• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০ বছৰৰ পাছত পুনৰ লোকসভাত আস্থা ভোট; মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বাবে সাজু ‘ইণ্ডিয়া’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 25, 2023 3:27 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্সে (ইণ্ডিয়া) সংসদত মণিপুৰৰ হিংসাক লৈ অনিৰ্দিষ্টকালীন বিতৰ্কৰ দাবী জনাই মোডী চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে লোকসভাত অনাস্থা প্ৰস্তাৱ আনিবলৈ সাজু হৈছে। সূত্ৰ অনুসৰি এই ক্ষেত্ৰত আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই উদ্যোগ লৈছে।

উল্লেখ্য যে ২০ বছৰৰ পাছত বিৰোধীয়ে দেশৰ এখন নিৰ্বাচিত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিবলৈ ওলাইছে। ইয়াৰ পূৰ্বে ২০০৩ চনত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে শেষবাৰৰ বাবে অনাস্থা প্ৰস্তাৱ অনা হৈছিল।

মণিপুৰৰ হিংসাক লৈ সংসদৰ ভিতৰত বিৰোধী আৰু চৰকাৰৰ মাজত চলি থকা সংঘাতৰ মাজতে মঙলবাৰে পুৱা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেৰ কাৰ্যালয়ত বিৰোধী দলসমূহৰ সংসদীয় নেতাসকলে এক বৈঠকত মিলিত হৈ সংসদত তেওঁলোকৰ পৰৱৰ্তী কৌশলৰ বিষয়ে আলোচনা কৰে। তাতেই লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

Apply Now

লগতে পঢ়ক: আই আৰ চি টি চিৰ ৱেবছাইটৰ চাৰ্ভাৰ ডাউন; দূৰণীবটীয়া যাত্ৰীয়ে কাটিব পৰা নাই ৰে’লৰ টিকট

এই বৈঠকত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, প্ৰমোদ তিৱাৰী, আম আদমি পাৰ্টিৰ ৰাঘৱ চাড্ডা, তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ব্ৰাইন আদি উপস্থিত থাকে।

সূত্ৰ অনুসৰি ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো পক্ষই অনাস্থা প্ৰস্তাৱ আগবঢ়াবলৈ সন্মতি প্ৰকাশ কৰিছে। হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সংসদত কেনেদৰে ভাষণ দিবলৈ বাধ্য কৰিব পাৰি সেই সন্দৰ্ভত বিভিন্ন বিকল্পৰ ওপৰত আলোচনা হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিৰোধীয়ে ধাৰণা কৰিছে যে এই বিষয়টোৰ ওপৰত চৰকাৰক আলোচনা আৰম্ভ কৰিবলৈ বাধ্য কৰাবলৈ এয়া এক ফলপ্ৰসূ উপায়।

কিন্তু কেৱল লোকসভাতে নহয় বিৰোধী দলসমূহে মণিপুৰ বিষয়ক লৈ ৰাজ্যসভাতো বিজেপি চৰকাৰক কেনেদৰে নিৰস্ত্ৰ কৰিব পাৰি তাৰ কৌশল ৰচনা কৰিছে। উল্লেখযোগ্য যে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে সংসদত বিতং আলোচনা আৰু মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বক্তব্যৰ দাবী জনাইছে।

লগতে পঢ়ক:মণিপুৰত জনগোষ্ঠীয় হিংসাৰ বিৰুদ্ধে আইজলত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ

২০ জুলাইৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। তেতিয়াৰ পৰাই লোকসভা আৰু ৰাজ্যসভা বিৰোধীৰ প্ৰতিবাদ আৰু শ্লোগানেৰে উত্তাল হৈ পৰিছে।

এই সন্দৰ্ভত সংসদীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিব আনক। চৰকাৰে সেইটো লৈ চিন্তিত নহয়। চৰকাৰৰ হাতত পৰ্যাপ্ত সংখ্যা আছে। দৰাচলতে বিৰোধী সাংসদকে ধৰি সমগ্ৰ দেশেই জানে যে এন ডি এৰ লোকসভাত যিমান সাংসদ আছে, তাৰ লগে লগে বিৰোধীৰ হাতত অনাস্থা প্রস্তাৱ উত্থাপন কৰি নৰেন্দ্র মোডী চৰকাৰৰ আসনখন লৰাব পৰাৰ ক্ষমতা নাই৷

দৰাচলতে এই প্ৰস্তাৱ অনাৰ আঁৰৰ বিৰোধীৰ লক্ষ্য হৈছে প্ৰধানমন্ত্ৰীক সংসদত ভাষণ দিবলৈ বাধ্য কৰা। চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ আনিলে ভোটদানৰ আগে আগে সেই প্রস্তাৱটোৰ ওপৰত বিতর্ক হয়৷ চৰকাৰৰ মুৰব্বীগৰাকীয়ে এই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনায়।

২০০৩ চনত কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে অটল বিহাৰী বাজপেয়ী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰি তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্নাণ্ডেছক কেন্দ্ৰীয় কেবিনেটলৈ পুনৰ নিযুক্তি দিয়াৰ প্ৰতিবাদ কৰিছিল। যদিও এই সংখ্যা বাজপেয়ীৰ পক্ষত আছিল, তথাপিও এই অনাস্থা প্ৰস্তাৱক বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰাৰ সুযোগ হিচাপে ব্যৱহাৰ কৰিছিল।

লগতে পঢ়ক:Honda Monkey: নতুন বাইক ১২৫ চিচিৰ হোণ্ডা মাংকি মুকলি; চেহেৰা দেখি লাগিব ভেল্কি!

নিৰ্বাচনত চৰকাৰে সহজ জয় লাভ কৰিছিল। এন ডি এয়ে লাভ কৰে ৩১২টা আৰু বিৰোধীয়ে ১৮৬টা ভোট লাভ কৰে। AIADMK, নেছনেল কনফাৰেন্সে ভোটদানৰ পৰা বিৰত থাকে। মায়াৱতীৰ বহুজন সমাজ পাৰ্টিয়ে চৰকাৰৰ পক্ষত ভোট দিয়ে। ২০১৮ চনত ৱাই এছ আৰ কংগ্ৰেছে মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰিছিল। কিন্তু শেষত বৈঠকৰ কাম-কাজত বাৰে বাৰে ব্যাঘাত জন্মাব পৰাৰ বাবে এই প্রস্তাৱ মানি লোৱা নহ’ল৷

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd