আদালতত নিজকে নিৰ্দোষী বুলি দাবী কৰিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁৰ বিৰুদ্ধে ২০২০ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সলনি কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উঠিছে। যিকোনে প্ৰকাৰে জো বাইডেনক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল।
বৃহস্পতিবাৰে ট্ৰাম্পে এই গোচৰৰ শুনানিৰ বাবে ৱাশ্বিংটন ডিচিৰ আদালতত হাজিৰ হয়। আধা ঘণ্টা ধৰি চলে শুনানি। ভাৰতীয় মূলৰ আমেৰিকান দণ্ডাধীশ বিচাৰক মক্সিলা উপাধ্যায়ৰ আগত ট্ৰাম্পে কয় যে ‘মই দোষী নহয়’। দণ্ডাধীশ বিচাৰক মক্সিলা উপাধ্যায়ে কয় যে এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২৮ আগষ্টত স্থানীয় সময় অনুসৰি পুৱা ১০ বজাত হ’ব।
লগতে পঢ়ক: আৰক্ষী বিষয়া নিহত, অস্ত্ৰভাণ্ডাৰ লুট; জনতা-সেনাৰ সংঘৰ্ষই পুনৰ উত্তপ্ত কৰি তুলিছে মণিপুৰ
২০২০ চনৰ নিৰ্বাচনত জো বাইডেনৰ জয় নিশ্চিত হোৱাৰ লগে লগে তেওঁৰ সমৰ্থকসকলে অগণতান্ত্ৰিকভাৱে ট্ৰাম্পক ক্ষমতাত ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে আমেৰিকাৰ কেপিটেল অৰ্থাৎ আমেৰিকাৰ সংসদত আক্ৰমণ চলায়। সেই সময়ত আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত নিৰ্বাচনী কলেজ গণনা চলি আছিল। সেই প্ৰক্ৰিয়া বন্ধ কৰাৰ চেষ্টা কৰা হয়। ইয়াৰ ঠিক আগতেই তেওঁ সমৰ্থকসকলৰ আগত এক উত্তেজক ভাষণ দিছিল।
২০২১ চনৰ ৬ জানুৱাৰীত বিশেষ অধিবক্তা জেক স্মিথে নিৰ্বাচনৰ ফলাফল বাতিল কৰাৰ বাবে ট্ৰাম্পে কৰা প্ৰচেষ্টাৰ তদন্ত আৰম্ভ কৰে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে দেশখনক প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ, আমেৰিকাৰ নাগৰিকৰ ভোটাধিকাৰ আৰু ভোট গণনাত হস্তক্ষেপ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে।
কিন্তু ট্ৰাম্পক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। তেওঁৰ ভ্ৰমণৰ ক্ষেত্ৰতো কোনো বাধা আৰোপ কৰা হোৱা নাই। অৱশ্যে কেইবাটাও চৰ্ত সাপেক্ষে তেওঁক মুকলি কৰি দিয়া হয়। ইয়াৰে এটা হ’ল যে তেওঁৰ লগত অধিবক্তা নাথাকিলে গোচৰৰ কোনো সাক্ষীৰ সৈতে তেওঁ এই গোচৰৰ আলোচনা কৰিব নোৱাৰে। ইয়াৰ পূৰ্বে এগৰাকী পৰ্ণ তাৰকাক মুখ বন্ধ ৰাখিবলৈ ধন দিয়াৰ অভিযোগত ট্ৰাম্পক দোষী সাব্যস্ত কৰা হৈছিল।
লগতে পঢ়ক: অথলে গ’ল ৰিয়ান পৰাগৰ দৰ্শনীয় প্ৰদৰ্শন! দেওধৰ ট্ৰফীত ইষ্ট জ’নক পৰাস্ত কৰি চেম্পিয়ন ছাউথ জ’ন
বৃহস্পতিবাৰৰ শুনানিৰ শেষত ভাৰ্জিনিয়াৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰত সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে ‘’আমেৰিকাৰ বাবে এইটো অতি দুখজনক দিন। ই ৰাজনৈতিক বিৰোধীৰ ওপৰত অত্যাচাৰৰ বাহিৰে আন একো নহয়। আমেৰিকাত এনেকুৱা হোৱাৰ কথা নাছিল।”





