• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সমষ্টি পুনৰ নিৰ্ধাৰণৰ লোক শুনানিলৈ বেছিভাগ আঞ্চলিক দলকেই আমন্ত্ৰণ নজনালে নিৰ্বাচন আয়োগে

সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ লোক শুনানিলৈ ৰাজ্যৰ পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দলসমূহ আৰু অসমৰ জাতীয় সংগঠনসমূহক নিমন্ত্ৰণ কৰিবলৈ ৰাইজৰ দলে আহ্ণান জনালে নিৰ্বাচন আয়োগক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 9:45 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত অহা ইং ১৯, ২০ আৰু ২১ জুলাই তাৰিখে গুৱাহাটীত হ’বলগীয়া লোক শুনানিলৈ দেশৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দলসমূহকহে নিমন্ত্ৰণ জনাই ৰাজ্যৰ পঞ্জীয়নভুক্ত আঞ্চলিক দলসমূহ আৰু জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহক আমন্ত্ৰণ নজনোৱাত তীৱ ক্ষোভ প্রকাশ কৰিছে ৰাইজৰ দলে।

নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰদান কৰি অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৱে অসমৰ সকলো পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দলসমূহ আৰু অসমৰ সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠনক সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সম্পৰ্কীয় লোক শুনানিত অংশগ্ৰহণ কৰিবলৈ নিমন্তুণ জনাবলৈ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক দাবী জনাইছে। ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ১২ জুলাই তাৰিখে জাৰি কৰা জাননী নং ২৮২/এএছ/২০২৩\ (ডিইএল)/ভলিউম }ঘ ৰ জৰিয়তে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা লোক শুনানিলৈ ২০ জুলাইৰ বিয়লি ৩.৩০ বজাত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলসমূহক আমন্ত্ৰণ জনাইছে। সেই অনুসৰি অসমৰ ৬ টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ৪ টা আঞ্চলিক ৰাজনৈতিক দলকহে শুনানিত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ বিপৰীতে অসমৰ বৃহৎ সংখ্যক আঞ্চলিক ৰাজনৈতিক দলক আৰু বিষয়টো সন্দৰ্ভত সক্ৰীয়ভাৱে জড়িত জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহক নিমন্ত্ৰণ কৰা হোৱা নাই।

Apply Now

সমষ্টি পুনৰ নিৰ্দ্ধাণৰ লোক শুনানিলৈ পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দল আৰু জাতীয় সংগঠনসমূহক নিমন্ত্ৰণ নজনোৱাৰ বিৰুদ্ধে আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। শুকুৰবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু তথ্য আৰু প্রচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈযে অসমৰ মুখ্য নিৰ্বাচন আয়ুক্ত অনুৰাগ গোৱেলক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত সাক্ষাৎ কৰি এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰিছে। 

শনিবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কাৰ্যকৰী সভাপতিদ্বয় কৱীন্দ্ৰ চেতিয়া ফুকন আৰু ভাস্কো ডি শইকীয়াই এখন স্মাৰকপত্ৰৰ জৰিয়তে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ ওচৰত দলটোৱে প্রতিবাদ সাব্যস্ত কৰি আগুন্তুক লোক শুনানিলৈ অসমৰ সকলো পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দল আৰু বিষয়টোৰ লগত জড়িত জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহক লোক শুনানিলৈ নিমন্ত্ৰণ জনাবলৈ দাবী জনাইছে। 

ৰাইজৰ দলে স্মাৰকপত্ৰৰ জৰিয়তে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল, জনতা দল ইউ, ইউপিপিএল, চিপিআই আদি সকলো আঞ্চলিক ৰাজনৈতিক দল আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ তাই আহোম ছাত্ৰ সন্থা আদিকে ধৰি সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠনক সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সম্পৰ্কীয় লোক শুনানিলৈ নিমন্ত্ৰণ জনাবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে। 

উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে কেৱল ২০ জুলাই তাৰিখে কেৱল কেইটামান ৰাজনৈতিক দলক লোক শুনানিলৈ নিমন্ত্ৰণ কৰি আন দুটা দিনত কেৱল জিলা ভিত্তিক শুনানি অনুষ্ঠিত কৰিবলৈ লোৱাত তীব্ৰ ক্ষোভ প্রকাশ কৰিছে ৰাইজৰ দলে।

স্মাৰকপত্ৰখনত ৰাইজৰ দলে কয় যে কেৱল জিলাভিত্তিক শুনানি অনুষ্ঠিত কৰি আৰু কেৱল কেইটামান স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ লোক শুনানিলৈ নিমন্ত্ৰণ কৰিলে লোক শুনানিত সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ জাতীয় প্ৰশ্নসমূহ অৱহেলিত হৈ ৰৈ যোৱাৰ সম্ভাৱনা থাকি যাব। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্দ্ধাৰণে অসমৰ খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীসমূহৰ ৰাজনৈতিক অধিকাৰ দীৰ্ঘকালৰ বাবে নাইকিয়া কৰিব বুলি বিৰোধী ৰাজনৈতিক দলসমূহে ব্যাপক প্রতিক্রিয়া প্রকাশ কৰি আহিছে। তাৰ মাজতে ৰাজ্যখনৰ পঞ্জীয়ভুক্ত আঞ্চলিক দলসমূহ আৰু জাতীয় সংগঠন সমূহক লোক শুনানিলৈ নিমন্ত্ণ নকৰি আৰু বেছিভাগ সময় কেৱল জিলা ভিত্তিক শুনানি অনুষ্ঠিত কৰি অসমবাসী খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা উদ্দেশ্য নিহীত থকা বুলি ব্যাপক সমালোচনা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd