জীৱনৰ লক্ষ্য স্থিৰ হ’লে বাটত কোনো বাধা নাথাকে। সেই কথা প্ৰমাণ কৰিলে বিশ্ববিখ্যাত চেফ বিকাশ খান্নাই। এতিয়া তেওঁৰ ৰন্ধন প্ৰণালী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামালৈকে সকলোৰে প্ৰিয়।
বিকাশ খান্না বিশ্ববিখ্যাত চেফ হোৱাৰ কাহিনী জানো আহক। বিকাশ খান্নাৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৪ নৱেম্বৰত অমৃতসৰত। তেওঁৰ পিতৃ দেৱীন্দৰ খান্নাৰ এখন ভিডিঅ’ কেছেট ভাড়াৰ দোকান আছিল। বিকাশৰ জন্মৰ পৰাই ক্লাবফুটৰ সমস্যা আছিল। যাৰ বাবে তেওঁ ভালদৰে খোজ কাঢ়িবও নোৱাৰিলে, দৌৰিবও নোৱাৰিলে। ১৩ বছৰ বয়সলৈকে তেওঁৰ এই সমস্যা আছিল। সেইবাবেই সৰুৰে পৰা নিজকে ঘৰতে বেছিকৈ ৰাখিছিল।
ঘৰত তেওঁ বেছিভাগ সময় আইতাকৰ লগত পাকঘৰতে কটায়। ইয়াৰ পিছত তেওঁ কিশোৰ অৱস্থাৰ পৰাই ৰন্ধা-বঢ়া আৰম্ভ কৰিলে। তাৰ পিছত বিকাশে ১৭ বছৰ বয়সত কেটাৰিং ব্যৱসায় আৰম্ভ কৰে। মাকৰ লগত মিলি চহৰৰ বিভিন্ন বিদ্যালয়ৰ সন্মুখত হাতেৰে বনোৱা চোলে-ভাতুৰ বিক্ৰী কৰিবলৈ ধৰিলে।
তেওঁ স্কুল শেষ কৰি হোটেল মেনেজমেণ্টৰ পঢ়া-শুনা কৰিবলৈ বাংগালুৰুলৈ যায়। কিন্তু তাতো তেওঁৰ ইংৰাজী জ্ঞানৰ অভাৱে বাধাৰ সৃষ্টি কৰিছিল। কিন্তু সকলো বাধা অতিক্ৰম কৰি বিকাশে ১৯৯১ চনত হোটেল মেনেজমেণ্টত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ বিদেশলৈ যায়। নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কুলিনেৰী ইনষ্টিটিউট অৱ আমেৰিকাত অধ্যয়ন সম্পূৰ্ণ কৰে।
কিন্তু তেতিয়াও বিকাশে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ২০০৮ চনত পেৰিছৰ এখন ৰেষ্টুৰেণ্টত ডিচৱাছাৰ হিচাপেও কাম কৰিবলগীয়া হৈছিল। সকলো বাধা অতিক্ৰম কৰি তেওঁ ২০১০ চনত নিউয়ৰ্কৰ অভিজাত অঞ্চল মানহাটানত এখন ৰেষ্টুৰেণ্ট খুলিছিল। পিছৰ বছৰত তেওঁৰ ৰেষ্টুৰেণ্ট আৰু তেওঁ ‘মিচেলিন ষ্টাৰ’ উপাধি লাভ কৰে।
অৱশ্যে বিকাশে নিজকে কেৱল চেফ হিচাপে সীমাবদ্ধ কৰি ৰখা নাছিল। ‘মাষ্টাৰচেফ ইণ্ডিয়া’ত আয়োজক আছিল খান্না। বাৰাণসী আৰু বৃন্দাবনৰ বিধৱাৰ কাহিনীৰ ওপৰত তেওঁ এখন চিনেমা নিৰ্মাণ কৰিছিল।
তেখেতে বহু সামাজিক কাম-কাজতো জড়িত। তেওঁৰ জন্মভূমি পঞ্জাৱ গুৰদ্বাৰাত বিনামূলীয়াকৈ লাংগাৰ প্ৰদান কৰে।