DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সমষ্টি পুনৰ নিৰ্ধাৰণৰ লোক শুনানিলৈ বেছিভাগ আঞ্চলিক দলকেই আমন্ত্ৰণ নজনালে নিৰ্বাচন আয়োগে

সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ লোক শুনানিলৈ ৰাজ্যৰ পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দলসমূহ আৰু অসমৰ জাতীয় সংগঠনসমূহক নিমন্ত্ৰণ কৰিবলৈ ৰাইজৰ দলে আহ্ণান জনালে নিৰ্বাচন আয়োগক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 9:45 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত অহা ইং ১৯, ২০ আৰু ২১ জুলাই তাৰিখে গুৱাহাটীত হ’বলগীয়া লোক শুনানিলৈ দেশৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দলসমূহকহে নিমন্ত্ৰণ জনাই ৰাজ্যৰ পঞ্জীয়নভুক্ত আঞ্চলিক দলসমূহ আৰু জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহক আমন্ত্ৰণ নজনোৱাত তীৱ ক্ষোভ প্রকাশ কৰিছে ৰাইজৰ দলে।

নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰদান কৰি অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোৱে অসমৰ সকলো পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দলসমূহ আৰু অসমৰ সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠনক সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সম্পৰ্কীয় লোক শুনানিত অংশগ্ৰহণ কৰিবলৈ নিমন্তুণ জনাবলৈ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক দাবী জনাইছে। ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ১২ জুলাই তাৰিখে জাৰি কৰা জাননী নং ২৮২/এএছ/২০২৩\ (ডিইএল)/ভলিউম }ঘ ৰ জৰিয়তে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগা লোক শুনানিলৈ ২০ জুলাইৰ বিয়লি ৩.৩০ বজাত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলসমূহক আমন্ত্ৰণ জনাইছে। সেই অনুসৰি অসমৰ ৬ টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ৪ টা আঞ্চলিক ৰাজনৈতিক দলকহে শুনানিত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ বিপৰীতে অসমৰ বৃহৎ সংখ্যক আঞ্চলিক ৰাজনৈতিক দলক আৰু বিষয়টো সন্দৰ্ভত সক্ৰীয়ভাৱে জড়িত জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহক নিমন্ত্ৰণ কৰা হোৱা নাই।

সমষ্টি পুনৰ নিৰ্দ্ধাণৰ লোক শুনানিলৈ পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দল আৰু জাতীয় সংগঠনসমূহক নিমন্ত্ৰণ নজনোৱাৰ বিৰুদ্ধে আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। শুকুৰবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু তথ্য আৰু প্রচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈযে অসমৰ মুখ্য নিৰ্বাচন আয়ুক্ত অনুৰাগ গোৱেলক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত সাক্ষাৎ কৰি এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰিছে। 

শনিবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কাৰ্যকৰী সভাপতিদ্বয় কৱীন্দ্ৰ চেতিয়া ফুকন আৰু ভাস্কো ডি শইকীয়াই এখন স্মাৰকপত্ৰৰ জৰিয়তে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ ওচৰত দলটোৱে প্রতিবাদ সাব্যস্ত কৰি আগুন্তুক লোক শুনানিলৈ অসমৰ সকলো পঞ্জীয়নভুক্ত আঞ্চলিক ৰাজনৈতিক দল আৰু বিষয়টোৰ লগত জড়িত জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহক লোক শুনানিলৈ নিমন্ত্ৰণ জনাবলৈ দাবী জনাইছে। 

ৰাইজৰ দলে স্মাৰকপত্ৰৰ জৰিয়তে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল, জনতা দল ইউ, ইউপিপিএল, চিপিআই আদি সকলো আঞ্চলিক ৰাজনৈতিক দল আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ তাই আহোম ছাত্ৰ সন্থা আদিকে ধৰি সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠনক সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সম্পৰ্কীয় লোক শুনানিলৈ নিমন্ত্ৰণ জনাবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে। 

উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে কেৱল ২০ জুলাই তাৰিখে কেৱল কেইটামান ৰাজনৈতিক দলক লোক শুনানিলৈ নিমন্ত্ৰণ কৰি আন দুটা দিনত কেৱল জিলা ভিত্তিক শুনানি অনুষ্ঠিত কৰিবলৈ লোৱাত তীব্ৰ ক্ষোভ প্রকাশ কৰিছে ৰাইজৰ দলে।

স্মাৰকপত্ৰখনত ৰাইজৰ দলে কয় যে কেৱল জিলাভিত্তিক শুনানি অনুষ্ঠিত কৰি আৰু কেৱল কেইটামান স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ লোক শুনানিলৈ নিমন্ত্ৰণ কৰিলে লোক শুনানিত সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ জাতীয় প্ৰশ্নসমূহ অৱহেলিত হৈ ৰৈ যোৱাৰ সম্ভাৱনা থাকি যাব। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্দ্ধাৰণে অসমৰ খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীসমূহৰ ৰাজনৈতিক অধিকাৰ দীৰ্ঘকালৰ বাবে নাইকিয়া কৰিব বুলি বিৰোধী ৰাজনৈতিক দলসমূহে ব্যাপক প্রতিক্রিয়া প্রকাশ কৰি আহিছে। তাৰ মাজতে ৰাজ্যখনৰ পঞ্জীয়ভুক্ত আঞ্চলিক দলসমূহ আৰু জাতীয় সংগঠন সমূহক লোক শুনানিলৈ নিমন্ত্ণ নকৰি আৰু বেছিভাগ সময় কেৱল জিলা ভিত্তিক শুনানি অনুষ্ঠিত কৰি অসমবাসী খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা উদ্দেশ্য নিহীত থকা বুলি ব্যাপক সমালোচনা হৈছে।

Recent News

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

ৰাছিয়াৰ নৌসেনাৰ শীৰ্ষ বিষয়াক হত্যাৰ দাবী ইউক্ৰেইনৰ

ৰাছিয়াৰ নৌসেনাৰ শীৰ্ষ বিষয়াক হত্যাৰ দাবী ইউক্ৰেইনৰ

জালুকবাৰীৰ ৰেহাব চেন্টাৰত মৃত অৱস্থাত উদ্ধাৰ যুৱক

জালুকবাৰীৰ ৰেহাব চেন্টাৰত মৃত অৱস্থাত উদ্ধাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd