ভেনিজুৱেলাৰ সৌন্দৰ্য্যৰ ৰাণী আৰিয়ানা ভিয়েৰাই আৰু যুঁজ দিব নোৱাৰিলে। গাড়ী দুৰ্ঘটনাৰ পিছত চিকিৎসালয়ত তেওঁ মৃত্যুৰ সৈতে যুঁজ দিছিল যদিও শেষ ৰক্ষা নহ’ল। মাত্ৰ ২৬ বছৰ বয়সতে তেওঁ জীৱনৰ পৰা বিদায় মাগিলে।
যোৱা ১৩ জুলাইত অৰলেণ্ডোত তেওঁৰ গাড়ীখনে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। কোৱা হৈছিল, দুৰ্ঘটনাৰ সময়ত তেওঁ শুই পৰিছিল।
দুৰ্ঘটনাৰ ১০ দিন পিছত ভেনিজুৱেলাৰ এটা টেলিভিছন চেনেলৰ আগত মিছ ভিয়েৰাৰ মাতৃয়ে কয় যে তেওঁৰ কন্যা অতি ভাগৰুৱা হৈ পৰিছিল আৰু নোনা হ্ৰদৰ ওচৰত গাড়ী চলাই থাকোঁতে টোপনি আহি গৈছিল।
লগতে পঢ়ক: চিকিৎসাৰ বাবে কোটি কোটি টকা ধাৰ লৈছে সামান্থাই! আৰ্থিক সংকটত ভুগিছে নায়িকা?
কিন্তু জানিব পৰা মতে, মডেল তথা ভেনিজুৱেলাৰ বিউটি কুইন মিছ ভেনিজুৱেলা আৰিয়ানা ভিয়েৰা লাহে লাহে সুস্থ হৈ উঠিছিল, যদিও শেষ ৰক্ষা নহ’ল। তেওঁৰ হাৰ্ট এটেক হৈছিল। তাতেই মৃত্যুক সাৱটি ল’লে।
দীৰ্ঘদিনৰ মডেল আৰিয়ানা শেহতীয়াকৈ মিছ ভেনিজুৱেলা হিচাপে নিৰ্বাচিত হৈছিল। অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া মিছ লেটিন আমেৰিকা প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু সেইটো আৰু নহ’ল।
মিছ ভিয়েৰাৰ মৃত্যুক লৈ ছ’চিয়েল মিডিয়াত বহু চৰ্চা চলিছে। মাত্ৰ দুমাহৰ আগতে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ভিডিঅ’ প্ৰস্তুত কৰা কথাটো ব্যাপকভাৱে চৰ্চিত হৈছে!
লগতে পঢ়ক: মাতৃ হৈ ভাল পায়, সেয়ে গৰ্ভ ভাড়াত দিয়াটো এতিয়া ‘নিচা’ হৈ পৰিছে এই যুৱতীৰ
ভিয়েৰাৰ পিতৃ পেৰুত থাকে। কন্যাৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ মানৱীয় ভিছাৰ বাবে আবেদন জনাইছে।