• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফেচুবুক কৰ্ণাৰ : আলফাৰ এক কলংকিত অধ্যায়, এগৰাকী লেখিকা আৰু এখন উপন্যাস

বৰ্ণালী বৰুৱা by বৰ্ণালী বৰুৱা
July 18, 2023 5:33 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৰিত সাতটা গুলীৰ আঘাত তেওঁ এতিয়াও কঢ়িয়াই ফুৰিছে। আলফাৰ সাতটা গুলী। আলফাই নিৰ্বাচন বৰ্জনৰ আহ্বান দিয়াৰ সময়ত সেই আহ্বানৰ প্ৰতিমুখে তিনিচুকীয়া কলেজৰ গণিতৰ অধ্যাপক অনিল বৰুৱাই নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিল সেই সময়ৰ Indian People’s Front ৰ ফালৰ পৰা। নিৰ্বাচনত উঠা অনেক নামী দামী দলৰ দিগগজ প্ৰাৰ্থীক নধৰি আলফাই ধৰিছিল সহজতে পোৱা অনিল বৰুৱাক। বাকীবোৰ প্ৰাৰ্থীক নিৰাপত্তাৰ বেহু ভেদী গুলীয়াবলৈ সাহস, সক্ষমতা একোৱেই হয়তো তেওঁলোকৰ নাছিল। গতিকে দুখীয়া নিচলা মানুহ এমুঠিৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত অনিল বৰুৱাকে উপৰ্যুপৰি ওচৰৰ পৰা গুলীয়াইছিল। তেওঁক ৰক্ষা কৰোঁতা কোনো নাছিল। কাষতে আছিল প্ৰগতিশীল নাৰী সন্থাৰ সেই সময়ৰ সক্ৰিয় কৰ্মী কনকলতা।অমিত সাহসেৰে তেওঁ নিজৰ গাত লোৱা শ্বলখনেৰেই অনিল বৰুৱাক ঢাকি ধৰি আলফাৰ গুলীৰ সন্মুখত থিয় দিছিল। আলফাৰ বীৰকেইজনে সেই অসহায়, নিৰস্ত্ৰ ছোৱালীজনীক গুলীৰে থকা সৰকা কৰি, তেওঁলোকৰ সহজ টাৰ্গেট অনিল বৰুৱাক থিতাতেই নিহত কৰি বীৰদৰ্পে পলায়ন কৰিছিল।যথাৰীতি, আৰক্ষী আহি পাইছিল সকলো শেষ হোৱাৰ বহু পৰ পাছত।

সি যি নহওক, ভৰিত সাতোটা গুলীৰে বহুদিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি যুঁজি কনকলতা এদিন থিয় হ’ব পৰা হৈছিল। তাৰ পাছত জীৱনত বহু সংঘাত সংশয় অতিক্ৰম কৰিও এক চুলিও আপোচ নকৰাকৈ এতিয়াও তেওঁ যুঁজি আছে স্থিতাৱস্থাকামী শাসকৰ বিৰুদ্ধে। আপোচ কাক কয় সেইটো যেন তেওঁ নিশিকিলেই। জীৱন সংগী ৰাজীৱ দত্তৰ লগত দুয়ো আন প্ৰগতিশীল কাম কাজৰ লগতে ‘যুক্তি বিকাশ সমিতি, অসম’ৰ আৰম্ভণীৰে পৰা সক্ৰিয়ভাৱে জড়িত হৈ আছে।

Apply Now

শেহতীয়াকৈ কনকলতা দত্তই লিখা এখন উপন্যাস উন্মোচন হ’ল যোৰহাটত। উপন্যাসখনৰ নাম ‘মনাঘাত’।দৰিদ্ৰতাই কঢ়িয়াই অনা সংঘাতে কেনেকৈ এজন শিশুক শৈশৱৰ সোণালী সময়তে জীৱন সংগ্ৰামত জপিয়াই পৰিবলৈ বাধ্য কৰিলে, তাৰ পাছত প্ৰতি পদতে জীৱনে কেনেকৈ সেই শিশুটিক এজন পৰিপক্ক শ্ৰেণী সচেতন মানুহত পৰিণত কৰিলে, মূলত: সেই কাহিনীয়েই বৰ্ণিত হৈছে উপন্যাসখনত।গ্ৰন্থমেলাত জিলিকি থকা বহুবোৰ উপন্যাস দুপাতমান পঢ়িয়েই আগবাঢ়িবলৈ মন নাযায়। জোৰ কৰি ভাষাত কাব্যিকতা অনাৰ প্ৰয়াস, যৌনতাৰ সুৰসুৰণি তুলি বজাৰ দখল কৰাৰ প্ৰয়াস, বঁটাৰ লোভত অৰাজনৈতিক বুলি নিজকে প্ৰদৰ্শন কৰাৰ ৰাজনীতি ইত্যাদি ইত্যাদি সচৰাচৰ দেখা বেমাৰবোৰ উপন্যাসখনত নাই। আনকি উপন্যাসখন লিখি সেইখন কাৰোবাৰ হাতত তুলি দি অ’টগ্ৰাফ দি চেলফি উঠি, পাঠকক আকৰ্ষণ কৰাৰ প্ৰয়াসো তেওঁৰ নাই। এইবোৰ কাৰণতেই বৰ্তমান সময়ত ‘মনাঘাত’ এখন ব্যতিক্ৰমী উপন্যাস।

বৰ্ণালী বৰুৱা

বৰ্ণালী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd