীয়া সামগ্ৰী ঘূৰাই দিবলৈ সাজু হৈছে।

ঘূৰাই দিবলগীয়া সম্পদসমূহৰ ভিতৰত আছে ৰত্নেৰে আবৃত ব্ৰঞ্জৰ কামান আৰু মূল্যৱান ধাতুৰে নিৰ্মাণ কৰা বিভিন্ন চাৰু-কাৰুমূলক সামগ্ৰী।

উল্লেখ্য যে এক আবেদনযোগে শ্ৰীলংকা আৰু ইণ্ডোনেচীয়াই উক্ত সম্পদ ভাণ্ডাৰ ঘূৰাই দিবলৈ অনুৰোধ কৰিছিল।

আন দেশসমূহেও শেহতীয়াকৈ লুট-পাত কৰি লৈ অনা বহুমূলীয়া সামগ্ৰীসমূহ ঘূৰাই দিবলৈ আৰম্ভ কৰিছে ৷ উদাহৰণস্বৰূপে ১৮৯৭ চনৰ বৃটিছ সামৰিক অভিযানৰ সময়ত নেদাৰলেণ্ডৰ পৰা লৈ অনা বহু মূল্যৱান সামগ্ৰী বৃটিছ আৰু জাৰ্মান মিউজিয়ামে নেদাৰলেণ্ডক ঘূৰাই দিবলৈ চুক্তবদ্ধ হৈছে।

শ্ৰীলংকা আৰু ইণ্ডোনেচীয়াক মূল্যৱান সামগ্ৰীসমূহ ঘূৰাই দিয়াৰ সময়ত নেদাৰলেণ্ডৰ সাংস্কৃতিক মন্ত্ৰী গুনাই উছলুৱে কয় যে প্ৰথমবাৰৰ বাবে আমি এনে কিছুমান বস্তু ঘূৰাই দিছো, যিবোৰ কেতিয়াও নেদাৰলেণ্ডত থাকিব নালাগিছিল। কিন্তু আমি কেৱল বস্তুৱেই ঘূৰাই দিয়া নাই। আমি আচলতে ইণ্ডোনেচীয়া আৰু শ্ৰীলংকাৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়াৰ চেষ্টা কৰিছোঁ।

এই সম্পত্তি সমূহৰ ভিতৰত আছে ১৮৯৪ চনত ইণ্ডোনেছিয়াৰ লম্বক দ্বীপৰ ৰাজপ্ৰসাদৰ পৰা ডাচ ঔপনিৱেশিক সেনাই লুটপাত কৰা মণি, বহুমূলীয়া শিল, সোণ আৰু ৰূপৰ ভঁৰাল।

উল্লেখ্য যে শ্ৰীলংকাই ১৮ শতিকাৰ ব্ৰঞ্জৰ এটা কামান নেদাৰলেণ্ডৰ পৰা ঘূৰাই ল’ব, যিটো ১৭৪০ চনত কেণ্ডিৰ ৰজাক শ্ৰীলংকাৰ এজন অভিজাত ব্যক্তিয়ে উপহাৰ হিচাপে দিছিল।

১৭৬৫ চনত ডাচ সৈন্যই শ্ৰীলংকাৰ কেণ্ডি ৰাজ্য আক্ৰমণ কৰি জয় কৰাৰ সময়ত এই কামান ডাচসকলৰ হাতত পৰিছিল বুলি ধাৰণা কৰা হৈছে।

সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, শিল্পকলা সম্পৰ্কে গৱেষণা কৰা ডাচ কমিটীয়ে চৰকাৰক আহ্বান জনায় যে উৎস দেশখনে অনুৰোধ কৰিলে পূৰ্বৰ ডাচ উপনিৱেশে লুটপাত কৰা যিকোনো সাংস্কৃতিক সামগ্ৰী বিনাচৰ্তে ঘূৰাই দিয়া হ’ব।

কমিটিখনৰ এটা প্ৰতিবেদনত কোৱা হৈছে যে এই অন্যায়ৰ স্বীকৃতি আৰু প্ৰতিকাৰক মূল নীতি হিচাপে লৈ নেদাৰলেণ্ডে নিজৰ ঔপনিৱেশিক অতীতৰ দায়িত্ব ল’ব লাগিব।

Recent News

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd