মণিপুৰৰ পাছতে অন্য এক বিজেপি শাসিত ৰাজ্য হাৰিয়ানা সাম্প্ৰদায়িক সংঘৰ্ষত ৰক্তাক্ত হৈ পৰিছে। ইতিমধ্যে ছগৰাকীকৈ লোকে এই ৰক্তাক্ত সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু বৰণ কৰিছে।
হিংসা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ হাৰিয়ানাৰ বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে জনতাক কাতৰভাৱে শান্তিৰ আহ্বান জনাই কয় যে ৰাজ্যৰ সকলোকে সুৰক্ষা দিয়াটো তেওঁৰ বাবে সম্ভৱ নহয়।
ইফালে ৰাজ্যজুৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা কৰা আৰু ছয়জন লোকৰ প্ৰাণ লোৱাৰ মূল অভিযুক্ত মনু মানেছাৰ এতিয়া পলাতক। মুখ্যমন্ত্ৰী খট্টৰে কয় যে পেলোৱা হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ মূল অভিযুক্ত মনু মানেছাৰৰ বৰ্তমানৰ অৱস্থান সম্পৰ্কে তেওঁৰ চৰকাৰৰ হাতত কোনো তথ্য নাই।
আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী খট্টৰে কয় যে মানেছৰৰ বিৰুদ্ধে ৰাজস্থান চৰকাৰে গোচৰ দাখিল কৰিছে। “মই ৰাজস্থান চৰকাৰক কৈছো যে যদি তেওঁক বিচাৰি উলিয়াবলৈ সহায়ৰ প্ৰয়োজন হয়, তেন্তে আমি সহায় কৰিবলৈ সাজু। এতিয়া ৰাজস্থান আৰক্ষীয়ে তেওঁক বিচাৰি আছে। তেওঁৰ অৱস্থান সম্পৰ্কে আমাৰ হাতত কোনো তথ্য নাই।” মুখ্যমন্ত্ৰী খট্টৰে কয়।
মুখ্যমন্ত্ৰী খাট্টৰে লগতে কয় যে চিচিটিভিৰ ফুটেজৰ ভিত্তিত ১১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৯০ জন লোকক আটক কৰা হৈছে।
উল্লেখ্য যে ৰাজস্থানৰ যোধপুৰৰ দুজন লোকক হত্যা কৰাৰ অপৰাধত বিচাৰি থকা মনু মানেছাৰ ফেব্ৰুৱাৰী মাহৰ পৰা পলাতক বুলি কোৱা হৈছে। কিন্তু পলাতক বুলি কোৱা এইগৰাকী মনু মানেছাৰে আপত্তিজনক ভিডিঅ’ প্ৰচাৰ কৰা একাংশ লোকক হিংসাৰ বাবে প্ৰৰোচিত কৰা বুলি অভিযোগ উত্থাপন হৈছে।
ইফালে বিশ্ব হিন্দু পৰিষদে নুহত অনুষ্ঠিত ধৰ্মীয় শোভাযাত্ৰাত তেওঁক দেখা পোৱা বুলি বাতৰি উলাইছে। তেওঁৰ উপস্থিতিতে একাংশ লোকে শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰি তাৰ নুহত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি প্ৰকাশ পাইছে। এই সাম্প্ৰদায়িক হিংসাৰ মাজতে সোমবাৰে মাজনিশাৰ এটা মছজিদ আৰু এশৰো অধিক বাহনত অগ্নি কৰি সংযোগ আৰু ভাঙি ক্ষতিগ্ৰস্ত কৰা হয়।
এই হিংসাই সোমবাৰে দিল্লীৰ সমীপৱৰ্তী গুৰুগাঁও অভিজাত অঞ্চলৈকে বিয়পি পৰে। গুৰগাঁৱলৈ হিংসা বিয়পি পৰাৰ পাছতে সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে।
গুৰুগাঁৱত আৰম্ভণিতে বৃহৎ সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু সোমবাৰে ২০০ জনীয়া গোট এটাই হাই এলাৰ্ট উলংঘা কৰি এখন আৱাসিক এলেকাৰ দোকান পোহাৰ অগ্নি সংযোগ কৰাৰ বাতৰিও পোৱা গৈছে। প্ৰশাসনে অগ্নিসংযোগৰ ঘটনা ৰোধ কৰাৰ বাবে পেট্ৰল-ডিজেলৰ বিক্ৰী নিষিদ্ধ কৰিছে।
ইফালে এই সাম্প্ৰদায়িক হিংসাই ৰাজধানী দিল্লীকো স্পৰ্শ কৰিছে। মংগলাৰে সোঁপন্থী বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে সমগ্ৰ দিল্লীত প্ৰতিবাদী সমদল কৰি ব্যাপক যান-জঁটৰ সৃষ্টি কৰে।