মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা বিৰোধী দল INDIA ৰ সাংসদসকলে ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। দেওবাৰে পুৱা বিৰোধী শিবিৰৰ ২১ জন সাংসদ মণিপুৰৰ ৰাজভৱনলৈ গৈ ৰাজ্যপালক সাক্ষাৎ কৰে। তেওঁলোকে দাখিল কৰা স্মাৰক পত্ৰখনত বিজেপি চৰকাৰক অতি কঠোৰ ভাষাৰে সমালোচনা কৰা হৈছে।
স্মাৰক পত্ৰত বিৰোধী দলৰ সাংসদ সকলে মণিপুৰৰ পৰিস্থিতি অধিক বেয়া হৈ গৈ আছে বুলি উল্লেখ কৰে। স্মাৰক পত্ৰখনত দাবী কৰা হৈছে যে মণিপুৰৰ সাহায্য শিবিৰসমূহ অত্যন্ত অস্বাস্থ্যকৰ। এটা এটা ডাঙৰ কোঠাত ৪০০-৫০০ লোকক ৰখা হৈছে। ৰাজ্য চৰকাৰে কেৱল চাউল-দালিহে যোগান ধৰিছে। কিন্তু কণমানিবোৰৰ খাবলৈ একো নাই। শিশুবোৰৰ বাবে বিশেষ ব্যৱস্থা কৰাৰ প্ৰয়োজন।
লগতে পঢ়ক: এটা অভাৰত ৭ টা ছয়, ৪৮ ৰাণ! বিধ্বংসী বেটিঙেৰে বলাৰক কন্দুৱাই অভিলেখ গঢ়িলে এগৰাকী অখ্যাত বেটাৰে
বিৰোধীয়ে দাবী কৰিছে যে বিগত ৮৯ দিন ধৰি প্ৰধানমন্ত্ৰীয়ে মণিপুৰক লৈ যিদৰে মৌনতা অৱলম্বন কৰিছে, তাৰ পৰাই মণিপুৰক লৈ তেওঁৰ মানসিকতা কি সেয়া বুজা যায়।
প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়া অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে, মণিপুৰৰ দুৰ্দশাৰ বিষয়ে আমি ৰাজ্যপালক অৱগত কৰিছো। আমাৰ কথাত তেওঁৱো একমত। ৰাজ্যপালে বিচাৰে চৰকাৰে সকলোৰে লগত কথা পাতক। তেওঁ সকলো দলকে লৈ এটা প্ৰতিনিধি দল গঠন কৰি মণিপুৰলৈ অহাৰ প্ৰস্তাৱ আগবঢ়ায় আৰু সকলো সম্প্ৰদায়ৰ মানুহৰ সৈতে কথা পতাৰ প্ৰস্তাৱ দিছে।”
চৌধুৰীয়ে কয় যে ৰাজ্যৰ স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে তেওঁলোকে ৰাজ্যপালক শীঘ্ৰে ব্যৱস্থা ল’বলৈ দাবী জনাইছে৷
লগতে পঢ়ক: আৰ টি আইৰ আবেদনৰ ৪০ হাজাৰ পৃষ্ঠাৰ উত্তৰ! এক গাড়ী তথ্য লৈ ঘৰলৈ উভতিল ব্যক্তি
উল্লেখ্য যে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিনিধি দলটো শনিবাৰে পুৱা দিল্লীৰ পৰা মণিপুৰ অভিমুখে ৰাওনা হৈছিল। দিনৰ প্ৰায় বাৰ বজাত ইম্ফল পোৱাৰ লগে লগে দলটো দুটা ভাগত বিভক্ত হয়। এটা অঞ্চলৰ পৰা অহা যান-বাহন আন এলেকাত প্ৰৱেশ কৰিব নোৱাৰে। সেইবাবেই কেৱল হেলিকপ্টাৰেই ভৰসা। কিন্তু মাত্ৰ এখন হেলিকপ্টাৰহে পোৱা যায়।
এটা দলে পাহাৰীয়া অঞ্চলৰ সংখ্যাগৰিষ্ঠ কুকিসকলক দেখা কৰে। আনটো দলে উপত্যকাত মেইটেই সম্প্ৰদায়ক দেখা কৰে। উপত্যকাৰ ইম্ফলৰ পৰা পাহাৰৰ চুৰাচান্দপুৰলৈকে – প্ৰতিনিধি দল দুটা সকলোতে গৈছিল। সাহায্য শিবিৰত থকা মহিলা আৰু শিশুৰ কৰুণ অৱস্থা দেখি তেওঁলোক স্তম্ভিত হৈ পৰে।
লগতে পঢ়ক: এতিয়াৰে পৰা হোৱাটছএপত প্ৰেৰণ কৰিব পাৰিব ভিডিঅ’ মেছেজ; কেনেদৰে কৰিব ব্যৱহাৰ?
দেওবাৰে পুৱা মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিনিধি দলে। আজি দিনত তেওঁলোকে আৰু কিছু স্থানীয় লোকৰ লগত কথা পাতিব।