পশ্চিম বংগৰ এখন হোটেলৰ কোঠাত উদ্ধাৰ হৈছে ধনিয়াখালীৰ নৱনিযুক্ত বিজেপি মণ্ডল সভাপতিৰ মৃতদেহ। জানিব পৰা মতে বিজেপিৰ নেতাগৰাকীৰ নাম সুদীপ ঘোষ।
সূত্ৰ অনুসৰি তেওঁ দুদিন পূৰ্বে কল্যাণীৰ এখন ব্যক্তিগত হোটেলত এটা কোঠা ভাড়াত লৈছিল। ইফালে আজি পুৱা হোটেলখনত উদ্ধাৰ হয় তেওঁৰ ওলমি থকা মৃতদেহ।
ওলমি থকা মৃতদেহটো দেখাৰ পিছত তৎকালীনভাৱে উদ্ধাৰ কৰি জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও তাত থকা চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
কল্যাণী থানাৰ আৰক্ষীয়ে মৃত্যুৰ কাৰণ সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। বিজেপি নেতাগৰাকীৰ পিতৃ সুফলচন্দ্ৰ ঘোষে কয় যে বৃহস্পতিবাৰে সুদীপে দলৰ কাৰ্যসূচীত যোগদান কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল। শুকুৰবাৰেও পিতৃয়ে পুত্ৰৰ সৈতে কথা পাতিছিল। পিতৃক সুদীপে শনিবাৰে ঘৰলৈ ঘূৰি আহিব বুলি কৈছিল।
আজি পুৱা কল্যাণী আৰক্ষী থানাৰ পৰা ঘৰলৈ আহিছিল সুদীপৰ মৃত্যুৰ খবৰ। অৱশ্যে বিজেপিত যোগদান কৰাৰ সময়ত সুদীপে বহু সময়ত বিভিন্ন ভাবুকিৰ সন্মুখীন হোৱা বুলিও তেওঁৰ পিতৃয়ে অৱগত কৰে।
বিজেপিৰ হুগলীৰ সাংগঠনিক জিলা সভাপতি তুষাৰ মজুমদাৰে কয়, ‘তেওঁৰ মৃত্যুক লৈ যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে। মই ভাবো ইয়াৰ আঁৰত এটা ষড়যন্ত্ৰ আছে। থানাত এজাহাৰ দাখিল কৰা হৈছে। মৃত্যুৰ সঠিক কাৰণ জানিবলৈ সকলো প্ৰচেষ্টা চলোৱা হ’ব।”
লগতে পঢ়কঃ অনুসূচীত জনজাতিৰ মৰ্যাদা বিচাৰি পুনৰ আন্দোলনৰ হুংকাৰ চুতীয়া সংগঠনৰ; বিজেপিক সকীয়নি
লগতে পঢ়কঃমানসত উদ্ধাৰ গঁড়ৰ কংকাল: চোৰাংচিকাৰৰ সন্দেহ স্থানীয় ৰাইজৰ
লগতে পঢ়কঃ গৰু বেপাৰীৰ ঘোচ খাই চাকৰি গ’ল নগাঁৱৰ আৰক্ষী বিষয়াৰ