• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“সকলোকে সুৰক্ষা দিয়া সম্ভৱ নহয়” : নিঃসহায় বিজেপি মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি!

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
August 2, 2023 7:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ পাছতে অন্য এক বিজেপি শাসিত ৰাজ্য হাৰিয়ানা সাম্প্ৰদায়িক সংঘৰ্ষত ৰক্তাক্ত হৈ পৰিছে। ইতিমধ্যে ছগৰাকীকৈ লোকে এই ৰক্তাক্ত সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু বৰণ কৰিছে।  

হিংসা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ হাৰিয়ানাৰ বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে জনতাক কাতৰভাৱে শান্তিৰ আহ্বান জনাই কয় যে ৰাজ্যৰ সকলোকে সুৰক্ষা দিয়াটো তেওঁৰ বাবে সম্ভৱ নহয়।

ইফালে ৰাজ্যজুৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা কৰা আৰু ছয়জন লোকৰ প্ৰাণ লোৱাৰ মূল অভিযুক্ত মনু মানেছাৰ এতিয়া পলাতক। মুখ্যমন্ত্ৰী খট্টৰে কয় যে পেলোৱা হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ মূল অভিযুক্ত মনু মানেছাৰৰ বৰ্তমানৰ অৱস্থান সম্পৰ্কে তেওঁৰ চৰকাৰৰ হাতত কোনো তথ্য নাই।

Apply Now

আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী খট্টৰে কয় যে মানেছৰৰ বিৰুদ্ধে ৰাজস্থান চৰকাৰে গোচৰ দাখিল কৰিছে। “মই ৰাজস্থান চৰকাৰক কৈছো যে যদি তেওঁক বিচাৰি উলিয়াবলৈ সহায়ৰ প্ৰয়োজন হয়, তেন্তে আমি সহায় কৰিবলৈ সাজু। এতিয়া ৰাজস্থান আৰক্ষীয়ে তেওঁক বিচাৰি আছে। তেওঁৰ অৱস্থান সম্পৰ্কে আমাৰ হাতত কোনো তথ্য নাই।” মুখ্যমন্ত্ৰী খট্টৰে কয়।

মুখ্যমন্ত্ৰী খাট্টৰে লগতে কয় যে চিচিটিভিৰ ফুটেজৰ ভিত্তিত ১১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৯০ জন লোকক আটক কৰা হৈছে।

উল্লেখ্য যে ৰাজস্থানৰ যোধপুৰৰ দুজন লোকক হত্যা কৰাৰ অপৰাধত বিচাৰি থকা মনু মানেছাৰ  ফেব্ৰুৱাৰী মাহৰ পৰা পলাতক বুলি কোৱা হৈছে। কিন্তু পলাতক বুলি কোৱা এইগৰাকী মনু মানেছাৰে আপত্তিজনক ভিডিঅ’ প্ৰচাৰ কৰা একাংশ লোকক হিংসাৰ বাবে প্ৰৰোচিত কৰা বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে বিশ্ব হিন্দু পৰিষদে নুহত অনুষ্ঠিত ধৰ্মীয় শোভাযাত্ৰাত তেওঁক দেখা পোৱা বুলি বাতৰি উলাইছে। তেওঁৰ উপস্থিতিতে একাংশ লোকে শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰি তাৰ নুহত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি প্ৰকাশ পাইছে। এই সাম্প্ৰদায়িক হিংসাৰ মাজতে সোমবাৰে মাজনিশাৰ এটা মছজিদ আৰু এশৰো অধিক বাহনত অগ্নি কৰি সংযোগ আৰু ভাঙি ক্ষতিগ্ৰস্ত কৰা হয়।

এই হিংসাই সোমবাৰে দিল্লীৰ সমীপৱৰ্তী গুৰুগাঁও অভিজাত অঞ্চলৈকে বিয়পি পৰে। গুৰগাঁৱলৈ হিংসা বিয়পি পৰাৰ পাছতে সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে।

গুৰুগাঁৱত আৰম্ভণিতে বৃহৎ সমাৱেশত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু সোমবাৰে ২০০ জনীয়া গোট এটাই হাই এলাৰ্ট উলংঘা কৰি এখন আৱাসিক এলেকাৰ দোকান পোহাৰ অগ্নি সংযোগ কৰাৰ বাতৰিও পোৱা গৈছে। প্ৰশাসনে অগ্নিসংযোগৰ ঘটনা ৰোধ কৰাৰ বাবে পেট্ৰল-ডিজেলৰ বিক্ৰী নিষিদ্ধ কৰিছে।

ইফালে এই সাম্প্ৰদায়িক হিংসাই ৰাজধানী দিল্লীকো স্পৰ্শ কৰিছে। মংগলাৰে সোঁপন্থী বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে সমগ্ৰ দিল্লীত প্ৰতিবাদী সমদল কৰি ব্যাপক যান-জঁটৰ সৃষ্টি কৰে।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd