• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছ এছ চি পৰীক্ষাত বৃহৎ জালিয়তিৰে অসমৰ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2023 8:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত  অসমৰ স্থায়ী বাসিন্দাৰ ভূৱা পৰিচয়ৰে বহিঃৰাজ্যৰ  হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে আৱেদন কৰি লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি  গুৰুতৰ অভিযোগ উঠিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু তৎকালে সমগ্ৰ ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে। 

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ অন্তৰ্গত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ), কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), সশস্ত্র সীমা বল(এছ এছ বি), কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চি আই এছ এফ), আছাম ৰাইফলছ, বিশেষ নিৰাপত্তা বাহিনী (এছ এছ এফ), নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰ’ (এন চি বি) আদি বিভাগৰ বিভিন্ন পদৰ বাবে এছ এছ চি (ষ্টাফ চিলেকচন কমিছনে সমগ্ৰ দেশতে পৰীক্ষা অনুষ্ঠিত কৰিছে।

ষ্টাফ ছিলেকচন কমিছনে প্রতিখন ৰাজ্যতে উক্ত পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। প্ৰতিখন ৰাজ্যৰ বাবে সুকীয়াকৈ পদৰ সংখ্যা ভাগ কৰি অর্থাৎ সংৰক্ষণৰ ব্যৱস্থা কৰি পৰীক্ষা অনুষ্ঠিত কৰে। এইবাৰ অসমৰ প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত পদৰ সংখ্যা হৈছে ৩,৪৮৭ টা। উক্ত পদৰ বিপৰীতে ৰাজ্যখনৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা পৰীক্ষাত অৱতীর্ণ হয়। 

অসমত যোৱা ১০ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ ৰাজ্যখনৰ বিভিন্ন কেন্দ্ৰত লিখিত পৰীক্ষা অনুষ্ঠিত হয়। লিখিত পৰীক্ষাত উত্তীৰ্ণ সকলৰ মাজৰ পৰা ১ মে’ৰ পৰা ১৪ মে’লৈ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰে। শাৰীৰিক পৰীক্ষাত উত্তীর্ণ হোৱাসকলে অহা ১৭ জুলাইৰ পৰা মেডিকেল পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। মেডিকেল পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থী অৰ্থাৎ লিখিত আৰু শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ নাম তালিকা যোৱা ৩০ জুনত এছ এছ চিয়ে তেওঁলোকৰ ৱেবছাইটযোগে 

প্রকাশ কৰে। এই তালিকাখনত মেডিকেল পৰীক্ষাৰ বাবে বাছনি হোৱা প্ৰাৰ্থীসকলৰ নাম প্ৰত্যক্ষ কৰিয়ে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে আৱেদন কৰা বিষয়টো পোহৰলৈ আহে। এই প্ৰাৰ্থীসকলে ভূৱা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, ভূৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি অসমৰ স্থায়ী বাসিন্দা বুলি ভূৱাৱ পৰিচয় দি সংৰক্ষিত কোটাত আৱেদন কৰিছে। ইয়াৰ ফলত অসমৰ প্ৰাৰ্থীসকল যে বঞ্চিত হ’ব সেয়া নিশ্চিত হৈ পৰিছে। ৰাজ্যখনৰ লাখ লাখ নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে এই ঘটনা খুবে উদ্বেগজনক।

      বিজেপি দল, অসমৰ মুখ্যমন্ত্ৰী আৰু অন্য নেতা-মন্ত্ৰীসকলে খিলঞ্জীয়াৰ সুৰক্ষা (!) বাবে কাম কৰা বুলি লম্ফজম্ফ কৰি থকাৰ সময়তে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে অসমৰ কোটাত আৱেদন কৰি চাকৰি ল’বলৈ ওলাইছে। আচৰিত কথা হৈছে প্ৰাথমিক শিক্ষকৰ পদকে ধৰি কেন্দ্ৰীয় বাহিনীৰ বাবে সংৰক্ষিত কোটালৈ, সকলোতে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে আৱেদন কৰা বুলি ধাৰাবাহিক অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বিজেপি দল আৰু চৰকাৰে বিষয়টোক লৈ মৌনতা অবলম্বন কৰিছে।  

 ডি ৱাই এফ আইয়ে ৰাজ্য চৰকাৰৰ দূৰ্বলতা আৰু প্ৰয়োজনীয় পদক্ষেপৰ অভাৱতেই এই ঘটনা ঘটিবলৈ পাইছে বুলি মত প্ৰকাশ কৰিছে আৰু শীঘ্ৰে অসমৰ যুৱক-যুৱতীৰ স্বাৰ্থ বিৰোধী সিদ্ধান্ত বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd